যিহি 23:1-49 1. যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2. “হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক। 3. তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল। 4. তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম। 5. কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী, 6. নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল! 7. সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে। 8. কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল। 9. এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ! 10. তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে। 11. তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল! 12. অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল। 13. আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে। 14. তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে, 15. তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়। 16. যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে। 17. তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল। 18. এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে, তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল! 19. তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল! 20. সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল, যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য। 21. তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল। কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ! 22. এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম! 23. বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী। 24. তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব! 25. আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব। 26. তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব। 27. এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’ 28. কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম। 29. তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব! 30. তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব। 31. তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।’ 32. প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে! 33. তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণ হ’বা; সেয়ে তোমাৰ বায়েৰা চমৰিয়াৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ! 34. তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা। কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!। 35. এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।” 36. যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা। 37. কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে! 38. তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে। 39. কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে! 40. তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা। 41. আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা। 42. আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে। 43. তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’ 44. পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে! 45. কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে। 46. সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: মই তেওঁলোকৰ বিৰুদ্ধে সমাজক আনিম আৰু মই তেওঁলোকক ত্ৰাসৰ বিষয় আৰু লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম; 47. তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব। 48. এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব। 49. তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
যিহি 24:1-27 1. পুনৰায় আমাৰ নিৰ্বাসনৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2. “হে মনুষ্য সন্তান, তুমি নিজেই লিখা, এই দিনৰেই নাম লিখা; আজি এই দিনটোতেই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে। 3. তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি ৰন্ধন টৌটো বহোৱা! ঠিক ঠাইত বহোৱা! আৰু তাত পানী বাকি দিয়া! 4. তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া; উত্তম হাড়বোৰেৰে তাক পূৰ কৰা! 5. জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা; তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত থকা হাড়বোৰ সিজক। 6. এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা। 7. কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই, 8. যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তোলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ! 9. এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰি দিম! 10. খৰি দমোৱা! জুই বৰকৈ জ্বলোৱা! মাংস ভালকৈ সিজোৱা, জোল সুস্বাদু হব’লৈ চুৰুহা ডাঠ কৰা! আৰু হাড়বোৰ ভালদৰে পুৰিবলৈ দিয়া! 11. তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহোৱা!’ 12. সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; সেয়ে তাক জুইত দিব লাগে। 13. তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা। 14. মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা। 15. তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 16. “হে মনুষ্য সন্তান, চোৱা! মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপিও তুমি বিলাপ কি ক্ৰন্দন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক। 17. তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।” 18. গতিকে ৰাতিপুৱা মই লোকসকলক এইদৰে কলোঁ আৰু গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল। আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা সেইদৰে কৰিলোঁ। 19. লোকসকলে মোক প্রশ্ন কৰিলে, “তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি? তাক তুমি আমাক নক’বা নে?” 20. তেতিয়া মই তেওঁলোকক ক’লোঁ, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 21. ‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব। 22. তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা: তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা বা শোক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা! 23. বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা। 24. এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!” 25. “কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম - 26. সেই দিনাখন পলাই ৰক্ষা পোৱা এজন লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ আহিব! 27. সেই দিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ’ব - তেতিয়া তুমি আৰু নিৰৱে নাথাকিবা। তুমি আৰু বোবা নহ’বা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ’বা আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
গীত 127:1-5 1. যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা। 2. মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে । 3. সন্তান সকল যিহোৱাই দিয়া আধিপত্য আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ। 4. বীৰৰ হাতত কাঁড়বোৰ যেনে, যুবা সন্তান সকলো তেনে। 5. সেই পুৰুষ সুখী, যিজনৰ কাঁড়েৰে পূর্ণ কাঁড় থোৱা চূঙা থাকে। নগৰৰ দুৱাৰত শত্ৰুবোৰে সৈতে তেওঁ যেতিয়া কথা পাতে, তেওঁ লজ্জিত নহ’ব।
হিতো 28:24-24 24. যি কোনোৱে নিজৰ পিতৃ আৰু মাতৃৰ ধন-সম্পত্তি অপহৰণ কৰি কয়, “এয়া পাপ নহয়,” তেওঁ বিনাশকাৰীৰ সঙ্গী হয়।
ইব্ৰী 11:1-16 1. বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি। 2. কিয়নো তাতেই বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষ সকলে সাক্ষ্য পালে। 3. বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে, সৃষ্টি খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হ’ল; তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ’ল, এনে নহয়। 4. বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে। 5. বিশ্বাসৰ গুণে, হনোকে মৃত্যু নেদেখিবৰ কাৰণে, তেওঁক লোকান্তৰলৈ নিয়া হ’ল; তাতে তেওঁক পোৱা নগ’ল; কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে; কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই, তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে। 6. কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। 7. বিশ্বাসৰ গুণে নোহে, ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্রাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ’ল। 8. ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল। 9. এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল; 10. কিয়নো যি নগৰৰ প্ৰতিস্থাপক আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, সেই ভিত্তিমূল থকা নগৰ বাবে তেওঁ অপেক্ষা কৰি আছিল। 11. বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে; কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসী বুলি জ্ঞান কৰিছিল। 12. এই হেতুকে এজনৰ পৰা, সেই মৃত্যু তুল্য জনৰ পৰাই, লেখত আকাশৰ তৰাবোৰৰ সমান, আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোক উৎপন্ন হ’ল। 13. সেই সকলো বিশ্বাসত মৰিল; তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল। 14. কিয়নো যি সকলে এনেকুৱা কথা কয়, তেওঁলোকে যে নিজ দেশ বিচাৰিছে, ইয়াকে প্ৰকাশ কৰে। 15. তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হ’লে, অৱশ্যে উলটি যাবলৈ সু-সময় পালেহেঁতেন। 16. কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে; এই হেতুকে ঈশ্বৰে, তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হ’বলৈ লাজ নাপায়; কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd