एक साल में बाइबल नवंबर 19যিহি 29:1-211. আমাৰ নিৰ্বাসনৰ দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,2. “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!3. ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”4. কিয়নো মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, আৰু তোমাৰ নীল নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম; মই তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক ওপৰলৈ তুলি আনিম।5. মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম!6. তেতিয়া মই যে যিহোৱা, সেই বিষয়ে মিচৰ সকলো নিবাসীয়ে জানিব, কিয়নো তেওঁলোক ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ!7. যেতিয়া তেওঁলোকে তোমালোকক খামোচ মাৰি ধৰিছিল, তেতিয়া তোমালোকে তেওঁলোকক ভাঙিলা আৰু সকলোৰে কান্ধ ফালিলা; আৰু যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত ভৰ দিছিল, তেতিয়া তুমি তেওঁলোকৰ ভৰি ভাগিলা আৰু তেওঁলোকৰ সকলোৰে কঁকালৰ জোৰা লৰাই তেওঁলোকক অচল কৰিলা।8. এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিৰুদ্ধে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।9. তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।”10. এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।11. মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব!12. ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াসকলক জাতি সমূহৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।13. কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: যি জাতি সমূহৰ মাজত মিচৰীয়াসকলক ছিন্ন-ভিন্ন কৰিছিলোঁ, সেই জাতি সমূহৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত তেওঁলোকক গোটাই আনিম।14. মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ তেওঁলোক লৈ আহিম। তেতিয়া সেই ঠাইত তেওঁলোক এক সামান্য ৰাজ্য হ’ব।15. সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, আৰু আন জাতি সমূহৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু মই তেওঁলোকক হ্ৰাস কৰিম যেন আন জাতি সমূহৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰভুত্ত্ব কৰিব নোৱাৰে।16. তেওঁলোকে কেতিয়াও ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি নহ’ব আৰু মিচৰ পাছত যাবলৈ তেওঁলোকে মুখ কৰা কালত তেওঁলোক অপৰাধ সোঁৱৰণ কৰাওঁতাও আৰু নহ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”17. তাৰ পাছত, আমাৰ নিৰ্বাসনৰ সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,18. “হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবূখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে। সকলোৰে মূৰ টকলা কৰা হ’ল, আৰু সকলোৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ কাৰণে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।19. এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা! মই বাবিলৰ ৰজা নবূখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ ধন লৈ যাব আৰু তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ সকলো বস্তু কাঢ়ি লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব!20. তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম কিয়নো তেওঁলোকে মোৰ অৰ্থে কাৰ্য কৰিলে।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।21. “সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।”যিহি 30:1-261. যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,2. “হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে হাহাকাৰ কৰি কোৱা, ‘হায়, হায়, সেয়ে কেনে দিন হ’ব!’3. কিয়নো সেই দিন ওচৰ! এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন হ’ব, সেয়ে জাতিবোৰৰ বাবে কাল হ’ব।4. তেতিয়া মিচৰৰ বিৰুদ্ধে তৰোৱাল আহিব, আৰু তেতিয়া কুচত যাতনা হ’ব, যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব - তাৰ লোক সমূহক তাৰ পৰা নিয়া হ’ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব।5. কুচ, পূট, লুদ, মিহলি থকা আটাই লোক সমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।6. যিহোৱাই এই কথা কৈছে: “যিসকল মিচৰৰ স্তম্ভস্বৰূপ অর্থাৎ তেওঁলোকৰ ফলিয়া হ’ব, তেওঁলোকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। মিগদোলৰ পৰা চিবেনিলৈকে তেওঁলোকৰ সৈন্য সমূহ তৰোৱালৰ দ্বাৰাই পতিত হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা!7. আৰু ধ্বংস কৰা দেশবোৰৰ মাজত তেওঁলোককো ধ্বংস অৱস্থাত পোৱা লোক হ’ব, আৰু তেওঁলোকৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ’ব।8. যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহায্যকাৰীসকল নষ্ট হ’ব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!9. সেইদিনা নিশ্চিন্তে থকা কুচীয়াসকলক ভয় লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু সেইদিনা মিচৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ’ব। কিয়নো চোৱা! সেয়ে আহিছে!10. প্ৰভু যিহোৱাই এইদৰে কৈছে: “মই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোক সমূহক লুপ্ত কৰিম।11. তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাসকলক, জাতিবোৰৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ’ব; আৰু তেওঁলোকে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াই হত লোকসকলেৰে দেশ পৰিপূৰ্ণ কৰিব।12. মই নদীবোৰ শুকান ঠাই কৰিম, আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম! মই, যিহোৱাই ইয়াক ঘোষণা কৰিলোঁ!”13. প্ৰভু যিহোৱাই এই কথা কৈছে: “মই মূৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম!14. ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম আৰু নো নগৰক দণ্ড দিম।15. আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোক সমূহক উচ্ছন্ন কৰিম।16. তেতিয়া মই মিচৰত জুই লগাম। চীনে যাতনাত ধৰফৰাব, আৰু নো নগৰক ভঙা হ’ব। আৰু প্রতিদিনে শত্ৰূৱে নোফক আক্ৰমণ কৰিব!17. আবনৰ আৰু পী-বেচতৰ ডেকাসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু সেই দুখন নগৰৰ লোকসকল বন্দী অৱস্থালৈ যাব।18. যেতিয়া মই তহ্পন্হেচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ’ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। আৰু তাৰ নিজৰ বিষয়ে হ’লে, এডোখৰ মেঘে তাক ঢাকিব আৰু তাৰ জীয়াৰীসকল বন্দী অৱস্থালৈ যাব।19. এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।20. একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোলৈ আহিল, আৰু ক’লে,21. “হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ। আৰু চোৱা! তৰোৱাল ধৰিবলৈ শক্তি পাবৰ কাৰণে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল।”22. সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মিচৰৰ ৰজা ফৰৌণলৈ! তেওঁৰ বিপক্ষে মই তেওঁৰ বলী ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম।23. আৰু মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।24. মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰৌণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা লোকে কেঁকোৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব।25. আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা শক্তিশালী কৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে ভাঙি পৰিব। তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব, যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম; আৰু ইয়াৰেই তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক আক্রমণ কৰিব।26. মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!”গীত 129:5-85. যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।6. তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, যি নৌ বাঢ়োতেই শুকাই যায়;7. যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।8. বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়, “তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”হিতো 28:27-2727. যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।ইব্ৰী 13:1-251. ভাতৃ-প্ৰেম চলি থাকক।2. আপোনালোকে অতিথি সেৱা নাপাহৰিব; কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই আলহী সুধিলে।3. বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক; নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক।4. সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।5. আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।6. এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?7. আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।8. যীচু খ্ৰীষ্ট কালি, আজি, আৰু চিৰকাললৈকে সেই একে হৈ আছে।9. আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহ’ব; কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহ’ল, সেই আহাৰৰ দ্বাৰাই নহয়, অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷10. যি বেদিত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰা সকলৰ ক্ষমতা নাই, এনে এটি বেদি আমাৰ আছে।11. কিয়নো যি যি প্ৰাণীৰ তেজ পাপৰ বলিদান স্বৰূপে মহা-পুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ নিয়া হয়, সেইবোৰৰ শৰীৰ ছাউনিৰ বাহিৰে পোৰা যায়।12. এই কাৰণে যীচুৱেও, তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ, নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে।13. এতেকে আহক, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ, ছাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁহক।14. কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই; কিন্তু আমি সেই ভাবি নগৰ বিচাৰি আছোঁ।15. এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।16. কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।17. আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক; কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে; এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহ’ব।18. আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব; কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ, আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ;19. কিন্তু মোক যেন পুনৰ অাপোনালোকৰ বাবে সোনকালে দিয়া হয়, এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই অাপোনালোকক অধিক মিনতি কৰিছোঁ।20. শান্তিৰ আঁকৰ যি ঈশ্বৰে, অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবোৰৰ সেই মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;21. তেওঁৰ দৃষ্টিত যি উত্তম, সন্তোষজনক, তাকে আমাৰ যীচু খ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।22. হে ভাই সকল, মই আপোনালোকক উৎসাহিত কৰোঁ, আপোনালোকে এই উদগণিৰ বাক্য সহন কৰিব; কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ।23. আমাৰ ভাই তীমথিয়ক মুকলি কৰা হৈছে, ইয়াকে জানিবা; তেওঁ সোনকালে আহিলে, তেৱেঁ সৈতে মই আপোনালোকক দেখা কৰিবলৈ যাম।24. আপোনালোকে আপোনালোকৰ নায়ক সকলক আৰু সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। ইটালী দেশৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।25. আপোনালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions