যিহি 39:1-29 1. “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তুবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ। 2. আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম। 3. আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম আৰু তোমাৰ সোঁ-হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম। 4. তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম। 5. প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ। 6. ‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব। 7. আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব। 8. প্ৰভু যিহোৱাই কৈছে, চোৱা! সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মই নিজে কোৱা দিন এয়ে। 9. সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীসকলে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁলোকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব। 10. তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব। 11. তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব। 12. আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব। 13. এনে কি, দেশৰ সকলো লোকে তেওঁলোকক পুতিব; প্ৰভু যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ’ব। 14. তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব। 15. আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব। 16. আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব। 17. আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা। 18. তোমালোকে বীৰসকলৰ মাংস খাবা আৰু মতা মেৰ-ছাগ, মেৰ-ছাগ পোৱালি, ছাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্ত পান কৰিবা; তেওঁলোক সকলোৱে বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ। 19. তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা। 20. আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।” 21. তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব। 22. ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব। 23. আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল। 24. তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ। 25. কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম। 26. আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব, 27. যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনি, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব। 28. আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম। 29. আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”
যিহি 40:1-49 1. আমি বাবিলনৰ পৰা দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে। 2. তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইস্ৰায়েল দেশলৈ নি এখন অতিশয় ওখ পৰ্ব্বতত বহুৱালে; তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল। 3. তেতিয়া তেওঁ মোক তালৈ নিলে, আৰু চোৱা, হাতত এগছ শণ সূতাৰ ৰছী আৰু এডাল পৰিমান-নল লোৱা পিতলৰ আভাৰ দৰে আবা থকা এজন পুৰুষ আছিল; তেওঁ বাট-চৰাত থিয় হৈ আছিল। 4. পাছে সেই পুৰুষে মোক ক’লে, “হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ’ল; তুমি যি যি দেখিবা, সেই সকলোকে ইস্ৰায়েল বংশক জনাবা। 5. আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ কাৰণে ছহাত দীঘল এডাল নল আছিল; তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুল; পাছে তেওঁ গড় জুখিলত, ডাঠে এক নল, আৰু ওখই এক নল হ’ল। 6. তেতিয়া তেওঁ পূৱফালে মুখ কৰা বাট-চৰালৈ আহি তাৰ খটখটিয়েদি উঠিল আৰু তেওঁ সেই বাট-চৰাৰ দুৱাৰডলি জুখিলত, বহলে এক নল হ’ল; আৰু এক নল বহল আন দুৱাৰডলিও আছিল। 7. আৰু প্ৰত্যেক প্ৰহৰী কোঁঠালি এক নল দীঘল আৰু এক নল বহল আছিল, আৰু সেই কোঁঠালিবোৰ পাঁচ হাত পাঁচ হাত অন্তৰে আছিল; আৰু গৃহৰ ফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰডলি এক নল আছিল। 8. তেওঁ বাট-চৰাটোৰ গৃহৰ ফাললৈ থকা বাৰাণ্ডা জুখি এক নল পালে। 9. পাছত তেওঁ বাট-চৰাটোৰ বাৰাণ্ডা জুখি আঠ হাত পালে আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ জুখি দুহাত দুহাত পালে আৰু বাট-চৰাটোৰ বাৰাণ্ডা গৃহৰ ফাললৈ আছিল। 10. আৰু সেই পূৱফালৰ বাট-চৰাটোৰ প্ৰহৰী কোঁঠালি এফালে তিনটা আনফালে তিনটা আছিল, সেই তিনিওটা একে জোখৰ; আৰু ইফালে সিফালে থকা, পহৰী কোঁঠালি পৃথক কৰা দেৱালবোৰ একে জোখৰ। 11. পাছে তেওঁ বাট-চৰাটোৰ প্ৰৱেশস্থানৰ প্ৰস্থ জুখি দহ হাত পালে আৰু বাট-চৰাটোৰ দৈৰ্ঘ্য জুখি তেৰ হাত পালে। 12. আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালিৰ আগত ইফালে এশ হাতৰ সিফালে এশ হাতৰ সীমা আছিল আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালি ইফালে ছহাত সিফালে ছহাত আছিল। 13. আৰু তেতিয়া তেওঁ এটা প্ৰহৰী-কোঁঠালিৰ চালৰ পৰা আন চাললৈকে বাট-চৰাটো জুখি পঁচিশ হাত বহল পালে, দুৱাৰ সন্মুখা-সন্মুখি। 14. তেতিয়া তেওঁ বাৰাণ্ডাৰ জোখ থিৰ কৰি বিশ হাত পালে; বাট-চৰাটোৰ কেউফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল। 15. আৰু বাট-চৰাটোৰ প্ৰৱেশস্থানৰ সন্মুখৰ পৰা বাট-চৰাটোৰ গৃহৰ ফালে থকা বাৰাণ্ডাৰ সন্মুখলৈ পঞ্চাশ হাত। 16. প্ৰহৰী–কোঁঠালিবোৰত, বাট-চৰাটোৰ ভিতৰে কেউফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত, আৰু সেইদৰে খিলানবোৰত, চিলিঙি দিয়া খিড়িকি আছিল আৰু সেই খিড়িকি ভিতৰে কেউফালে আছিল আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল। 17. তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নিলে আৰু চোৱা, চোতালখনৰ কেউফালে সজা অনেক কোঁঠালি আৰু শিল পাৰি দিয়া এডোখৰ ঠাই আছিল; সেই ঠাইডোখৰত ত্ৰিশটা কোঁঠালি আছিল। 18. আৰু ঠাইডোখৰ বাট-চৰাকেইটাৰ কাষে কাষে আছিল; সেয়ে বহলে বাট-চৰাকেইটাৰ দীঘলৰ সমান সেয়ে শিলপাৰি দিয়া চাপৰ ঠাই। 19. পাছত তেওঁ তলৰ বাট-চৰাটোৰ সন্মূখৰ পৰা ভিতৰৰ চোতালখনৰ সন্মূখলৈ, বাহিৰে প্ৰস্থ জুখি পূৱ আৰু উত্তৰ দুয়োফালে এশ এশ হাত পালে। 20. পাছত তেওঁ বাহিৰ চোতালখনৰ উত্তৰ ফালে মুখ কৰা বাট-চৰাটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে। 21. তাৰ প্ৰহৰী-কোঁঠালি ইফালে তিনিটা সিফালে তিনিটা আছিল আৰু তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলনিবোৰ প্ৰথম বাট-চৰাটোৰ পৰিমান মতেই; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত। 22. তাৰ খিড়িকিবোৰ, তাৰ খিলনিবোৰ আৰু তাৰ খাজুৰ গছৰ আকৃতিৰ পূৱফালৰ বাট-চৰাটোৰ পৰিমান মতেই; সাতখাপ গৈ তাৰ ওপৰত উঠা যায়; তাৰ খিলনিবোৰ ভিতৰ ফালে আছিল। 23. উত্তৰফালৰ বাট-চৰাটোৰ আৰু পূৱফালৰ বাট-চৰাটোৰ সন্মুখত ভিতৰ চোতালখনৰ বাট-চৰা আছিল; আৰু তেওঁ এটা বাট-চৰাৰ পৰা আন এটা বাট-চৰাটোলৈ জুখি এশ হাত পালে। 24. পাছত তেওঁ মোক দক্ষিণ ফাললৈ নিলে আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাট-চৰা আছিল আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমানতেই পালে। 25. তাত আৰু তাৰ কেউফালে থকা খিলানবোৰত ওপৰে কোৱা খিড়িকিৰ দৰে খিড়িকি আছিল, তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত। 26. তাৰ ওপৰত উঠিবলৈ সাতখাপ আছিল; তাৰ খিলানবোৰ ভিতৰ ফালে আছিল আৰু তাৰ বাৰাণ্ডা ওলাই থকা সন্মুখৰ দুই ভাগত ইফালে সিফালে খাজুৰ গছৰ আকৃতি আছিল। 27. আৰু দক্ষিণ পালে ভিতৰ চোতালখনৰ এটা বাট-চৰা আছিল; তেওঁ এটা বাট-চৰাৰ পৰা আনটোলৈ দক্ষিণ পালে জুখি এশ হাত পালে। 28. পাছে তেওঁ মোক দক্ষিণফালৰ বাট-চৰাইদি ভিতৰ চোতালখনলৈ নিলে আৰু তেওঁ দক্ষিণৰ বাট-চৰা জুখি সেই পৰিমাণমতেই পালে; 29. তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ পৰা ওলাই থকা বাৰাণ্ডাৰ দুই ভাগ, আৰু তাৰ খিলানবোৰ সেই পৰিমাণমতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত। 30. আৰু কেউফালে পঁচিশ হাত দীঘল আৰু পাঁচ হাত বহল খিলানবোৰ আছিল; 31. তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল। 32. পাছত তেওঁ মোক পূৱফাললৈ ভিতৰ চোতালখনৰ মাজলৈ নিলে আৰু বাট-চৰাটো জুখি সেই পৰিমাণতেই পালে। 33. তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; বাট-চৰাটো পঞ্চাশ হাত দীঘল আৰু পঁচিশ হাত বহল। 34. তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল আৰু ইফালে সিফালে তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল। 35. পাছত তেওঁ মোক উত্তৰ বাট-চৰাটোলৈ নিলে আৰু তেওঁ তাক জুখি সেই পৰিমাণমতেই পালে। 36. তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল আৰু কেউফালে তাত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁছিশ হাত আছিল। 37. তাৰ বাৰাণ্ডা বাহিৰ চোতালৰ ফাললৈ আছিল আৰু তাৰ ইফালে সিফালে ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল। 38. প্ৰত্যেক বাট-চৰাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঁঠালি আছিল; তাত হোম-বলি ধোৱা হয়। 39. হোম-বলি, পাপাৰ্থক-বলি আৰু দোষাৰ্থক বলি কাটিবলৈ বাট-চৰাটোৰ বাৰাণ্ডাত ইফালে দুখন সিফালে দুখন মেজ আছিল। 40. আৰু উত্তৰ ফালৰ বাট-চৰাটোৰ প্ৰৱেশস্থানত খটখটিৰ ওচৰত বাহিৰে এফালে দুখন মেজ আছিল আৰু আনফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ দাঁতিত দুখন মেজ আছিল। 41. এইদৰে বাট-চৰাটোৰ ভিতৰত চাৰিখন আৰু বাট-চৰাটোৰ বাহিৰত চাৰিখন মেজ আছিল; বলি কাটিবলৈ সৰ্ব্বমুঠ আঠখন মেজ আছিল। 42. আৰু হোম-বলিৰ অৰ্থে ডেৰ হাত দীঘল, ডেৰ হাত বহল, আৰু এক হাত ওখ, কটাশিলৰ এনে চাৰিখন মেজ আছিল; তাত হোম-বলি আৰু আন আন বলি কটা অস্ত্ৰ ৰখা হয়। 43. আৰু ভিতৰে কেউফালে চাৰি আঙুলিয়া হাঁকোটিবোৰ লগোৱা আছিল আৰু মেজ কেইখনত উৎসৰ্গ কৰি মাংস থোৱা হয়। 44. আৰু ভিতৰ বাট-চৰাটোৰ বাহিৰত উত্তৰ বাট-চৰাটোৰ কাষত ভিতৰ চোতালখনত গায়ন-বায়নসকলৰ কাৰণে কেইটামান কোঁঠালি আছিল, সেইবোৰৰ মুখ দক্ষিণ ফালে; পূৱ বাট-চৰাটোৰ কাষত উত্তৰ ফালে মুখ কৰা এটা কোঁঠালি আছিল। 45. আৰু তেওঁ মোক ক’লে, “দক্ষিণফালে মুখ কৰা এই কোঁঠালিটো গৃহ ৰক্ষক পুৰোহিতসকলৰ কাৰণে। 46. আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতসকলৰ কাৰণে; তেওঁলোক চাদোকৰ সন্তান; লেবীৰ সন্তান সকলৰ মাজৰ পৰা তেওঁলোকেই যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে। 47. আৰু তেওঁ চোতালখন জুখি এশ হাত দীঘল আৰু এশ হাত বহল পালে, সেয়ে চাৰিওফালে সমান; যজ্ঞ-বেদিটো গৃহৰ আগত আছিল। 48. পাছত তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি, সেই বাৰণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি, ইফালে পাঁচ হাত সিফালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত আনফালে তিনি হাত পালে। 49. বাৰাণ্ডাৰ দৈৰ্ঘ্য বিশ হাত আৰু প্ৰস্থ বাৰ হাত আছিল আৰু তালৈ উঠিব পৰা খটখটী আছিল; আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত এফালে এটা স্তম্ভ আৰু আনফালে এটা স্তম্ভ আছিল।
গীত 132:10-18 10. তোমাৰ দাস দায়ুদৰ কাৰণে তোমাৰ অভিষিক্ত ৰজাক তুমি বিমুখ নকৰিবা।” 11. যিহোৱাই দায়ুদৰ আগত নিশ্চিত ৰূপে এই শপত খালে, তেওঁ তাৰ পৰা কেতিয়াও বিচলিত নহ’ব; “তোমাৰ ঔৰসত জন্মা সন্তান সকলৰ এজনক মই তোমাৰ সিংহাসনত বহুৱাম। 12. তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।” 13. কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে; 14. তেওঁ ক’লে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান; মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ। 15. মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম, 16. মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ ধ্বনি কৰিব। 17. তাতে মই দায়ুদৰ বংশৰ পৰা এজনক মহান ৰজা পাতিলো, মই সংৰক্ষণৰ কাৰণে মোৰ নিৰ্বাচিত এজনক ৰজা স্বৰূপে নিযুক্ত কৰিলোঁ । 18. মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব। ”
হিতো 29:5-5 5. যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে, তেওঁ নিজৰ ভৰিলৈ জাল পাতে।
যাকোব 5:1-20 1. এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক । 2. আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল। 3. আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে। 4. চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে। 5. আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে। 6. যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে। 7. এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে। 8. তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি। 9. হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে। 10. হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব। 11. চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু। 12. কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক। 13. আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক। 14. কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক; 15. তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব। 16. এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট। 17. এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল। 18. পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে। 19. হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে, 20. তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd