एक साल में बाइबल नवंबर 27যিহি 45:1-251. ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি-খেলৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।2. তাৰে পাঁচ শ হাত দীঘল আৰু পাঁচ শ হাত বহল চাৰিওঁফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ কাৰণে থাকিব আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ কাৰণে কেউপিনে পঞ্চাশ হাত থাকিব।3. আৰু তুমি সেই পৰিমিত অংশৰ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ জুখিবা আৰু তাত পবিত্ৰ ধৰ্মধাম হ’ব।4. সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব।5. বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াসকলৰ আধিপত্যৰ অৰ্থে হ’ব।6. আৰু উপহাৰ স্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে, পাঁচহাজাৰ হাত দীঘল এডোখৰ ঠাই নগৰখনৰ আধিপত্য, তোমালোকে নিৰূপণ কৰিবা; সেয়ে ইস্ৰায়েলৰ সমুদায় বংশৰ কাৰণে হ’ব।7. পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে, পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত, পশ্চিমফালৰ পশ্চিমদিশে আৰু পূৱফালৰ পূৱদিশে অধিপতিজনৰ ভাগ হ’ব; আৰু সেই ভাগ দীঘলে পশ্চিম সীমাৰ পৰা পূৱসীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ’ব।8. দেশত ইস্ৰায়েলৰ মাজত সেয়ে তেওঁৰ আধিপত্যৰ অৰ্থে হ’ব; আৰু মোৰ অধিপতিসকলে মোৰ প্ৰজাসকলক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইস্ৰায়েল-বংশৰ ফৈদ অনুসাৰে তেওঁলোকক দেশ দিব।9. প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা।10. ‘তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা আৰু ন্যায় বৎ হ’ব লাগে।11. বতত এক হোমৰৰ দহ ভাগৰ এভাগ আৰু ঐফাত এক হোমৰৰ দহ ভাগৰ এভাগ ধৰিবৰ কাৰণে ঐফা আৰু বৎ একে পৰিমাণৰ হ’ব; তাৰ পৰিমাণ হোমৰ অনুসাৰে হ’ব।12. আৰু চেকলত বিশ গেৰা থাকিব; তোমালোকৰ মানিত বিশ চেকল, পঁচিশ চেকল, পোন্ধৰ চেকল থাকিব।13. তোমালোকে দিব লগীয়া উপহাৰ এই। তোমালোকে এক হোমৰ ঘেঁহুধানৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ আৰু এক হোমৰ যৱৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ দিবা।14. আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে।15. আৰু প্ৰভু যিহোৱাই কৈছে, লোকসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।’16. দেশৰ সকল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।17. আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’18. প্ৰভু যিহোৱাই এই কথা কৈছে: ‘প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিৰ্ঘূণী ভতৰা লৈ ধৰ্ম ধামক পাপৰ পৰা মুক্ত কৰিবা।19. পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চৰাটোৰ দুৱাৰৰ খুটাত লগাব।20. আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।21. প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ-পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব।22. সেই দিনা অধিপতিজনে নিজৰ কাৰণে আৰু দেশৰ আটাই প্ৰজাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব।23. আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।24. আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰ-ছাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।25. সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব; তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।’যিহি 46:1-241. প্ৰভু যিহোৱাই এই কথা কৈছে: ‘পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব।2. আৰু অধিপতিজন বাহিৰৰ পৰা বাট-চৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাট-চৰাটোৰ দুৱাৰৰ খুটাৰ ওচৰত থিয় হ’ব আৰু পুৰোহিতসকলে তেওঁৰ হোম-বলি ও মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব আৰু তেওঁ দুৱাৰডলিত প্ৰণিপাত কৰিব, পাছত ওলাই যাব; কিন্তু বাট-চৰাটো গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব।3. আৰু দেশৰ প্ৰজাসকলে বিশ্ৰাম দিনত আৰু ন-জোনত যিহোৱাৰ আগত সেই বাট-চৰাটোৰ প্ৰৱেশস্থানত প্ৰণিপাত কৰিব।4. আৰু যিহোৱাৰ উদ্দেশ্যে অধিপতিজনে উৎসৰ্গ কৰিব লগীয়া হোম বলি এই; বিশ্ৰামবাৰে ছটা নিৰ্ঘূণী মেৰ-ছাগ পোৱালি আৰু এটা নিৰ্ঘূণী মতা মেৰ-ছাগ হ’ব।5. মতা মেৰ-ছাগটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফা হ’ব আৰু মেৰ-ছাগ পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ’ব আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ’ব।6. আৰু ন-জোনৰ দিনা এটা নিৰ্ঘূণী ডেকা ভতৰা হ’ব; আৰু ছটা মেৰ-ছাগ পোৱালি আৰু এটা মতা মেৰ-ছাগ হ’ব, এইবোৰো নিৰ্ঘূণী হ’ব।7. আৰু ভতৰাটোৰ লগত এক ঐফা, মতা মেৰ-ছাগটোৰ লগত এক ঐফা, মেৰ-ছাগ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব।8. যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই ওলাই যাব।9. কিন্তু যেতিয়া দেশৰ প্ৰজাসকল নিৰূপিত উৎসৱত যিহোৱাৰ আগলৈ আহিব, তেতিয়া যি জনে প্ৰণিপাত কৰিবলৈ উত্তৰ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ দক্ষিণ বাট-চৰাটোৰ বাটেদি ওলাই যাব আৰু যি জনে দক্ষিণ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি ওলাই যাব; তেওঁ সোমোৱা বাট-চৰাটোৰ বাটেদি ওলাই নাযাব, কিন্তু পোনে পোনে ওলাই যাব।10. আৰু তেওঁলোক সোমোৱা সময়ত অধিপতিজন তেওঁলোকৰ মাজত হৈ সোমাব; আৰু ওলোৱা সময়ত তেওঁলোক সকলোৱে একেলগে ওলাব।11. পৰ্ব্বতবোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীম তেল হ’ব।12. আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।13. আৰু তুমি দিনে দিনে যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ কাৰণে এটা এটা এবছৰীয়া নিৰ্ঘূণী মেৰ পোৱালি উৎসৰ্গ কৰিবা; প্ৰতি ৰাতিপুৱা তুমি তাক উৎসৰ্গ কৰিবা।14. আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য।15. এইদৰে তেওঁলোকে প্ৰতি ৰাতিপুৱা নিত্য হোমবলিৰ অৰ্থে, মেৰ পোৱালি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব।’16. প্ৰভু যিহোৱাই এই কথা কৈছে: ‘যদি অধিপতিজনে তেওঁৰ পুত্ৰসকলৰ কোনো এজনক কিবা বস্তু দান কৰে, তেন্তে সেই বস্তুত সেইজনৰ স্বত্ব থাকিব, সেয়ে তেওঁৰ পুত্ৰসকলৰ হ’ব; পুত্ৰ-পৌত্ৰাদিক্ৰমে তাত তেওঁলোকৰ স্বত্ব থাকিব।17. কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তি ৰ বছৰলৈকে তাৰ হৈ থাকিব; তাৰ পাছত অধিপতিজনৰ পুনৰায় হ’ব। কিন্তু তেওঁৰ আধিপত্য হ’লে তেওঁৰ পুত্ৰসকলৰ হ’ব।18. ইয়াৰ উপৰিও, অধিপতিজনে প্ৰজাসকলৰ আধিপত্যৰ পৰা তেওঁলোকক খেদাবৰ কাৰণে তেওঁলোকৰ আধিপত্যৰ পৰা একো নল’ব; মোৰ প্ৰজাসকলৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্ন-ভিন্ন নহ’বৰ কাৰণে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰসকলক আধিপত্য দিব’।”19. তাৰ পাছত তেওঁ উত্তৰফালে মুখ কৰা পুৰোহিতসকলৰ পবিত্ৰ কোঁঠালিলৈ বাট-চৰাটোৰ কাষৰ প্ৰৱেশস্থানেদি মোক নিলে, আৰু চোৱা! পশ্চিমদিশে পাছফালে এখন ঠাই আছিল।20. তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”21. তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নি চোতালখনৰ চাৰিচুকেদি ফুৰালে; আৰু চোৱা, চোতালখনৰ প্ৰত্যেক চুকত এখন এখন চোতাল আছিল।22. চোতালখনৰ চাৰিচুকত, গড়েৰে আবৃত চল্লিশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এখন এখন চোতাল আছিল; চুকৰ এই চাৰিখন চোতাল একে পৰিমাণৰ।23. সেই চাৰিখনৰ প্ৰত্যেকখনৰ চাৰিওফালে লগালগি এশাৰী এশাৰী ঘৰ আছিল; আৰু চাৰিওফালৰ সেই ঘৰবোৰৰ তলত সিজাবৰ কাৰণে চৌকা পতা আছিল।24. পাছত তেওঁ মোক ক’লে, “গৃহটিৰ পৰিচাৰকসকলে তেওঁলোকৰ বলিৰ মাংস সিজোৱা ঘৰ এইবোৰ।”গীত 135:1-71. তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।2. তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!3. তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।4. কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।5. কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।6. আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।7. তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।হিতো 29:8-88. নিন্দক লোকে নগৰত জুই জ্বলাই; কিন্তু যি সকল জ্ঞানী, তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে।১ পিতৰ 3:1-221. সেইদৰে হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক; গতিকে, তেখেত সকলৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই,2. আপোনালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ-ব্যৱহাৰ দেখি, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেই বাবে বশীভূত হওক।3. কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক।4. কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷5. কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতা সকলে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেখেত সকলেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেইদৰে নিজক বিভূষিত কৰিলে;6. সেইদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা মানিলে। এতিয়া আপোনালোকেও যদি উচিত কৰ্ম কৰে আৰু আপোনালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহলে আপোনালোক তেওঁৰ জীয়ৰী৷7. সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।8. অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷9. অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।10. “কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;11. কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ শান্তি বিচাৰক আৰু তাতে লাগি থাকক৷12. প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী৷”13. যি ভাল, তালৈ যদি আপোনালোকে ইচ্ছা কৰে, তেনেহলে আপোনালোকক কোনে ক্ষতি কৰিব?14. কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷15. ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷16. যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।17. কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল৷18. খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;19. সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷20. সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷21. সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে৷22. তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷ Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions