एक साल में बाइबल नवंबर 30দানি 3:1-301. ৰজা নবূখদনেচৰে ষাঠি হাত ওখ আৰু ছহাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দূৰা নামৰ সমথলত স্থাপন কৰিলে।2. তাৰ পাছত ৰজা নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবৰ বাবে, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী সকলক একত্রিত হৈ, আহিবলৈ বাৰ্ত্তা পঠিয়ালে।3. নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবলৈ, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী একত্রিত হৈ আহিল; আৰু মূৰ্তিৰ আগত উপস্থিত হ’ল।4. তাৰ পাছত ঘোষণাকাৰীয়ে উচ্চস্বৰে চিঞৰিলে, “হে সকলো দেশ লোক, আৰু সকলো ভাষাৰ লোকসকল, আপোনালোকক আজ্ঞা দিয়া হৈছে যে,5. যি সময়ত আপোলোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিবলৈ পাব, সেই সময়তেই ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মূৰ্তিত আপোনালোক সকলোৱে উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব।6. যি সকলে সেই মুহূৰ্তত উবুৰি নহ’ব আৰু সেৱা নকৰিব, তেওঁলোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।”7. সেয়ে সকলো লোকে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিলে, তেতিয়াই দেশৰ সকলো লোকে, আৰু সকলো ভাষাৰ লোকসকলে ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মুৰ্ত্তিক উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিলে।8. সেই সময়ত কলদীয়া মানুহ কেইজনমান আহিল, আৰু যিহূদীসকলৰ অহিতে অভিযোগ কৰিলে।9. তেওঁলোকে ৰজা নবূখদনেচৰক ক’লে, “মহাৰাজ চিৰজীৱি হওক!10. হে মহাৰাজ আপুনি এই আজ্ঞা কৰিছিল যে, প্রতিজন ব্যক্তিয়ে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিব, তেতিয়াই সকলোৱে সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব।11. কিন্তু যি জনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।12. ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা চদ্ৰক, মৈচক, আৰু অবেদ-নেগো নামেৰে কেইজনমান যিহূদীলোক আছে; তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাবোৰক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰে।”13. ইয়াকে শুনি নবূখদনেচৰে খং আৰু ক্রোধেৰে পৰিপূৰ্ণ হ’ল, আৰু চদ্ৰক, মৈচক আৰু অবেদ-নেগোক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিলে। তেতিয়া তেওঁলোকে সেই লোক কেইজনক ৰজাৰ ওচৰলৈ আনিলে।14. নবূখদনেচৰে তেওঁলোকক ক’লে, “হে চদ্ৰক, মৈচক আৰু অবেদ-নেগো, আপোনালোকে মোৰ দেৱতাবোৰক সেৱা কৰা নাই, আৰু মই স্থাপন কৰা সোণৰ মূৰ্তিত সাষ্টাঙ্গে প্রণিপাত কৰা নাই, এই কাৰ্য আপোনালোকে জানিয়ে কৰিছে নে?15. এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”16. তেতিয়া চদ্ৰক, মৈচক আৰু অবেদ-নেগোৱে ৰজাক উত্তৰ দি ক’লে, “হে নবূখদনেচৰ, আপোনাক এই বিষয়ে উত্তৰ দিয়া আমাৰ একো প্ৰয়োজন নাই।17. ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে।18. কিন্তু যদি উদ্ধাৰ নকৰেও, তথাপিও হে মহাৰাজ, আপোনাক জনাওঁ যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰোঁ, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰোঁ।”19. তাৰ পাছত নবূখদনেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ অহিতে মুখমণ্ডল বিকৃত কৰিলে। তেওঁ অগ্নিকুণ্ডৰ জুই নিয়মিত পৰিমাণতকৈ সাত গুণ বেছি প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে।20. তাৰ পাছত তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কিছুমান বলী মানুহক চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে।21. তেতিয়া সেই কেইজনক চোলা, জামা, পাগুৰি, আৰু আন আন বস্ত্রৰ সৈতে তেওঁলোকক বান্ধি অগ্নিকুণ্ডত পেলাই দিয়া হ’ল।22. ৰজাৰ আজ্ঞা যথাযথভাবে পালন কৰা হৈছিল, আৰু অগ্নিকুণ্ড অতিশয় তপত আছিল, সেয়ে চদ্ৰক, মৈচক আৰু অবেদ-নেগোক লৈ যোৱা মানুহ কেইজনক সেই অগ্নিশিখাই গ্রাস কৰিলে।23. চদ্ৰক, মৈচক আৰু অবেদ-নেগো, এই তিনি জন লোক বন্ধা অৱস্থাতে অগ্নিকুণ্ডৰ ভিতৰত পৰিল।24. তাৰ পাছত ৰজা নবূখদনেচৰে আচৰিত হৈ বেগাই থিয় হ’ল। তেওঁ তেওঁৰ পৰামৰ্শদাতা সকলক সুধিলে, “আমি তিনি জন মানুহক বান্ধি জুইত পেলোৱা নাছিলো নে?” তেওঁলোকে উত্তৰ দি ক’লে, “হয় মহাৰাজ।”25. তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।”26. তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল।27. প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, আন অধ্যক্ষসকল, আৰু ৰজাৰ পৰামৰ্শদাতাসকল সকলোৱে সেই তিনিজন লোকক চাবলৈ একগোট হ’ল। তেওঁলোকৰ শৰীৰত জুইয়ে একো ক্ষতি কৰা নাছিল, তেওঁলোকৰ মূৰৰ চুলি এডালো পোৰা নাছিল, তেওঁলোকৰ বস্ত্ৰও নষ্ট হোৱা নাছিল, আৰু তেওঁলোকৰ গাত জুইৰ গোন্ধও নাছিল।28. তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।29. সেই কাৰণে মই এই আজ্ঞা দিছোঁ যে, যিকোনো লোক, যিকোনো দেশ, বা যিকোনো ভাষাৰ লোকে চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক’ব, তেওঁলোকক ডোখৰ ডোখৰকৈ কটা যাব, আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দ’মৰ দৰে কৰা হ’ব; কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই।”30. তেতিয়া ৰজাই চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বাবিল প্ৰদেশত উচ্চ পদত নিযুক্ত কৰিলে।দানি 4:1-371. পৃথিৱীত থকা সকলো লোক, দেশ, আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবূখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, “আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক!2. সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভবিলোঁ।3. তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।”4. মই নবূখদনেচৰে মোৰ ঘৰত শান্তিৰে আৰু মোৰ ৰাজগৃহত কুশলে আছিলোঁ।5. কিন্তু এটা সপোনে মোক আতঙ্কিত কৰিলে; আৰু মই শুই থকা সময়ত দেখা প্রতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।6. সেয়ে মোৰ সপোনৰ ফলিতা মোক জনাবৰ বাবে বাবিলৰ সকলো জ্ঞানসম্পন্ন লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ।7. তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।8. কিন্তু শেষত মোৰ দেৱতাৰ নাম অনুসাৰে যাৰ নাম বেলটচচৰ, আৰু যাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে, সেই দানিয়েল মোৰ সন্মুখলৈ আহিল; আৰু মই তেওঁক মোৰ সপোন ক’লোঁ,9. “হে মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানোঁ যে, পবিত্ৰ দেৱতাবোৰৰ আত্মা আপোনাত আছে, আৰু কোনো নিগূঢ় বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন, আৰু সপোনৰ ফলিতা মোক কোৱা।10. মই মোৰ শয্যাত শুই থকা সময়ত মোৰ মানসিক দৰ্শনত মই দেখিলোঁ: পৃথিৱীৰ মাজত এজোপা গছ আছিল, আৰু তাৰ উচ্চতা অতিশয় অধিক আছিল।11. সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ’ল; আৰু সমগ্র পৃথিৱীৰ প্রান্তৰ পৰা তাক দেখা গ’ল।12. তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্রচুৰ পৰিমাণৰ আছিল আৰু সকলোৱে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল, আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল।13. মই মোৰ শয্যাত শুই থকা সময়ত দৰ্শন দেখিলোঁ যে, এজন পবিত্ৰ বাৰ্ত্তাবাহক স্বৰ্গৰ পৰা নামি আহিল।14. তেওঁ চিঞৰী ক’লে, “গছজোপা কাটা, আৰু তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুঁচি পেলোৱা, আৰু তাৰ ফলবোৰ সিঁচৰিত কৰি পেলোৱা। তাৰ তলৰ পৰা জন্তুবোৰ, আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক।15. কিন্তু তোমালোকে তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি পথাৰৰ মাটিত কুমলীয়া ঘাঁহৰ মাজত ৰাখা। আকাশৰ পৰা অহা নিয়ৰত তাক তিতিব দিয়া; মাটিত থকা গছ গছনিৰ মাজত জন্তুবোৰৰ লগত তাক থাকিবলৈ দিয়া।16. সাত বছৰলৈকে তেওঁৰ হৃদয় মনুষ্য হৃদয়ৰ পৰা সলনি কৰি তেওঁক জন্তুৰ হৃদয় দিয়া হওক।17. এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’18. মই ৰজা নবূখদনেচৰে এই সপোন দেখিলোঁ। এতিয়া হে বেলটচচৰ, আপুনি ইয়াৰ ফলিতা কওক; কিয়নো মোৰ ৰাজ্যত থকা কোনো জ্ঞানসম্পন্ন লোকে মোক ইয়াৰ ফলিতা ক’ব পৰা নাই। আপুনি ক’ব পাৰিব, কাৰণ আপোনাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে।”19. তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ’ল, আৰু চিন্তাত ব্যাকুল হ’ল। ৰজাই ক’লে, “হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক।” বেলটচচৰে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্রুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক।20. আপুনি দেখা সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, ওখই আকাশ ঢুকি পোৱা হ’ল, আৰু পৃথিৱীৰ সকলো প্রান্তৰ পৰা সেই গছজোপা দেখা গ’ল।21. তাৰ পাত ধুনীয়া আৰু তাৰ ফল প্রচুৰ পৰিমাণে আছিল, সেয়ে সকলোৰে বাবে খাব পৰা হৈছিল, তাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল, আৰু তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল।22. হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে; আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে।23. মহাৰজা আপুনি দেখিছিল যে, এজন পবিত্ৰ বাৰ্ত্তাবহক স্বৰ্গৰ পৰা নামি আহিছিল, আৰু আপোনাক কৈছিল, “গছজোপা কাটি নষ্ট কৰা; কিন্তু তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা; তাক আকাশৰ নিয়ৰত তিতিব দিবা, আৰু সাত বছৰলৈকে পথাৰৰ জন্তুবোৰৰ লগত তাক থাকিব দিবা।”24. হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ সৰ্ব্বোপৰি জনাৰ পৰা অহা আজ্ঞা এই।25. মানুহৰ ৰাজ্য যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ব, আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব, আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব, আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব, এইদৰে আপোনাৰ ওপৰত সাত বছৰৰ অতিবাহিত হ’ব।26. কিন্তু গছৰ মুঢ়াটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে, আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব।27. এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।28. এই সকলো ৰজা নবূখদনেচৰত ঘটিলে।29. বাৰ মাহৰ পাছত তেওঁ বাবিলৰ ৰাজ-গৃহত তেওঁ খোজ কাঢ়ি আছিল,30. ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”31. ৰজাই এই কথা কৈ থাকোঁতেই, আকাশীবাণী হ’ল, হে ৰজা নবূখদনেচৰ তোমাৰ বিৰুদ্ধে আজ্ঞা দিয়া হৈছে যে; এই ৰাজ্য দীৰ্ঘদিন তোমাৰ হৈ নাথাকিব।32. মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”33. এই আজ্ঞা সেই মুহূৰ্ত্ততে নবূখদনেচৰৰ বিৰুদ্ধে ফলিয়ালে। তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ল, আৰু তেওঁ গৰুৰ দৰে ঘাঁহ খালে, তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিলে; তেওঁৰ চুলি ঈগল চৰাইৰ পাখিৰ দৰে দীঘল হ’ল, আৰু তেওঁৰ নখ চৰাইৰ নখৰ দৰে বাঢ়িল।34. সেই দিনবোৰৰ শেষত মই নবূখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।35. তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”36. সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপদ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মূখ্য লোকসকলে মোৰ অনুগ্রহ বিচাৰিলে; মোৰ সিংহাসন মোক পুনৰায় দিয়া হ’ল, এনে কি, মোৰ মহত্বও মোক দিয়া হ’ল।37. এতিয়া মই নবূখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহংকাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।গীত 136:1-91. যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ প্রেম চিৰ-কাললৈকে থাকে।2. দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।3. প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।4. যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।5. যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।6. যি জনাই জল সমূহৰ ওপৰত ভূ-মণ্ডল বিস্তাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।7. যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।8. দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।9. যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।হিতো 29:11-1111. অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।২ পিতৰ 1:1-211. মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।2. ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক গভীৰভাৱে জনাৰ মাজেদি আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুল্যৰূপে হওক।3. যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।4. তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ’ব পাৰে।5. ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।6. জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি,7. ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক।8. কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ’ব।9. যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপ সমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ পাহৰি গ’ল।10. এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।11. তাতে আমাৰ প্রভু আৰু ত্ৰাণকর্তা যীচু খ্রীষ্টৰ অনন্ত ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হ’ব।12. এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;13. কিন্তু মই এইটো সঠিক বুলি ভাৱো যে, যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেহত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্রত কৰি ৰখা মোৰ উচিত।14. কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে।15. মই আপ্রাণ চেষ্টা কৰিছোঁ যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে।16. আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমণ সম্বন্ধে আপোনালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্প-কথা কোৱা নাছিলো। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলোঁ।17. কিয়নো, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতেই মই পৰম সন্তুষ্ট,” স্বর্গৰ গৌৰৱময় প্ৰতাপৰ দ্বাৰা তেওঁলৈ অহা এই বাণীৰ মাধ্যমেদি খ্রীষ্টই পিতৃ ঈশ্বৰৰ পৰা সন্মান আৰু গৌৰৱ পাইছিল।18. আমি যেতিয়া তেওঁৰ লগত সেই পবিত্ৰ পাহাৰত আছিলোঁ, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলো।19. ভাববাদী সকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। সেই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্রভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে অন্ধকাৰৰ মাজতো সেয়ে পোহৰ দিব।20. সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওঁক যে, ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী, ভাৱবাদীজনৰ নিজৰ যুক্তি-ব্যাখ্যাৰ পৰা নাহে;21. ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions