एक साल में बाइबल दिसंबर 19মীখ 1:1-161. যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য।2. হে লোকসকল, সকলোৱে শুনক। হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক। প্ৰভু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক;3. চাওক, যিহোৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে; তেওঁ নামি আহিব আৰু পৃথিবীত থকা মুৰ্ত্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব।4. জুইৰ তাপত মম গলাৰ দৰে পৰ্ব্বতবোৰ তেওঁৰ আগত পমি যাব, এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ আহে তেনেকৈ তেওঁৰ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব।5. যাকোবৰ বিদ্ৰোহ, আৰু ইস্ৰায়েল-বংশৰ পাপৰ কাৰণেই এই সকলো হ’ব; যাকোবৰ বিদ্রোহৰ কাৰণ কি আছিল? চমৰিয়া নহয়নে নে? যিহূদাৰ মন্দিৰবোৰৰ কাৰণ কি? যিৰূচালেম নহয় নে?6. মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে, ধ্বংস স্তূপ কৰিম। মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম, মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।7. তেওঁৰ সকলো কটা-মূৰ্ত্তিবোৰ ভাঙি ডোখৰ ডোখৰ কৰা হ’ব, আৰু তেওঁৰ সকলো উপহাৰ জুইৰে পোৰা যাব। তেওঁৰ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম; কাৰণ তেওঁ বেশ্যাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল, আৰু বেশ্যাই পৰিশোধ কৰাৰ দৰে, তেওঁলোকে ঘূৰাই দিব।”8. এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম; মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম; মই শিয়ালৰ দৰে চিঞৰিম, আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম।9. তেওঁৰ ঘাঁবোৰ সুস্থ হ’ব নোৱাৰাৰ কাৰণে; সেইবোৰ যিহূদালৈকে আহিল। সেই ঘাঁবোৰ যিৰূচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে।10. গাত নগৰত এই বিষয়ে নকবা, আৰু একেবাৰে নাকান্দিবা, বৈৎলি-অফ্ৰাত মই নিজকে ধূলিত বাগৰাম।11. বিবস্ত্ৰ আৰু লজ্জিত হৈ চাফীৰৰ নিবাসী সকলৰ মাজেৰে যোৱা। চাননৰ নিবাসী সকল বাহিৰলৈ ওলাই নাহিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে বৈৎ-এচেলে বিলাপ কৰিলে।12. কাৰণ মাৰোৎ নিবাসী সকলে শুভ সম্বাদৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছিল, কিন্তু যিৰূচালেমৰ দুৱাৰলৈ, যিহোৱাৰ পৰা দুৰ্যোগ নামি আহিল।13. লাখীচ নিবাসী সকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা; চিয়োন জীয়াৰী বাবে লাখীচেই পাপৰ আৰম্ভণ; কিয়নো ইস্ৰায়েলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গল।14. সেয়ে আপুনি মোৰেচৎ-গতক বিদায় উপহাৰ দিব; ইস্ৰায়েলৰ ৰজাসকলক অকজীবৰ নগৰে নিৰাশ কৰিব।15. মাৰেচা-নিবাসী সকলক মই আপোনাৰ ওচৰলৈ আনিম, তাৰে এজনে আপোনাৰ অধিকাৰ ল’ব; ইস্ৰায়েলৰ মূখ্য লোকসকল অদুল্লমৰ গুহালৈকে যাব।16. চুলি কাটক, আৰু মূৰ খুৰাওক। যি সন্তান সকলৰ কাৰণে আপুনি আনন্দ কৰে; ঈগল চৰাইৰ দৰে নিজকে টপা কৰক; কাৰণ আপোনাৰ সন্তান সকল আপোনাৰ পৰা বহিষ্কৃত হ’ব।মীখ 2:1-131. যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।2. তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰিক অত্যাচাৰ কৰে।3. সেই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, কাৰণ এয়া অমঙ্গলৰ সময়।4. সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ কৰি ক্রন্দনেৰে তোমাৰ বিষয়ে এটি গীত গাব, তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ; যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে; তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভগাই দিছে।5. সেই বাবে যিহোৱাৰ সমাজত চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব।6. “ভাববাণী প্ৰচাৰ নকৰিবা,” তেওঁলোকে কয়, “তেওঁলোকে এইবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা উচিত নহয়; আৰু নিন্দা অহা উচিত নহয়।”7. যাকোবৰ বংশক প্রকৃততে এইদৰে কোৱা উচিত নে? “যিহোৱাৰ আত্মা ক্রোধত আছে নে? এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?” যি জনে ন্যায়ত চলে, মোৰ বাক্যই তেওঁক উপকাৰ নকৰিব নে?8. ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা;9. তোমালোকে মোৰ লোকসকলৰ মহিলাসকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা; তুমি তেওঁলোকৰ তৰুণ সন্তান সকলৰ পৰা মোৰ আশীৰ্ব্বাদ চিৰকাললৈকে কাঢ়ি লৈছা।10. উঠা, আৰু এই ঠাই এৰি যোৱা, অশুচিতাৰ কাৰণে এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।11. মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।12. হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; গৰালত থকা মেৰ-ছাগবোৰৰ দৰে, আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব।13. কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব।মীখ 3:1-121. মই কলোঁ, “যাকোবৰ মূখ্য লোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?2. তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,3. তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, তেওঁলোকৰ হাড় ভাঙা, পাত্রৰ বাবে মাংস, আৰু কেৰাহীত দিয়া মাংসৰ দৰে, তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।4. তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”5. ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।6. সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব।7. দৰ্শকসকলক লাজত পেলোৱা হ’ব, আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;”8. কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।9. সকলো সৎ কৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মূখ্য লোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;10. তোমালোকে ৰক্তপাতেৰে চিয়োন, আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা;11. তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;12. এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।গীত 144:9-159. হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।10. তুমিয়েই ৰজাসকলক জয়দান কৰা; তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।11. নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা; তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।12. আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;13. আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে; আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;14. আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।15. ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়; ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।হিতো 30:10-1010. দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।প্ৰকাশিত বাক্য 9:1-211. তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল।2. তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল।3. সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।4. আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।5. সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ’ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে।6. সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।7. সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা৷ তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।8. মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।9. লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল; সিহঁতৰ ডেউকাৰ শব্দ, ৰণলৈ ল’ৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা।10. কেঁকোৰা-বিছাৰ নিচিনা সিহঁতৰ নেজ হুলেৰে সৈতে আছিল; আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল।11. অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল৷ তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন আৰু গ্ৰীক ভাষাত আপল্লুয়োন।12. এই প্ৰথম সন্তাপ গ’ল; চোৱা! ইয়াৰ পাছত এতিয়াও দুটা দুৰ্যোগ আহি আছে৷13. পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ।14. তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”।15. তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।16. আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;17. আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।18. সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।19. কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।20. এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।21. তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions