एक साल में बाइबल दिसंबर 4দানি 11:1-451. মাদীয়া দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে ময়েই মিখায়েলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিলোঁ।2. আৰু এতিয়া মই তোমাৰ আগত সত্যবিষয় প্রকাশ কৰোঁ। পাৰস্য দেশত তিনি জন ৰজা উৎপন্ন হ’ব; আৰু চতুৰ্থ ৰজা জন আন সকলতকৈ অধিক ধনৱান হ’ব। তেওঁ নিজৰ ধন-সম্পতিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব, আৰু তেওঁ সকলোকে গ্রীচ ৰাজ্যৰ বিৰুদ্ধে উচটাব।3. তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব।4. যেতিয়া তেওঁ উৎপন্ন হ’ব, তেওঁৰ ৰাজ্য ভগ্ন হ’ব, আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ’ব। তেওঁৰ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ’ব; আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব। কিয়নো তেওঁৰ ৰাজ্য উৎখাত কৰা হ’ব, আৰু তেওঁৰ বংশধৰক নিদি আন সকলক দিয়া হ’ব।5. দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ সেনাপতি সকলৰ মাজৰ এজন তেওঁতকৈয়ো অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব।6. কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।7. তথাপি তেওঁৰ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ’ব; তেওঁ সৈন্যসামন্তক আক্রমণ কৰিব, আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ’ব।8. ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।9. সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব।10. তেওঁৰ পুত্রসকল যুদ্ধ কৰিব, আৰু মহা সৈন্য-সামন্ত গোটাব; তেওঁলোকে দেশৰ মাজেৰে জলপ্লাবনৰ দৰে সোমাব, আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্রমণ কৰিব।11. দক্ষিণ দেশৰ ৰজা অতিশয় ক্রোধাম্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহা সৈন্য-সামন্ত গোটাব, কিন্তু সেই সৈন্যসামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ’ব।12. যেতিয়া সৈন্য-সামন্ত লৈ অহা হ’ব, তেতিয়া দক্ষিণ দেশৰ ৰজা অহঙ্কাৰেৰে পৰিপূৰ্ণ হ’ব। তেওঁৰ হাজাৰ হাজাৰ শত্রুক হত্যা কৰা হ’ব, কিন্তু তেওঁ কৃতকাৰ্য নহ’ব।13. উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।14. সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ’বলৈ, তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব; কিন্তু তেওঁলোক উজুটি খাই পৰিব।15. উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।16. কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।17. উত্তৰ দেশৰ ৰজাই তেওঁৰ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব; আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব; কিন্তু পৰিকল্পনাটো সফল নহ’ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ’ব।18. ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি, তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব; সেনাপতিয়ে তেওঁৰ অপমান দূৰ কৰিব কিন্তু তেওঁৰ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব।19. তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ’ব; তেওঁক বিচাৰি পোৱা নাযাব।20. তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল’ব। এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত বা যুদ্ধত নহয়।21. তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব; লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব।22. তেওঁৰ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্য সমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ’ব।23. তেওঁৰ লগত মিত্ৰতা থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্রমী হ’ব।24. তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।25. তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্য সমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব।26. আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায়, তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব, আৰু তেওঁৰ সৈন্য সমূহ বানপানীৰ দৰে উটি যাব, আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ’ব।27. আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।28. তাৰ পাছত অনেক ধন-সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভটি যাব, কিন্তু তেওঁৰ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ’ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভটি যাব।29. নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল, তেতিয়া সেইদৰে নহ’ব।30. কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।31. তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।32. নিয়ম লঙ্ঘন কৰা সকলক তেওঁ খুচামোদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব; কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ’ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব।33. মানুহৰ মাজৰ জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব; কিন্তু কিছুদিনৰ বাবে তৰোৱাল, আৰু অগ্নিশিখাৰে পতিত হ’ব, তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ’ব, আৰু তেওঁলোকৰ সা-সম্পত্তি লুট কৰা হ’ব।34. তেওঁলোকে উজুটি খোৱা সময়ত অলপ সহায় পাব; তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব।35. শেষৰ সময় নহালৈকে পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুদ্ধ হ’বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুটি খাব; কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে।36. ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।37. তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা, নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহঙ্কাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব।38. তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্ব-পুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যবান উপহাৰেৰে সন্মান কৰিব।39. তেওঁ বিজাতীয় দেৱতাৰ সহায়ত শত্রুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্রমণ কৰিব । যি সকলে তেওঁক স্বীকাৰ কৰিব, তেওঁলোকক তেওঁ সন্মান কৰিব। অনেকলোকৰ ওপৰত তেওঁ তেওঁলোকক শাসনকৰ্ত্তা পাতিব, আৰু ধনৰ বাবে তেওঁ মাটি ভাগ কৰিব।40. শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।41. তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।42. তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্রয়োগ কৰিব, আৰু মিচৰ দেশখনেও ৰক্ষা নাপাব।43. মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।44. পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব।45. সমূদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্রসাদৰ তম্বু তৰিব। তেওঁ তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো নাথাকিব।দানি 12:1-131. সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক-দূত মীখায়েল থিয় হ’ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সঙ্কট কেতিয়াও হোৱা নাই, তেনে সঙ্কটৰ সময় আহিব। সেই সময়ত পুস্তক খনত নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব।2. পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।3. যিসকল জ্ঞানী, তেওঁলোক আকাশৰ দিপ্তীৰ দৰে প্রজ্বলিত হ’ব, আৰু অনেকক ধাৰ্মিকতালৈ ঘূৰাই অনা লোকসকল তৰাবোৰৰ দৰে চিৰকাল জিলিকি থাকিব।4. কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব।”5. তাৰ পাছত মই দানিয়েলে চালোঁ আৰু আন দুজন পুৰুষক থিয় হৈ থকা দেখিলোঁ। তেওঁলোকৰ মাজৰ এজনে নদীৰ ইপাৰে আৰু আনজনে নদীৰ সিপাৰে থিয় হৈ আছিল।6. নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনক তেওঁলোকৰ এজনে ক’লে, “এই আচৰিত ঘটনাবোৰ সিদ্ধ হ’বলৈ কিমান দিন লাগিব?”7. নদীৰ কাষত শণ সূতাৰ বস্ত্ৰ পিন্ধি থিয় হৈ থকা পুৰুষ জনে নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙিলে, আৰু অনন্তকাললৈকে জীয়াই থকা জনৰ নামেৰে শপত খালে, সেয়ে সময়, সময়, আৰু অৰ্দ্ধ সময় হ’ব। যেতিয়া পবিত্ৰ লোকসকলৰ শক্তি চূৰ্ণবিচূৰ্ণ কৰা শেষ হ’ব, তেতিয়া এইসকলো সিদ্ধ হ’ব।8. মই শুনিলোঁ, কিন্তু বুজিব নোৱাৰিলোঁ; সেয়ে মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইসকলো বিষয়ৰ পৰিনতি কি হ’ব?”9. তাতে তেওঁ ক’লে, “হে দানিয়েল, তুমি নিজৰ পথত যোৱা; কাৰণ শেষ সময়লৈকে এই বাক্যবোৰ বন্ধ কৰা আৰু মোহৰ মৰা হ’ল।10. অনেক লোকে নিজকে শুদ্ধ, পবিত্ৰ, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টসকলে দুষ্কৰ্মই কৰি থাকিব। দুষ্টসকলৰ মাজৰ কোনেও বুজি নাপাব, কিন্তু জ্ঞানীলোক সকলেহে বুজি পাব।11. যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব।12. যিজনে এক হাজাৰ তিনিশ পয়ত্ৰিশ দিনলৈকে অপেক্ষা কৰিব, তেওঁ আশীৰ্ব্বাদপ্রাপ্ত হ’ব।13. তুমি শেষলৈকে নিজৰ পথত চলি থাকা; আৰু তুমি বিশ্ৰাম পাবা। শেষৰ দিনত তোমাক নিযুক্ত কৰা স্থানত তুমি থিয় হ’বা।”গীত 138:1-31. হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।2. তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান ।3. মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।হিতো 29:16-1616. যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়; কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই।১ যোহন 2:1-291. হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে যেন পাপ নকৰে, এই আশয়েৰে মই আপোনালোকলৈ এইবোৰ কথা লিখিছোঁ। কিন্তু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায় কৰিবলৈ ধাৰ্মিক যীচু খ্ৰীষ্ট আছে।2. তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰোঁতা; কেৱল আমাৰেই নহয়, গোটেই জগতৰে,3. আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেনেহলে তাৰ দ্বাৰাই আমি জানিম যে, তেওঁক আমি জানিলোঁ।4. কোনোৱে যদি কয়, ‘মই ঈশ্বৰক জানো’, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷5. কিন্তু যি জনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হ’ল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ।6. ‘মই তেওঁত থাকোঁ’, এই বুলি যদি কোনোৱে কয়, তেনেহলে যীচুৱে যেনে আচৰণ কৰিলে, তেৱোঁ তেনে আচৰণ কৰা উচিত।7. হে প্ৰিয়সকল, মই আপোনালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা আপোনালোকে যি পাই আহিছে, এনে পুৰণি আজ্ঞাকে লিখিছোঁ; আপোনালোকে আগেয়ে যি বাক্য শুনিলে, সেয়ে এই পুৰণি আজ্ঞা।8. এতিয়া মই আপোনালোকলৈ এটা নতুন আজ্ঞা লিখিছোঁ, এই কথা খ্ৰীষ্টত আৰু অাপোনালোকতো সত্য হয়; কাৰণ আন্ধাৰ আতৰি যাব ধৰিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ প্ৰকাশিত হৈছে৷9. ‘মই পোহৰতে আছোঁ’, এই বুলি যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে।10. যি কোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰত থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনক একো নাই।11. কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; ক’লৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে।12. হে প্রিয় সন্তানসকল, যীচু খ্ৰীষ্টৰ নামৰ গুণে অাপোনালোকৰ পাপ ক্ষমা কৰা হ’ল; এই কাৰণে মই আপোনালোকলৈ লিখিছোঁ৷13. হে পিতৃসকল, মই আপোনালোকলৈ লিখিছোঁ, কাৰণ যিজন আৰম্ভণিৰে পৰা আছে, তেওঁক আপোনালোকে জানিলে; হে যুৱকসকল, মই তোমালোকলৈ লিখিছোঁ, কাৰণ তোমালোকে চয়তানক জয় কৰিলা৷ হে শিশুসকল, মই তোমালোকলৈ লিখিলোঁ, কাৰণ তোমালোকে পিতৃ ঈশ্বৰক জানিলা৷14. হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ।15. আপোনালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব; কোনোৱে যদি জগতক প্ৰেম কৰে, তেনেহলে পিতৃ ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই।16. কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।17. জগত আৰু জগতৰ কামনা-বাসনা শেষ হৈ গুচি যাব ধৰিছে; কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।18. হে শিশুসকল, শেষ-কাল উপস্থিত হৈছে৷ আৰু খ্ৰীষ্টৰ শত্রু আহিব লাগিছে, এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টৰ শত্রু আহিল; ইয়াৰ দ্বাৰাই আমি জানো যে, শেষ-কাল উপস্থিত হৈছে।19. খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।20. কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষেক পাইছে, আৰু আপোনালোকে সত্যক জানে।21. অাপোনালোকে সত্যক নাজানে বুলি যে মই এইবোৰ আপোনালোকলৈ লিখিছোঁ, এনে নহয়; কিন্তু অাপোনালোকে সত্যক আৰু সত্যত যে কোনো মিছা নাই, এই বিষয়েও জানিছে কাৰণেহে মই লিখিলোঁ৷22. যীচু সেই অভিষিক্ত জন বুলি যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টৰ শত্রু; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে।23. যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁ পিতৃক পোৱা নাই; কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁ পিতৃক পালে।24. আপোনালোকে আদিৰে পৰা যি যি শুনিলে, সেয়ে আপোনালোকৰ অন্তৰত থাকক। আদিৰে পৰা শুনা সেই কথা আপোনালোকৰ অন্তৰত যদি থাকে, তেনেহলে আপোনালোকে পুত্ৰত আৰু পিতৃত থাকিব,25. আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন।26. যি সকলে আপোনালোকক বিপথগামী কৰে, তেওঁলোকৰ প্ৰসংগতো মই আপোনালোকলৈ এইবোৰ কথা লিখিলোঁ।27. আৰু তেওঁৰ পৰা গ্ৰহণ কৰা অভিষেক আপোনালোকৰ অন্তৰত থকাত, আপোনালোকক আন কোনোবাই শিক্ষা দিয়াৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে অাপোনালোকক শিক্ষা দি আছে আৰু সেই অভিষেক সত্য, মিছা নহয় আৰু আপোনালোকে সেই শিক্ষাৰে তেওঁতে থাকক৷28. আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তানসকল, আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷29. যদি আপোনালোকে জানিছে যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে, তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো আপোনালোকে জানিব৷ Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions