যাত্ৰা 13:1-22 1. যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে, 2. “ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।” 3. মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব। 4. আবীব মাহৰ এই দিনাই তোমালোক মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলা। 5. কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ যি দেশ তোমালোকক দিবলৈ, যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়া তোমালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিবা। 6. সাত দিনলৈকে খমীৰ নিদিয়া পিঠা ভোজন কৰিবা; আৰু সপ্তম দিনটো যিহোৱাৰ উদ্দেশ্যে উৎসৱৰ দিন হ’ব। 7. সেই সাত দিন নিশ্চয়কৈ খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব; তোমালোকৰ মাজত খমীৰ দিয়া কোনো পিঠা যাতে দেখা পোৱা নাযাওক। এনেকি তোমালোকৰ চাৰিও সীমাৰ ভিতৰতো খমীৰ দেখা পোৱা নাযাওক। 8. সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’ 9. এয়ে উদ্ধাৰ সোঁৱৰণৰ বাবে তোমালোকৰ হাত আৰু কপালত থাকক। যিহোৱাৰ ব্যৱস্থা তোমালোকৰ কথাত থাকক, কিয়নো তোমালোকৰ হাত, আৰু কপালত এই মুক্তি সোঁৱৰণীয় হৈ থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে মিচৰৰ পৰা তোমালোকক বাহিৰ কৰি আনিলে। 10. এই হেতুকে তোমালোকে প্রত্যেক বছৰে এই সময়ত, এই বিধি পালন কৰিবা। 11. যিহোৱাই তোমাক আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তোমাক কনানীয়া সকলৰ দেশত আনি সোমুৱাব, 12. তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব। 13. প্রত্যেক প্রথমে জন্মা গাধ এটা মেৰ-ছাগ পোৱালি দি মুক্ত কৰিব। যদি মুক্ত নকৰে, তেন্তে তাৰ ডিঙি ভাঙিব; কিন্তু তোমালোকৰ পুত্রসকলৰ মাজত প্রথমে জন্মা পুত্ৰ তোমালোকে নিশ্চয় কিনি মুক্ত কৰিব লাগিব।” 14. পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে। 15. যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’ 16. এয়ে তোমালোকৰ হাত, আৰু কপালত সোঁৱৰণী স্বৰূপে থাকিব। কিয়নো যিহোৱাই বাহুবলেৰে আমাক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।” 17. ফৰৌণে যেতিয়া লোকসকলক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টীয়াসকলৰ দেশেৰে বাট চমু আছিল যদিও, ঈশ্বৰে তেওঁলোকক সেই বাটেদি নিনিলে। কিয়নো ঈশ্বৰে ক’লে, “হয়তো যুদ্ধৰ সন্মুখিন হ’লে লোকসকলে মন সলনি কৰি মিচৰলৈ উভটি যাব।” 18. সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল। 19. মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।” 20. ইস্রায়েলী লোকসকলে চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুপ্রান্তৰ দাঁতিত থকা এথমত তম্বু তৰিলে। 21. তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল। 22. যিহোৱাই লোকসকলৰ আগৰ পৰা দিনত মেঘ-স্তম্ভ, আৰু ৰাতি অগ্নিস্তম্ভ আঁতৰ নকৰিলে।
যাত্ৰা 14:1-31 1. তাৰ পাছত যিহোৱাই মোচিক ক’লে: 2. “ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা। 3. ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’ 4. মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে। 5. ইস্রায়েলী লোকসকল পলাই গ’ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰৌণ আৰু তেওঁৰ দাসবোৰৰ মন ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে হ’ল। তেওঁলোকে ক’লে, “আমাৰ বন্দীকামৰ পৰা ইস্ৰায়েলী লোকসকলক এৰি দি আমি কি কাম কৰিলোঁ?” 6. তেতিয়া ফৌৰণে নিজৰ ৰথ সাজু কৰিলে, আৰু নিজৰ সৈন্য সকলক তেওঁৰ লগত ল’লে। 7. তেওঁ মনোনীত ছশ ৰথ, আৰু মিচৰৰ আন সকলো ৰথ, আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতি সকলকো ল’লে। 8. যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল। 9. কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে। 10. ফৰৌণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁলোকক চাই আচৰিত হ’ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়া সকল আহি আছিল; তাতে ইস্ৰায়েলী লোকসকলে অতিশয় ভয় কৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। 11. তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? 12. আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’” 13. মোচিয়ে লোকসকলক ক’লে, “ভয় নকৰি। নিৰৱে থাকা; আৰু চাওক, যিহোৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়া সকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা। 14. যিহোৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব; আৰু আপোনালোক কেৱল নিৰৱে থাকা।” 15. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি মোলৈ কিয় কাতৰোক্তি কৰিছা? ইস্ৰায়েলী লোকসকলক আগুৱাই যাবলৈ কোৱা। 16. তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব। 17. চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম। 18. তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।” 19. ঈশ্বৰৰ যি দূত ইস্ৰায়েলী লোকসকলৰ আগে আগে গৈছিল, তেওঁ তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ’ল। মেঘ-স্তম্ভ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ’ল। 20. মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে। 21. মোচিয়ে সাগৰৰ ওপৰত তেওঁৰ হাত মেলিলে। যিহোৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হোঁহোকাই নি, তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ’ল। 22. তেতিয়া ইস্ৰায়েলী লোকসকল শুকান বাটেদি সাগৰৰ মাজেলৈ গ’ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল। 23. মিচৰীয়া সকলে তেওঁলোকক খেদি গ’ল। ফৰৌণৰ সকলো ঘোঁৰা, ৰথ, আৰু অশ্বাৰোহী বিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ’ল। 24. কিন্তু দোকমোকালীতে যিহোৱাই অগ্নিস্তম্ভ আৰু মেঘ-স্তম্ভৰ মাজৰ পৰা মিচৰীয়া সৈন্য সকললৈ চাই, মিচৰীয়া সৈন্য সকলক ব্যাকুল কৰিলে। 25. যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।” 26. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “মিচৰীয়া সকল, তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহী বিলাকৰ ওপৰলৈ যেন পুনৰায় জল সমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা।” 27. সেয়ে মোচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে, আৰু যেতিয়া ৰাতিপুৱা হ’ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়া সকলে সাগৰলৈ সোমাই যাওঁতে, যিহোৱাই মিচৰীয়া সকলক সাগৰৰ মাজত পেলালে। 28. জল সমূহ উভটি আহি ফৌৰণৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্য পানীয়ে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল। 29. ইস্ৰায়েলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেৰে গ’ল; আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জল সমূহ তেওঁলোকলৈ দেৱাল স্বৰূপ হ’ল। 30. এইদৰে সেই দিনা যিহোৱাই মিচৰীয়া সকলৰ হাতৰ পৰা ইস্ৰায়েলক পৰিত্ৰাণ কৰিলে। ইস্ৰায়েলী লোকসকলে মিচৰীয়া সকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে। 31. ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে,আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।
গীত 18:13-19 13. যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল । 14. তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে। 15. হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল। 16. তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে, মহাজল সমূহৰ পৰা মোক তুলি আনিলে। 17. মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে, যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে; তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল। 18. বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে। 19. তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
হিতো 6:6-11 6. হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা। 7. সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই, 8. তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়। 9. হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা? 10. “আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”- 11. তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
মথি 21:1-22 1. যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে, 2. “তোমালোক সন্মুখৰ গাওঁখন লৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ। 3. যদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, ‘প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব’।” 4. যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওক, 5. “তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷” 6. সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকল গ’ল আৰু যীচুৱে দিয়া আদেশ অনুসৰি কৰিলে, 7. গাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল। 8. তেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে; 9. আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!” 10. যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলে পুণৰ উৎফুল্লিত হৈ কব ধৰিলে “এই জন কোন?” 11. তাতে লোক সকলে ক’লে, “এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।” 12. পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে। 13. যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।” 14. তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে। 15. কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞৰি “জয়! জয়! দায়ুদৰ বংশৰ সন্তান”, বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷ 16. তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?” 17. পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ’ল আৰু ৰাতিতো তাতেই থাকিল। 18. ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷ 19. এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ’ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গ’ল৷ 20. যেতিয়া শিষ্য সকলে সেই গছজোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, “এই ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?” 21. যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব। 22. তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd