2. ‘তুমি যদি কোনো ইব্ৰীয়া দাস কিনি লোৱা, তেওঁ ছয় বছৰৰ বাবে সেৱা কৰিব; কিন্তু সপ্তম বছৰত তেওঁ বিনামূল্যে মুক্ত হৈ যাব।
3. তেওঁ যদি নিজে আহে, তেনেহ’লে তেওঁ নিজেই মুক্ত হৈ যাব। তেওঁ যদি বিবাহিত হয়, তেনেহ’লে তেওঁৰ ভাৰ্যা তেওঁৰে সৈতে মুক্ত হৈ যাব।
4. যদি তেওঁৰ মালিকে তেওঁক বিয়া কৰাই দিয়ে, আৰু তেওঁ ল’ৰা বা ছোৱালী জন্ম দিয়ে, তেনেহ’লে সেই ভাৰ্যা আৰু তেওঁৰ সন্তান সকল মালিকৰ স্বত্বত থাকিব, আৰু তেওঁ নিজেই মুক্ত হৈ যাব লাগিব।
5. সেই দাসে যদি স্পষ্টৰূপে কয়, ‘মই মোৰ মালিকক, মোৰ ভাৰ্যাক, আৰু মোৰ সন্তানসকলক প্ৰেম কৰোঁ, সেয়ে মই মুক্ত হৈ নাযাওঁ’।
26. কোনো লোকে যদি নিজৰ দাস বা দাসীৰ চকুত আঘাত কৰোঁতে চকু নষ্ট হয়, তেনেহ’লে তেওঁৰ চকুৰ বাবে তেওঁক ক্ষতিপূৰণ দি মুক্ত কৰি পঠাই দিব।
27. তেওঁ যদি মাৰোঁতে নিজৰ দাস বা দাসীৰ দাঁত সৰে, তেনেহ’লে সেই দাঁতৰ কাৰণে ক্ষতিপূৰণ দি তেওঁ তেওঁক মুক্ত কৰি পঠাই দিব।
28. কোনো গৰুৱে যদি কোনো পুৰুষ বা মহিলাক শিঙেৰে খোঁচোতে, তেওঁৰ মৃত্যু হয়, তেনেহ’লে লোকসকলে সেই গৰুটোক অৱশ্যে শিল দলিয়াই বধ কৰিব। সেই গৰুৰ মাংস খাব নোৱাৰিব; কিন্তু গৰুৰ গৰাকী সেই দোষত নির্দোষী হ’ব।
29. কিন্তু যদি সেই গৰুৱে আগেও শিঙেৰে খোঁচাৰ অভ্যাস আছে, আৰু গৰাকীক সেই বিষয়ে সাৱধান কৰি দিয়াৰ পাছতো যদি গৰাকীয়ে গৰুটোক সাৱধানে নাৰাখে, আৰু সেই গৰুৱে যদি কোনো পুৰুষ বা মহিলাক খুচি মাৰে, তেনেহ’লে সেই গৰুটোক শিল দলিয়াই বধ কৰা হ’ব, লগতে গৰুটোৰ গৰাকীকো প্ৰাণদণ্ড দিয়া হ’ব।
30. তেওঁৰ পৰা যদি মূল্য বিচাৰা হয়, তেনেহ’লে তেওঁ দিবলগীয়া মূল্য দিবই লাগিব।
31. সেই গৰুৱে যদি কোনো লোকৰ পুত্র বা জীয়েকক খোঁচে, তেনেহ’লে এই নিয়ম অনুসাৰেই গৰুৰ গৰাকীয়ে তেওঁলৈ কৰিব লাগিব।
32. সেই গৰুৱে যদি কোনো লোকৰ দাস বা দাসীক খোঁচে, তেনেহ’লে গৰুৰ গৰাকীয়ে ত্ৰিশ চেকল ৰূপ দিব লাগিব, আৰু গৰুটোক শিল দলিয়াই বধ কৰা হ’ব।
33. কোনো লোকে যদি গাত মুকলি কৰি ৰাখে, বা গাত খানি তাক ঢাকি নথয়, আৰু সেই গাতত যদি কোনো গৰু বা গাধ পৰে,
34. তেনেহ’লে সেই গাতৰ গৰাকীয়ে ক্ষতিপূৰণ দিব লাগিব। তেওঁ মৃত জন্তুটোৰ গৰাকীক ধন দিব লাগিব, কিন্তু সেই মৃত জন্তুটো তেওঁৰ হ’ব।
35. এজনৰ গৰুৱে যদি আন জনৰ গৰুক খোঁচোতে, সেই গৰু মৰে, তেনেহ’লে তেওঁলোকে জীয়াই থকা গৰুটো বেচি তাৰ মূল্য দুভাগ কৰিব, আৰু সেই মৰা গৰুটোকো দুভাগ কৰি লব।
36. কিন্তু যদি সেই গৰুৱে আগেও খোঁচাৰ অভ্যাস আছে, আৰু সেই কথা গৰাকীয়ে জানিবলৈ পায়ো গৰুটোক সাৱধানে নেৰাখে, তেনেহ’লে তেওঁ সেই গৰুৰ সলনি আন গৰু দি ক্ষতিপূৰণ কৰিব লাগিব, আৰু মৰা গৰুটো তেওঁৰ নিজৰ হ’ব।”
1. কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব।
2. চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব।
3. কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব। চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চোৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব।
4. চোৰে চুৰ কৰা গৰু, গাধ, বা মেৰ-ছাগ, যদি তেওঁৰ হাতত জীয়াই থকা পোৱা যায়, তেনেহ’লে তেওঁ তাৰ পৰিৱৰ্তে দুগুণ দিব লাগিব।
5. কোনো লোকে যদি শস্য-ক্ষেত্ৰত বা দ্ৰাক্ষাবাৰীত পশু চৰায় বা নিজৰ পশু মেলি দিওঁতে যদি আনৰ পথাৰত গৈ চৰে, তেনেহ’লে তেওঁ নিজৰ পথাৰৰ উত্তম শস্য, বা নিজৰ দ্ৰাক্ষাবাৰীৰ উত্তম ফল দি ক্ষতিপূৰণ কৰিব লাগিব।
6. জুই বিস্তাৰিত হৈ কাঁইটনিত লাগি যদি কোনো লোকৰ দমাই থোৱা শস্য, বা পথাৰৰ শস্য, বা পথাৰ গ্রাস কৰে, তেনেহ’লে যি জনে সেই জুই লগাবলৈ আৰম্ভ কৰিছিল, তেওঁ অৱশ্যে ক্ষতিপূৰণ দিব লাগিব।
7. কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থ’বলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব।
8. কিন্তু যদি চোৰ ধৰা নপৰে, তেনেহ’লে চুবুৰীয়াৰ সম্পতিৰ ওপৰত তেওঁ হাত দিছে নে নাই সেই কথা প্রমান কৰিবলৈ ঘৰৰ গৰাকী বিচাৰকৰ্ত্তাৰ ওচৰলৈ যাব লাগিব।
9. কোনো বস্তুৰ বাবে হোৱা সকলো বিবাদ, যেনে গৰু, গাধ, মেৰ-ছাগ বা কাপোৰ আদি যি কোনো হেৰোৱা বস্তুৰ বিষয়ে “এই বস্তু মোৰ” বুলি কোৱা দুয়ো পক্ষৰ লোক বিচাৰকৰ্ত্তাৰ ওচৰলৈ আহিব লাগিব। এই বিষয়ত বিচাৰকৰ্ত্তাই যিজনক দোষী সাব্যস্ত কৰিব, তেওঁ তেওঁৰ চুবুৰীয়াক তাৰ দুগুণ দিব লাগিব।
10. কোনো লোকে যদি নিজৰ চুবুৰীয়াক এটা গাধ বা গৰু, বা মেৰ-ছাগ বা আন কোনো পশু ৰাখিবলৈ দিয়ে, আৰু কোনোৱে নেদেখাকৈ সেই পশু মৰে, বা আঘাত পায়, অথবা কোনোৱে যদি লৈ যায়,