एक साल में बाइबल मार्च 16গননা 29:1-391. আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা। সেই দিনা তোমালোকৰ তূৰী বজোৱা দিন হ’ব।2. সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা।3. আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,4. আৰু মেৰ পোৱালিৰ সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।5. আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।6. নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা।7. সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য নকৰিবা।8. কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।9. আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,10. আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।11. আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা।12. আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা।13. আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণী পশু হ’ব লাগিব।14. আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেৰ দুটাৰ প্ৰত্যেক মেৰৰ কাৰণে দহ ভাগৰ দুভাগ,15. আৰু মতা মেৰ পোৱালি চৌধ্যটাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।16. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।17. আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।18. আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা।19. নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।20. আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।21. আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।22. আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগলী, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।23. আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।24. আৰু দমৰা গৰুৰ, মেৰৰ, আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।25. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।26. আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিঘুণ পশু হ’ব লাগিব।27. আৰু দমৰা গৰুৰ, মেৰৰ, মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব;28. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।29. আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।30. আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।31. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।32. আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।33. আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।34. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।35. অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায়ৰ কৰ্ম নকৰিবা।36. কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।37. আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।38. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।39. সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।”গননা 30:1-161. পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ মূল লোকসকলক ক’লে। তেওঁ ক’লে, যিহোৱাই এই আজ্ঞা দিছে।2. কোনো পুৰুষে যদি যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজ প্ৰাণ বন্ধ কৰিবলৈ শপত কৰে, তেন্তে তেওঁ নিজৰ বাক্য ব্যৰ্থ নকৰি, নিজৰ মুখৰ পৰা ওলোৱা আটাই বাক্য সিদ্ধ কৰিব লাগিব।3. আৰু কোনো মহিলাই যদি জীয়াৰী কালত পিতৃৰ ঘৰত থাকোঁতে যিহোৱাৰ উদ্দেশ্যে কোনো সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজকে বন্ধ কৰে4. আৰু তাইৰ পিতৃয়ে যদি, তাই সঙ্কল্প কৰা, বা ব্ৰত-বন্ধনেৰে তাই নিজকে বন্ধ কৰা কথা শুনিও, তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব আৰু বন্ধনেৰে তাই নিজকে বন্ধ কৰে, তাকো সিদ্ধ কৰিব লাগিব।5. কিন্তু শুনা দিনা যদি তাইৰ পিতৃয়ে তাইক নিষেধ কৰে, তেন্তে তাইৰ সঙ্কল্প বা যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, সেই আটাই কথা সিদ্ধ কৰিব নালাগিব; আৰু তাইৰ পিতৃয়ে নিষেধ কৰা হেতুকে যিহোৱাই তাইক ক্ষমা দিব।6. আৰু তাই সঙ্কল্পৰ অধীন থকা বা অবিবেচনাৰূপে মুখৰ পৰা ওলোৱা বাক্যেৰে নিজকে বন্ধ কৰা কালত, যদি তাইক বিয়া দিয়া হয়,7. আৰু তাইৰ স্বামীয়ে তাক শুনিও, শুনা দিনা তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সঙ্কল্পবোৰ সিদ্ধ কৰিব লাগিব বা যি যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।8. কিন্তু শুনা দিনা যদি তাইৰ স্বামীয়ে তাইক নিষেধ কৰে, তেন্তে তাই যি সঙ্কল্পৰ অধীন আৰু অবিবেচনাৰূপে নিজৰ মুখৰ পৰা ওলোৱা যি বাক্যৰ দ্বাৰাই তাই নিজকে বন্ধ কৰিলে, স্বামীয়ে তাক ব্যৰ্থ কৰিব আৰু যিহোৱাই তাইক ক্ষমা দিব।9. কিন্তু বাঁৰী বা স্বামীয়ে ত্যাগ কৰা মহিলাই সঙ্কল্প আদি বন্ধনেৰে নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লাগিব।10. আৰু তেওঁ যদি স্বামীৰ ঘৰত থাকোঁতে সঙ্কল্প কৰে বা শপত কৰি নিজকে ব্ৰত বন্ধনেৰে বন্ধ কৰে,11. আৰু তাইৰ স্বামীয়ে সেই বিষয়ে শুনি তাইক একো নকৈ যদি মনে মনে থাকে, তাইক নিষেধ নকৰে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব। আৰু তাই যি বন্ধনেৰে নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।12. কিন্তু শুনা দিনা তাইৰ স্বামীয়ে যদি সেই সকলোকে কোনো ৰূপে ব্যৰ্থ কৰে, তেন্তে তাইৰ সঙ্কল্প আৰু তাইৰ ব্ৰত-বন্ধনৰ বিষয়ে তাইৰ মুখৰ পৰা যি বাক্য ওলাইছিল, তাকো সিদ্ধ কৰিব নালাগিব। তাইৰ স্বামীয়ে তাক ব্যৰ্থ কৰিলে আৰু যিহোৱাই তাইক ক্ষমা দিব।13. মহিলাৰ প্ৰত্যেক সঙ্কল্প আৰু নিজকে দুখ দিবলৈ নিজকে বন্ধ কৰা শপত তাইৰ স্বামীয়ে সিদ্ধও কৰিব পাৰে, তাইৰ স্বামীয়ে তাক ব্যৰ্থও কৰিব পাৰে।14. কিন্তু তাইৰ স্বামীয়ে যদি কেইবা দিনলৈকে তাইক একো নকৈ সকলোভাৱে মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প আৰু নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লগীয়া কৰে। কিয়নো শুনা দিনা একো নকৈ মনে মনে থকাত, সি তাক সিদ্ধ কৰিব লগীয়া কৰিলে।15. কিন্তু তাক শুনাৰ পাছত যদি কোনোৰূপে সি তাক ব্যৰ্থ কৰে, তেন্তে স্বামীয়ে তাইৰ অপৰাধৰ ফল ভোগ কৰিব।16. স্বামী আৰু ভাৰ্য্যাৰ বিষয়ে, পিতৃয়ে আৰু যৌৱন কালত তেওঁৰ ঘৰত থকা জীয়েকৰ বিষয়ে যিহোৱাই মোচিক আজ্ঞা দিয়া বিধি এইবোৰ।গীত 34:15-2215. যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।16. যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব।17. ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।18. যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।19. ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।20. যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়।21. দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।22. যিহোৱাই তেওঁৰ দাসবোৰৰ প্ৰাণ মুক্ত কৰে; তেওঁত আশ্ৰয় লোৱা সকলৰ কোনোৱেই দণ্ডিত নহব।হিতো 11:30-3130. সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।31. সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।মাৰ্ক 14:27-5427. তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোক সকলোৱে মোৰ কাৰণে বিঘিনি পাবা; কিয়নো এনে লিখা আছে যে, ‘মই মেৰৰখীয়াক আঘাত কৰিম, তাতে মেৰবোৰ সিচঁৰতি হৈ যাব।’28. কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”29. তেতিয়া পিতৰে যীচুক ক’লে, “যদিও সকলোৱে বিঘিনি পায়, তথাপি মই নাপাম।”30. তেতিয়া যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, আজি এই ৰাতি কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷”31. কিন্তু পিতৰে অতি দৃঢ়কৈ ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্ৱীকাৰ নকৰিম।” এইদৰে সকলোৱে প্ৰতিজ্ঞা কৰি ক’লে৷32. পাছত তেওঁলোকে গেৎচিমানী নামৰ এখন ঠাইত আহি, যীচুৱে নিজৰ শিষ্য সকলক ক’লে, “মই প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা।”33. পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হ’ব ধৰিলে।34. তাতে তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷”35. পাছত তেওঁ অলপ আগুৱাই গৈ, মাটিত পৰি, যদি হ’ব পাৰে, তেনেহলে সেই দুঃসময় তেওঁৰ পৰা দুৰ হ’বলৈ প্ৰাৰ্থনা কৰি ক’লে,36. “আব্বা, পিতৃ, সকলো তোমাৰ সাধ্য; মোৰ পৰা এই দূখৰ পান-পাত্ৰ দুৰ কৰা; কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছাৰে।”37. পাছত তেওঁ আহি, তিনি জন শিষ্যকো টোপনিয়াই থকা দেখি, পিতৰক ক’লে, “হে, চিমোন, তুমিও টোপনি গ’লা নে?38. এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে? পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক কিন্তু শৰীৰ দূৰ্বল।”39. তেতিয়া তেওঁ আকৌ আতৰি গৈ, একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।40. পাছত আকৌ আহি, তেওঁলোকক টোপনিত থকা পালে; কিয়নো তেওঁলোকৰ চকু টোপনিয়ে জাপ খুৱাই নিছিল আৰু সেই সময়ত তেওঁক কি উত্তৰ দিব লাগিছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে।41. পাছত তৃতীয় বাৰ আহি, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে এতিয়াও টোপনিয়াই আছা আৰু বিশ্ৰাম কৰিছা৷ হ’ব! সেই সময় আহিল; চোৱা, মানুহৰ পুত্ৰক পাপী লোকৰ হাতত শোধাই দিয়া হৈছে।42. উঠা, আমি এতিয়া যাব লাগে; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”43. তেতিয়া যীচুৱে এই কথা কৈ থাকোতেই, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকলৰ লগত তৰোৱাল আৰু টাঙোন লৈ থকা মানুহৰ এটা দল ওচৰ চাপি আহিল৷44. তেওঁক শোধাই দিয়া জনে সেই লোক সকলক এই সংকেত দিছিল যে, “মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকেই আবদ্ধ কৰি সাৱধানে তেওঁক লৈ যাবা।”45. পাছত তেওঁ যীচুৰ ওচৰলৈ গৈ কলে “ৰব্বি” আৰু তেওঁক চুমা খালে।46. তেতিয়া তেওঁলোকে যীচুৰ গাত হাত দি তেওঁক আৱদ্ধ কৰিলে।47. তাতে তেওঁৰ ওচৰত থিয় হৈ লোক সকলৰ মাজৰ এজনে তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ এজন দাসক ঘাপ মাৰি, তেওঁৰ কাণ এখন কাটি পেলালে।48. তেতিয়া যীচুৱে মাত লগাই তেওঁলোকক ক’লে, “তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইতক ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছা নে?49. যেতিয়া মই তোমালোকৰ সৈতে আছিলোঁ আৰু মন্দিৰত নিতৌ উপদেশ দিছিলোঁ, তেতিয়া তোমালোকে মোক নধৰিলা; কিন্তু সেই সকলোবোৰ ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হোৱাৰ বাবেহে এইদৰে ঘটিল।”50. পাছত যীচুৰ সৈতে থকা সকলোৱে তেওঁক ত্যাগ কৰিলে আৰু পলাল৷51. তেতিয়া কোনো এজন ডেকাই উদং গাত শণ সূতাৰ মিহি কাপোৰ এখন লৈ, যীচুৰ পাছে পাছে গৈছিল; তেতিয়া তেওঁলোকে তাক আবদ্ধ কৰিলে;52. কিন্তু সি কাপোৰ খন এৰি উলঙ্গ হৈ পলাই গ’ল।53. পাছত তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গ’ল। তেতিয়া সকলো প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ লগত আহি গোট খালে।54. আৰু তেতিয়াই পিতৰে আতৰে আতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions