গননা 1:1-54 1. পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক ক’লে, 2. “তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশৰ নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ প্ৰত্যেক জনৰ নাম অনুসাৰে গণনা কৰা। 3. বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা। 4. প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ ফৈদৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব। 5. যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোঁতা লোকসকলৰ নামবোৰ হ’ল: ৰূবেণ ফৈদৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ। 6. চিমিয়োন ফৈদৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল। 7. যিহূদা ফৈদৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন। 8. ইচাখৰ ফৈদৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল। 9. জবূলূন ফৈদৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব। 10. যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম ফৈদৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি ফৈদৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল। 11. বিন্যামীন ফৈদৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান। 12. দান ফৈদৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ। 13. আচেৰ ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগীয়েল। 14. গাদ ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ। 15. নপ্তালী ফৈদৰ পৰা ঐননৰ পুত্ৰ অহীৰা। 16. এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক। 17. তেতিয়া মোচি আৰু হাৰোণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল’লে, 18. আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে। 19. এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে। 20. ইস্ৰায়েলৰ প্ৰথমে জন্মা ৰূবেণ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। 21. ৰূবেণ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল। 22. চিমিয়োনৰ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু এওঁলোক পূৰ্বপুৰুষৰ বংশৰ আৰু পৰিয়ালৰ নথিৰ পৰা যুদ্ধলৈ যাব পৰা বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া লোক। 23. চিমিয়োনৰ সেই ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন আছিল। 24. গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 25. গাদৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন আছিল। 26. যিহূদা গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 27. যিহূদা ফৈদৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌসত্তৰ হাজাৰ ছশ জন আছিল। 28. ইচাখৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 29. ইচাখৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চৌৱন্ন হাজাৰ চাৰিশ আছিল। 30. জবূলূন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 31. জবূলূন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা সাতাৱন হাজাৰ চাৰিশ আছিল। 32. যোচেফৰ সন্তান ইফ্ৰয়িম গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 33. ইফ্ৰয়িম ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ আছিল। 34. মনচিৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 35. মনচি ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বত্ৰিশ হাজাৰ দুশ আছিল। 36. বিন্যামীন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 37. বিন্যামীন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঁয়ত্ৰিশ হাজাৰ চাৰিশ আছিল। 38. দান গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 39. দান ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা বাষষ্ঠি হাজাৰ সাত শ আছিল। 40. আচেৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 41. আচেৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন। 42. নপ্তালী গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ’ল আৰু এওঁলোক প্ৰতিজনে পূর্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যাব পৰা লোক। 43. নপ্তালী ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা তেপন্ন হাজাৰ চাৰিশ আছিল। 44. মোচি আৰু হাৰোণে এইদৰে আটাই লোককে গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ গোষ্ঠী সমূহক নেতৃত্ব দিয়া, সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে। 45. এইদৰে যি সকলে যুদ্ধলৈ যাব পাৰে, এনে বিশ বছৰ বা তাতকৈ বয়সীয়া ইস্ৰায়েলৰ সকলো লোকক পৰিয়াল অনুসাৰে গণনা কৰা হ’ল। 46. গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ আছিল। 47. কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবীয়াসকলক গণনা কৰা নহ’ল। 48. কিয়নো যিহোৱাই মোচিক কৈছিল, 49. ‘তুমি লেবী ফৈদক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’ 50. কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব। 51. আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব। 52. ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত, তম্বু তৰিব লাগিব। 53. কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।” 54. ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।
গননা 2:1-34 1. যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে, 2. “ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ পতাকাৰ গুৰিৰ চৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব। 3. যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 4. তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন। 5. তেওঁলোকৰ কাষত ইচাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 6. নথনেলৰ সৈন্যৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ। 7. ইচাখৰৰ গোষ্ঠীৰ কাষত জবূলূনৰ গোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 8. জবূলূনৰ সৈন্যৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ। 9. যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব। 10. দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 11. ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ। 12. তেওঁলোকৰ কাষত চিমিয়োনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 13. চিমিয়োনৰ সৈন্যৰ সংখ্যা আছিল ঊনষাঠি হাজাৰ তিনিশ। 14. তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰূৱেলৰ পুত্ৰ ইলিয়াচফ গাদৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 15. গাদৰ সৈন্যৰ সংখ্যা আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ। 16. ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব। 17. তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব। 18. সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 19. ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ। 20. তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 21. মনচিৰ সৈন্যৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ। 22. তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ ফৈদ। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 23. বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ। 24. ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব। 25. সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 26. দানৰ সৈন্যৰ সংখ্যা আছিল বাষষ্ঠি হাজাৰ সাতশ। 27. তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব; 28. আচেৰৰ সৈন্যৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচ শ। 29. তেওঁলোকৰ পাছত আহিব নপ্তালীৰ গোষ্ঠী। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ হ’ব; 30. নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ। 31. দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।” 32. ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল। 33. কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল। 34. যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।
গীত 29:7-11 7. যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে। 8. যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে। 9. যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!” 10. যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে। 11. যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!
হিতো 10:26-29 26. দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা। 27. যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব। 28. সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব। 29. যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
মাৰ্ক 7:14-37 14. পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে - “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক। 15. বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে। 16. কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক”। 17. পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে। 18. তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে, 19. কিয়নো সেইবোৰ বস্তু হৃদয়ত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজি পোৱা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক’লে। 20. তেওঁ পুনৰ ক’লে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে। 21. কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ, 22. পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়। 23. এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।” 24. পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আতৰি গ’ল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে। 25. যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। 26. সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভূত খেদাবলৈ তাই তেওঁক অনুৰোধ কৰিলে। 27. তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়”। 28. কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, “হয় প্ৰভু, তথাপি মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়”। 29. তাতে তেওঁ তাইক ক’লে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভূত বাহিৰ হৈ ওলাই গ’ল।” 30. পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভূত ওলাই গুচি গ’ল। 31. আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল। 32. তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে। 33. তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি; 34. থুইৰে জিভা চুই স্বৰ্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক’লে- “ইফফাথা, অর্থাৎ মুকলি হওক” । 35. তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা ক’বলৈ ধৰিলে। 36. পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে; 37. আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক’লে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক’বলৈ শক্তি দিয়ে”।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd