দ্বি.বি. 13:1-18 1. যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়, 2. আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,” 3. তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে। 4. আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব। 5. তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব। 6. যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে যিসকল দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলে নাজানে, সেইসকলৰ বাবে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ; 7. পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈৰ লোকসকলে যাক সেৱা কৰে, তেনে যি কোনো দেৱতাৰ পূজা কৰে, 8. তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ’ব আৰু তেওঁৰ কথালৈ কাণ নিদিব; তেওঁলৈ দয়া নেদেখুৱাব; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিব। 9. কিন্তু অৱশ্যেই সেই জনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰেই আৰম্ভ কৰিব; তাৰ পাছত সকলোৱে যোগ দিব। 10. যিজনে আপোনালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা আপোনালোককএফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক আপোনালোকে শিল দলিয়াই হত্যা কৰিব। 11. তাতে ইস্ৰায়েলীয়া সকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব। 12. আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে: 13. সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।” 14. তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে, 15. তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ-নিবাসীসকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিব। 16. সেই ঠাইৰ সকলো লুটদ্ৰব্য আপোনালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুটদ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিব; সেই নগৰ চিৰকালৰ কাৰণে যেন ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব। 17. যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব। 18. তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।
দ্বি.বি. 14:1-29 1. আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিব বা মূৰৰ চুলি নুখুৰাব। 2. কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়। 3. আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব। 4. আপোনালোকে খাব পৰা পশু এইবোৰ; গৰু, মেৰ, ছাগলী, 5. হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰ-ছাগ। 6. যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু আপোনালোকে খাব পাৰিব। 7. তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল হোৱা পশুবোৰৰ মাজত আপোনালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ আপোনালোকৰ কাৰণে অশুচি। 8. গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ পাগুলি নাথাকে, সি আপোনালোকৰ পক্ষে অশুচি। আপোনালোকে সেইবোৰৰ মাংস নাখাব, সেইবোৰৰ শৱকো নুচুব। 9. পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ আপোনালোকে খাব পাৰিব। 10. কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাব। সেইবোৰ আপোনালোকৰ কাৰণে অশুচি। 11. আপোনালোকে সকলোবিধৰ শুচি চৰাই খাব পাৰিব। 12. কিন্তু আপোনালোকে এইবোৰ খাব নোৱাৰিব: ঈগল, শগুণ, শেন, 13. শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলোবিধৰ মটিয়া চিলনী, 14. সকলো বিধৰ কাউৰী, 15. উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলোবিধৰ শেন জাতীয়; 16. ফেঁচা, হুদু, বগা-ফেঁচা, 17. হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা, 18. বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী। 19. জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ আপোনালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে। 20. কিন্তু আন পাখি থকা শুচি প্রণীবোৰ আপোনালোকে খাব পাৰিব। 21. নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব। 22. বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব। 23. যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব। 24. কিন্তু যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিব, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে আপোনালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰিব। 25. তেন্তে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাব। 26. আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব। 27. আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকল তেওঁলোকক নাপাহৰিব; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই। 28. প্ৰত্যেক তৃতীয় বছৰৰ শেষত, আপোনালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি আপোনালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিব। 29. তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।
গীত 37:23-29 23. যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়। 24. তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে। 25. মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই। 26. ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়। 27. তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা। 28. কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব। 29. ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব; তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।
হিতো 12:15-16 15. অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে। 16. অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই; কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।
লূক 2:25-52 25. তেতিয়া যিৰূচালেমত চিমিয়োন নামেৰে এজন ধাৰ্মিক আৰু ঈশ্বৰভক্ত লোক আছিল আৰু তেওঁ ইস্ৰায়েলৰ সান্ত্বনাৰ কাৰণে অপেক্ষা কৰি আছিল। পবিত্ৰ আত্মা তেওঁৰ সৈতে আছিল। 26. প্ৰভুৰ অভিষিক্ত জনক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল। 27. সেইদিনা পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন মন্দিৰলৈ আহিছিল। বিধানৰ বিধান পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে। 28. তেতিয়া চিমিয়োনে যীচুক কোলাত লৈ ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, 29. “হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক। 30. কিয়নো মোৰ চকুৱে আপোনাৰ পৰিত্রাণ দেখা পালে, 31. যি পৰিত্রাণ আপুনি সকলো লোকৰ সাক্ষাতে প্রস্তুত কৰিলে। 32. তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্ৰায়েল লোকৰ গৌৰৱ হব।” 33. শিশুটিৰ বিষয়ে চিমিয়োনে যি সকলো কথা ক’লে, সেই বিষয় শুনি মাক-বাপেক বিস্মিত হৈ গ’ল। 34. তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্ৰায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হ’ব যাৰ বিৰুদ্ধে অনেকেই কথা কব; 35. তাতে বহু লোকৰ মনৰ ভাৱনা প্রকাশ হৈ পৰিব আৰু তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব।” 36. সেই ঠাইতে হান্না নামৰ এগৰাকী ভাববাদিনী আছিল। তেওঁ আচেৰ ফৈদৰ পনুৱেলৰ জীয়েক। তেওঁৰ অনেক বয়স হৈছিল। বিবাহৰ পাছত তেওঁ স্বামীৰ সৈতে সাত বছৰ থাকিল 37. আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল। 38. ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে ক’বলৈ ধৰিলে। 39. প্ৰভুৰ বিধানৰ মতে কৰিবলগীয়া সকলো নিয়ম সম্পূর্ণ কৰি যোচেফ আৰু মৰিয়ম নিজৰ নগৰ গালীল প্ৰদেশৰ নাচৰতলৈ উলটি আহিল। 40. পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল। 41. নিস্তাৰ-পৰ্ব পালন কৰিবলৈ প্রত্যেক বছৰে যীচুৰ মাক আৰু বাপেক যিৰূচালেমলৈ যায়। 42. যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল। 43. পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গ’ল; কিন্তু তেওঁৰ মাক-বাপেকে এই কথা জনা নাছিল। 44. তেওঁলোকৰ সৈতে যাত্রা কৰা দলৰ লগতে যীচু আছে বুলি ভাবি, তেওঁলোক এদিনৰ বাট গ’ল। পাছত তেওঁলোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত তেওঁক বিচাৰিবলৈ ধৰিলে। 45. কিন্তু মানুহৰ মাজত বিচাৰি নাপায় যিৰূচালেমলৈ পুণৰ ঘূৰি আহি তেওঁলোকে যীচুক তাত বিচাৰি ফুৰিব ধৰিলে। 46. তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল। 47. আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে। 48. মাক-বাপেকেও তেওঁক দেখি আচৰিত হ’ল৷ মাকে তেওঁক ক’লে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ।” 49. তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?” 50. কিন্তু তেওঁ কি কথা কব বিচাৰিছিল, সেই কথাৰ অৰ্থ তেওঁলোকে বুজি নাপালে। 51. তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গ’ল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে। 52. কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু ঈশ্বৰৰ অনুগ্ৰহ সৈতে, মানুহৰ প্রেমত অধিককৈ বাঢ়ি যাব ধৰিলে।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd