গননা 7:1-89 1. পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে। 2. সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষসকল, তেওঁলোকৰ পিতৃ-বংশৰ মুখিয়ালসকলে নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক ফৈদবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল। 3. তেওঁলোকে যিহোৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে ঢাকনি থকা ছখন গাড়ী আৰু বাৰটা ষাঁড়-গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষলৈ এখন এখন গাড়ী, আৰু প্ৰতিজনৰ কাৰণে এটা এটা ষাঁড়-গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে। 4. তেতিয়া যিহোৱাই মোচিক কলে, 5. “সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে, তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবীয়াসকলক দিবা, অৰ্থাৎ তেওঁলোকৰ প্রতিজনকে নিজ নিজ কাৰ্য অনুসাৰে দিবা।” 6. পাছত মোচিয়ে সেই সকলো গাড়ী আৰু ষাঁড়-গৰুবোৰ লৈ লেবীয়াসকলক দিলে। 7. গেৰ্চোনৰ সন্তান সকলক তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে দুখন গাড়ী আৰু চাৰিটা ষাঁড়-গৰু দিলে। 8. তেওঁ মৰাৰীৰ সন্তান সকলক চাৰিখন গাড়ী আৰু আঠটা ষাঁড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে। 9. কিন্তু কহাতৰ সন্তান সকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰ হে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয়া বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া। 10. মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞবেদীৰ আগত উপস্থিত কৰিলে। 11. তেতিয়া যিহোৱাই মোচিক কলে, “প্রতিজন অধ্যক্ষই এদিন যজ্ঞবেদীৰ প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব।” 12. তেতিয়া প্ৰথম দিনা যিহূদা ফৈদৰ অম্মীনাদবৰ পুত্ৰ নহচোনে নিজৰ উপহাৰ আনিলে। 13. তেওঁৰ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 14. তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখ সোণৰ এটা পিয়লাও দান কৰিছিল। 15. নহচোনে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ দিছিল। 16. তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল। 17. আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচোটা এবছৰীয়া মতা মেৰ পোৱালি দিছিল। এয়ে অম্মীনাদবৰ পুত্ৰ নহচোনৰ উপহাৰ। 18. দ্বিতীয় দিনা, ইচাখৰৰ অধ্যক্ষ চূৱাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে। 19. তেওঁ অনা উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকলজোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 20. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল। 21. নথনেলে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 22. তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল। 23. মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৱাৰৰ পুত্ৰ নথনেলৰ উপহাৰ। 24. তৃতীয় দিনা, জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হেলোনৰ পুত্ৰ ইলীয়াবে উপহাৰ আনিলে। 25. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিলে। এই দুই পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 26. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 27. তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 28. পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী আনিছিল; 29. আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল হেলোনৰ পুত্ৰ ইলীয়াবৰ উপহাৰ। 30. চতুৰ্থ দিনা, ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে। 31. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 32. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 33. তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 34. আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল। 35. ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ। 36. পঞ্চম দিনা চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলে উপহাৰ আনিলে। 37. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 38. আৰু ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল; 39. তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 40. আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী। 41. তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলৰ উপহাৰ। 42. ষষ্ঠ দিনা, গাদৰ সন্তান সকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াচফে উপহাৰ আনিলে। 43. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 44. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ এটা সোণৰ পিয়লাও আনিছিল। 45. তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 46. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; 47. তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল দুৱেলৰ পুত্ৰ ইলিয়াচফৰ উপহাৰ। 48. সপ্তম দিনা, ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ ইলীচামাই উপহাৰ আনিলে। 49. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 50. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 51. তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 52. তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল; 53. আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীহূদৰ পুত্ৰ ইলীচামাৰ উপহাৰ। 54. অষ্টম দিনা, মনচিৰ সন্তান সকলৰ অধ্যক্ষ পদাচূৰৰ পুত্ৰ গম্লীয়েলে উপহাৰ আনিলে। 55. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 56. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 57. তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 58. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। 59. তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল পদাচূৰৰ পুত্ৰ গম্লীয়েলৰ উপহাৰ। 60. নৱম দিনা, বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ গিদিয়োনীৰ পুত্ৰ অবীদানে উপহাৰ আনিলে। 61. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চোকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 62. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 63. হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ 64. আৰু এটা এবছৰীয়া মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; 65. তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল গিদিয়োনীয়া পুত্ৰ অবীদানৰ উপহাৰ। 66. দশম দিনা, দানৰ সন্তান সকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে। 67. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ এখন ৰূপৰ থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 68. তেওঁ ধূপেৰে পূৰ হোৱা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 69. তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 70. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; 71. তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰৰ উপহাৰ। 72. একাদশ দিনা, আচেৰৰ সন্তান সকলৰ অধ্যক্ষ আক্ৰণৰ পুত্ৰ পগীয়েলে উপহাৰ আনিলে। 73. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 74. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখ সোণৰ এটা পিয়লাও আনিছিল। 75. তেওঁ হোম অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 76. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। 77. তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল আক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ। 78. দ্বাদশ দিনা, নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে। 79. তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰবপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভৈক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 80. তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 81. তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 82. আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। 83. তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল ঐননৰ পুত্ৰ অহীৰাৰ উপহাৰ। 84. মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল। 85. তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰ স্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল; 86. প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ বাৰটা পিয়লা পবিত্ৰ স্থানৰ চেকল অনুসাৰে দহ চেকল জোখৰ সোণৰ আছিল; আটাই কেইটা পিয়লাৰ সোণ সৰ্ব্বমুঠ এশ বিশ চেকল আছিল। 87. তেওঁলোকে হোম বলিৰ অৰ্থে সৰ্ব্বমুঠ বাৰটা দমৰা ষাঁড়-গৰু, বাৰটা মতা মেৰ-ছাগ, বাৰটা এবছৰীয়া মতা মেৰ পোৱালি, আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে বাৰটা মতা ছাগলী দান কৰিছিল। 88. তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা ষাঁড়-গৰু, ষাঠিটা মতা মেৰ-ছাগ, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞবেদী অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ। 89. পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
গননা 8:1-26 1. যিহোৱাই মোচিক ক’লে, 2. “তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।” 3. তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে। 4. সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল। 5. যিহোৱাই মোচিক পুনৰায় ক’লে, 6. “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা। 7. তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক। 8. তাৰ পাছত তেওঁলোকে এটা দমৰা ষাঁড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক। 9. তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা। 10. তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব। 11. ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব। 12. পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা। 13. এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। 14. এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব। 15. তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা। 16. তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ। 17. কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।। 18. এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ। 19. আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।” 20. মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে। 21. লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে। 22. তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে। 23. পাছত যিহোৱাই পুনৰায় মোচিক কলে, 24. “লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব। 25. আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব। 26. তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”
গীত 31:1-5 1. হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা। 2. মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা। 3. তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা। 4. মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়। 5. হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
হিতো 11:4-6 4. ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে। 5. সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়। 6. যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
মাৰ্ক 9:1-29 1. যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷” 2. তাৰ ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল। 3. তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে। 4. তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল। 5. তাতে পিতৰে মাত লগাই যীচুক ক’লে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।” 6. কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল। 7. তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা”। 8. পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷ 9. পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নক’বা”। 10. তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু ‘মৃত্যুৰ পৰা পুনৰুত্থান’ কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে। 11. পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?” 12. তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব? 13. কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।” 14. পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল। 15. তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷ 16. তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?” 17. তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷ 18. সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদাবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।” 19. তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷” 20. তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে। 21. তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ ক’লে, “শিশু কালৰে পৰা হৈছে; 22. আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।” 23. তেতিয়া যীচুৱে তেওঁক ক’লে, “যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।” 24. তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই ক’লে, “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!” 25. তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷” 26. তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”। 27. কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল। 28. পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?” 29. তাতে তেওঁ তেওঁলোকক ক’লে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd