এবছৰত বাইবেল
জুন 17

1. আঠ বছৰ বয়সত যোচিয়া ৰজা হৈছিল আৰু যিৰূচালেমত একত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিদীদা; তেওঁ বস্কতৰ অদায়াৰ জীয়েক আছিল।
2. যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।
3. যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত, তেওঁ মচুল্লমৰ নাতি অচলিয়াৰ পুত্ৰ ৰজাৰ লেখক চাফনক এই কথা কৈ যিহোৱাৰ গৃহলৈ পঠাই দিলে,
4. “আপুনি প্রধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ যাওঁক আৰু তেওঁক কওঁক যে লোকসকলৰ পৰা পোৱা যিহোৱাৰ গৃহলৈ অনা যি ধন মন্দিৰ-ৰক্ষকসকলে জমা কৰে, তাৰ যেন হিচাপ কৰে।
5. সেই ধন যিহোৱাৰ গৃহত নিযুক্ত তত্বাৱধায়কসকলৰ হাতত দিয়া হওঁক আৰু তেওঁলোকে মন্দিৰৰ ভগ্ন স্থান মেৰামতি কৰিবলৈ সেই ধনেৰে যিহোৱাৰ গৃহত কাম কৰা বনুৱাসকলৰ মজুৰি দিয়ক।
6. কাঠমিস্ত্রী, ঘৰ নির্মাতা আৰু ৰাজমিস্ত্ৰীসকলক মজুৰি দিয়ক; তাৰ উপৰি মন্দিৰ মেৰামতিৰ কাৰণে যেন কাঠ আৰু কটা শিল আদি কিনে।”
7. কিন্তু তেওঁলোকৰ হাতত যি ধন দিয়া হ’ল, তাৰ হিচাপ তেওঁলোকে দিয়াৰ প্রয়োজন নাই। কিয়নো তেওঁলোকে বিশ্বাসীৰূপে কাৰ্য কৰিছিল।
8. প্রধান পুৰোহিত হিল্কিয়াই লেখক চাফন লিখকক ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” হিল্কিয়াই পুস্তকখন চাফনক দিয়াৰ পাছত তেওঁ তাক পঢ়িলে।
9. তাৰ পাছত চাফনে পুস্তকখন লৈ ৰজাৰ ওচৰলৈ গ’ল আৰু এই সংবাদ দিলে, “আপোনাৰ দাসবোৰে মন্দিৰত পোৱা ধন বাহিৰ কৰি যিহোৱাৰ গৃহৰ তদাৰক কৰা তত্বাৱধায়কসকলৰ হাতত দিলে।”
10. লেখক চাফনে ৰজাক এই কথাও জনালে, “প্রধান পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিছে।” এইবুলি কৈ চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
11. ব্যৱস্থা পুস্তকত যি লিখা আছিল, তাক শুনি ৰজাই নিজৰ কাপোৰ ফালিলে।
12. ৰজাই পুৰোহিত হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখায়াৰ পুত্ৰ অকবোৰক, লেখক চাফনক আৰু ৰজাৰ নিজ দাস অচায়াক আজ্ঞা দি ক’লে,
13. “আপোনালোক যাওঁক আৰু এই যি পুস্তকখন পোৱা গৈছে, তাত যিবোৰ কথা লিখা আছে সেই সকলোবোৰৰ সম্বন্ধে আপোনালোকে গৈ মোৰ কাৰণে, লোকসকলৰ কাৰণে আৰু সমগ্র যিহূদা দেশৰ কাৰণে যিহোৱাৰ ওচৰত সোধক; কিয়নো আমাৰ বিৰুদ্ধে যিহোৱা ক্ৰোধত প্ৰজ্বলিত হৈছে; কাৰণ আমাৰ পূর্বপুৰুষসকলে এই পুস্তকৰ কথাবোৰ নুশুনিলে আৰু আমাৰ সম্বন্ধে পালন কৰিবৰ কাৰণে যি সকলো কথা লিখা আছে, সেই অনুসাৰে তেওঁলোকে কার্য নকৰিলে।”
14. এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।
15. তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ যে,
16. “যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম।
17. কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”
18. কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’
19. তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র থ’লো; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
20. ‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ‍ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল।
1. পাছত ৰজা যোচিয়াই মানুহ পঠাই যিহূদা আৰু যিৰূচালেমৰ সকলো বৃদ্ধ পৰিচাৰকসকলক মাতি একত্রিত কৰিলে।
2. যিহূদা আৰু যিৰূচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহোৱাৰ গৃহলৈ গ’ল। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল, তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে।
3. স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।
4. ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।
5. যিহূদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূর্য, চন্দ্র, গ্রহ-নক্ষত্র, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ ৰজাসকলে যি সকলো মূর্তিপূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল, তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আতৰালে।
6. তেওঁ যিহোৱাৰ গৃহৰ পৰা আচেৰা মূৰ্ত্তিটো বাহিৰ কৰি, যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুড়ি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে।
7. যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।
8. ৰজা যোচিয়াই যিহূদাৰ নগৰবোৰৰ সকলো পুৰোহিতক যিৰূচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰ-চেবা পর্যন্ত যি সকলো ওখ ঠাইৰ মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল, তেওঁ সেই সকলোবোৰ ঠাই অপবিত্র কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাইৰ মঠবোৰ ধ্বংস কৰিলে; যিৰূচালেম নগৰৰ যিহোচূৱা নামৰ এজন ৰাজ্যপালে নির্মাণ কৰা যিহোচূৱা দুৱাৰৰ প্রৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল, তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱা নগৰৰ প্রধান দুৱাৰৰ বাওঁফালে আছিল।
9. ওখ ঠাইৰ মঠবোৰৰ পুৰোহিতসকলক যদিও যিৰূচালেমত যিহোৱাৰ যজ্ঞবেদীত সেৱা-কার্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমীৰ নিদিয়া পিঠা খাব পাৰিছিল।
10. কোনেও যাতে মোলক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোমবলি দিব নোৱাৰে, সেয়ে ৰজা যোচিয়াই বিন-হিন্নোমৰ উপত্যকাত থকা তোফৎ নামৰ পূজাৰ ঠাইক অপবিত্র কৰি দিলে।
11. যিহূদাৰ ৰজাসকলে যি সকলো ঘোঁৰা আৰু ৰথবোৰ সূর্যৰ পূজাৰ অর্থে দিছিল, যোচিয়াই সেই ঘোঁৰাবোৰক দূৰ কৰিলে আৰু ৰথবোৰ পুৰি পেলালে। ঘোঁৰাবোৰক নাথন-মেলক নামৰ এজন গৃহাধ্যক্ষৰ কোঁঠাৰ ওচৰত, যিহোৱাৰ গৃহৰ প্রৱেশ পথৰ ওচৰৰ এডোখৰ ঠাইত ঘোঁৰাবোৰক ৰখা হৈছিল।
12. ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে।
13. ভ্রষ্টাচাৰ পাহাৰৰ দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল।
14. ৰজা যোচিয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰো কাটি পেলালে। সেই ঠাইবোৰ মানুহৰ অস্থিৰে পূর্ণ কৰি ঢাকি দিলে।
15. ইস্রায়েলক পাপ কার্যত লিপ্ত কৰোঁৱা নবাটৰ পুত্র যাৰবিয়ামে বৈৎএলত যি বেদী আৰু ওখ ঠাইৰ মঠ নির্মাণ কৰিছিল, তাক যোচিয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মুৰ্ত্তিটোও জুইৰে পুৰিলে।
16. তাৰ পাছত তেওঁ চাৰিওফালে চালে আৰু পাহাৰৰ কাষত থকা সমাধিস্থল দেখা পালে। তেওঁ মানুহ পঠাই সেই সমাধিবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে আৰু সেইবোৰ বেদীৰ ওপৰত পুৰি তাক অপবিত্র কৰিলে। ঈশ্বৰৰ লোকে যি সকলো ঘটনাৰ কথা পূর্বে ঘোষণা কৰিছিল, যিহোৱাৰ সেই বাক্য অনুসাৰেই এই সকলো হ’ল।
17. ৰজাই সুধিলে, “মই সেই যি স্তম্ভটো দেখা পাইছো, সেইটো কি?” নগৰৰ লোকসকলে ক’লে, “সেইটো ঈশ্বৰৰ লোকৰ মৈদাম। ঈশ্বৰৰ সেই লোকে যিহূদাৰ পৰা আহি বৈৎএলৰ বেদীৰ বিৰুদ্ধে যি যি ঘোষণা কৰিছিল, আপুনিও ঠিক তাকেই কৰিছে।”
18. তেতিয়া ৰজা যোচিয়াই ক’লে, “সেইটো থাকিবলৈ দিয়া; কোনেও যেন তেওঁৰ হাড়বোৰ আঁতৰ নকৰে।” সেয়ে লোকসকলে তেওঁৰ হাড়বোৰ আৰু যি ভাববাদী চমৰিয়াৰ পৰা আহিছিল, তেওঁৰ হাড়বোৰ যেনেদৰে আছিল, তেনেদৰেই ৰাখিলে।
19. চমৰিয়াৰ নগৰবোৰত থকা সকলো মন্দিৰ আৰু ওখ ঠাইৰ মঠবোৰ, যি সকলোবোৰ ইস্ৰায়েলৰ ৰজাসকলে নির্মাণ কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, যোচিয়াই সেইবোৰ দূৰ কৰি দিলে আৰু তেওঁ বৈৎএলত কৰা সকলো কর্মৰ দৰেই সেইবোৰলৈকো কৰিলে।
20. মঠবোৰৰ সকলো পুৰোহিতকে যোচিয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ যিৰূচালেমলৈ ঘূৰি গ’ল।
21. ৰজাই সকলো লোকক এই আজ্ঞা দিলে, “বিধান-পুস্তকখনত যেনেকৈ লিখা আছে, তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ‘নিস্তাৰ-পৰ্ব্ব’ পালন কৰক।
22. ইস্রায়েলৰ বিচাৰকর্তাসকলৰ শাসন কালত অথবা ইস্রায়েল আৰু যিহূদাৰ ৰজাসকলৰ আমোলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব পালন কেতিয়াও কৰা হোৱা নাছিল।
23. কিন্তু ৰজা যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
24. ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।
25. তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।
26. তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
27. সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
28. যোচিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
29. যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।
30. যোচিয়াৰ দাসবোৰে তেওঁৰ শৱটো ৰথত তুলি মগিদ্দোৰ পৰা যিৰূচালেমলৈ লৈ আনিলে আৰু তেওঁৰ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক অভিষেক কৰি তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
31. তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
32. যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।
33. ফৰৌণ নখোৱে তেওঁক হমাৎ দেশৰ ৰিব্লাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে, যাতে তেওঁ যিৰূচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰৌণ নখোৱে যিহূদা দেশক প্রায় এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ জৰিমনা দিবলৈ নিৰূপণ কৰিলে।
34. ফৰৌণ নখোৱে যোচিয়াৰ আন এজন পুত্ৰ ইলিয়াকীমক তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। কিন্তু তেওঁ যিহোৱাহজক মিচৰলৈ লৈ গ’ল আৰু তাতে যিহোৱাহজৰ মৃত্যু হ’ল।
35. যিহোয়াকীমে ফৰৌণ নখোৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে; ফৰৌণৰ নির্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে; ফৰৌণ নখোক দিবলৈ দেশৰ লোকসকলৰ মাজত প্রতিজনকে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে।
36. যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল।
37. যিহোৱাকীমে তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
1. যিহোয়াকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবূখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
2. যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া, অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোঁতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।
3. যিহোৱাৰ আজ্ঞা অনুসাৰেই যিহূদা দেশৰ প্ৰতি এই সকলো ঘটিছিল, যাতে তেওঁলোকক নিজৰ সন্মুখৰ পৰা যিহোৱাই দূৰ কৰিব পাৰে। এই সকলোবোৰ ঘটিছিল, কিয়নো মনচিয়ে কৰা সকলো পাপ কাৰ্যৰ কাৰণে;
4. আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
5. যিহোয়াকীমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁ কৰা সকলো কাৰ্যৰ কথা “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
6. পাছত যিহোয়াকীম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পদত পুত্ৰ যিহোয়াখীন ৰজা হ’ল।
7. মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে।
8. ওঠৰ বছৰ বয়সত যিহোয়াখীন ৰজা হৈছিল আৰু তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল নহূস্তা; তেওঁ যিৰূচালেম নগৰৰ নিবাসী ইলনাথনৰ জীয়েক আছিল।
9. যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
10. সেই সময়ত বেবিলনৰ ৰজা নবূখদনেচৰৰ সৈন্যসকলে যিৰূচালেম আক্রমণ কৰি নগৰ অৱৰোধ কৰিলে।
11. তেওঁৰ সৈন্যসকলে যেতিয়া নগৰখন ঘেৰি ৰাখিছিল, তেতিয়া বেবিলনৰ ৰজা নবূখদনেচৰ নিজেই নগৰলৈ আহিল।
12. যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।
13. যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।
14. তাৰ উপৰিও যিৰূচালেমৰ সকলোকে, অর্থাৎ সকলো প্ৰধান লোক, যোদ্ধা সহ দহ হাজাৰ লোক আৰু কাৰিকৰ, কমাৰ সকলকো বন্দী কৰি লৈ গ’ল; দেশত দৰিদ্ৰ লোকৰ বাহিৰে আন কোনো নাথাকিল।
15. নবুখদনেচৰে যিহোয়াখীনক বন্দী হিচাবে বেবিলনলৈ লৈ গ’ল। তেওঁ যিৰূচালেমৰ পৰা ৰজাৰ মাকক, তেওঁৰ ভাৰ্য্যাসকলক, কৰ্মচাৰী সকলক আৰু দেশৰ প্রধান লোকসকলকো লৈ গ’ল।
16. বেবিলনৰ ৰজাই যুদ্ধৰ কাৰণে উপযুক্ত সাত হাজাৰ যোদ্ধা, এক হাজাৰ কাৰিকৰ আৰু কমাৰসকলক বন্দী কৰি বেবিলনলৈ আনিলে।
17. বেবিলনৰ ৰজাই যিহোৱাখীনৰ খুড়ায়েক মত্তনীয়াক তেওঁৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলনি কৰি চিদিকিয়া ৰাখিলে।
18. একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
19. যিহোয়াকীমৰ দৰে চিদিকিয়াই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
20. যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
18. হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।
19. তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।
20. তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা; কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰীবিলাকৰ বাসস্থানৰে ভৰি পৰিছে।
21. উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক; দুখী-অভাবী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।
22. হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
23. তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।
3. মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
22. হে ইস্ৰায়েলী লোক সকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷
23. কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
24. কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।
25. তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে, ‘মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ; মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁফালে থাকে;
26. এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে, আৰু মোৰ শৰীৰেও ভাৰসাৰে বাস কৰিব;
27. কিয়নো তুমি মৃতলোকত মোৰ আত্মাক নেৰিবা, আৰু তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷
28. তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।’
29. হে ভাইসকল, পিতৃ কুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷
30. কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল,
31. সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে ক’লে যে, ‘তেওঁক মৃতলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷’
32. সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ৷
33. এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁ হাতে ওখ পদ পাই আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
34. কিয়নো দায়ুদ হ’লে স্বৰ্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা ক’লে, “প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁফালে বহি থাকা,
35. “যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।”
36. এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্রুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।
37. এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
38. তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
39. কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
40. ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
41. তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
42. পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
43. তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
44. আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
45. আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
46. তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে;
47. আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd