১ বংশা 1:1-54 1. আদম, চেথ, ইনোচ, 2. কৈনন, মহললেল, যেৰদ, 3. হনোক, মথুচেলহ, লেমক, 4. নোহ, চেম, হাম, আৰু যেফৎ। 5. যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ। 6. গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা। 7. যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম। 8. হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান। 9. কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান। 10. কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল। 11. লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া, 12. পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল। 13. কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ; 14. তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া, 15. হিব্বীয়া, অৰ্কীয়া, চীনীয়া, 16. অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল। 17. চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক। 18. অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ। 19. এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল। 20. অলমোদদ, চেলফ, হচমাবৎ, যেৰহ, 21. হদোৰাম, উজল, দিক্লা, 22. এবল, অবীমায়েল, চিবা, 23. ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল। 24. চেম, অৰ্ফকচদ, চেলহ, 25. এবৰ, পেলগ, ৰিয়ু 26. চৰূগ, নাহোৰ, তেৰহ, 27. অব্ৰাম, এই জনেই অব্ৰাহাম আছিল। 28. ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল। 29. তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম, 30. মিস্মা, দুমা, মচ্ছা, হদদ, তেমা, 31. যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান। 32. অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান। 33. মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ। 34. অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল। 35. ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল। 36. তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল। 37. ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা। 38. চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন। 39. লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না। 40. চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা। 41. অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান। 42. এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান। 43. ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল। 44. বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল। 45. যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল। 46. আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ। 47. আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল। 48. চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল। 49. চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল। 50. যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল। 51. হদদ মৃত্যু হ’ল। ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ, 52. অহলীবামা, এলা, পীনোন, 53. কনজ, তৈমন, মিবচৰ, 54. মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।
১ বংশা 2:1-55 1. ইস্ৰায়েলৰ পুত্ৰ এওঁলোক: ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলূন, 2. দান, যোচেফ, বিন্যামীন, নপ্তালী, গাদ, আৰু আচেৰ। 3. যিহূদাৰ পুত্ৰ, এৰ, ওনন, আৰু চেলা তেওঁৰ এই তিনি জন পুত্ৰ কনানীয়া চূৱাৰ জীয়েকৰ ঔৰসত জন্ম হৈছিল। তেওঁলোকৰ মাজত যিহূদাৰ ডাঙৰ পুত্ৰ এৰে যিহোৱাৰ দৃষ্টিত পাপ কৰিছিল আৰু তেওঁ তাক বধ কৰিলে। 4. যিহূদাৰ বোৱাৰীয়েক তামাৰে পেৰচ আৰু জেৰহক জন্ম দিলে। যিহূদাৰ পাঁচ জন পুত্র আছিল। 5. পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল আছিল। 6. জেৰহৰ পাঁচ জন সন্তান: জিম্ৰী, এথন হেমন, কলকোল, আৰু দাৰা। 7. আখৰ কর্মীৰ পুত্র আছিল, তেওঁ যিহোৱাৰ উদ্দেশে সংগ্ৰহ কৰি ৰখা বস্তু চুৰ কৰি ইস্ৰায়েললৈ সংকট কঢ়িয়াই আনিছিল। 8. এথনৰ পুত্র অজৰিয়া আছিল। 9. হিষ্ৰোণৰ পুত্র যিৰহমেল, ৰাম, আৰু কলূবয় আছিল। 10. ৰামৰ পুত্র অম্মীনাদব; অম্মীনাদবৰ পুত্র নহচোন। তেওঁ যিহূদাৰ পূৰ্বপুৰুষসকলৰ অধ্যক্ষ আছিল। 11. নহচোনৰ পুত্ৰ চলমা, চলমাৰ পুত্র বোৱজ। 12. বোৱজৰ পুত্র ওবেদ, ওবেদৰ পুত্র যিচয়। 13. যিচয়ৰ জ্যেষ্ঠ পুত্ৰ ইলীয়াব, দ্বিতীয় অবীনাদব, তৃতীয় চিমিয়া, 14. চতুৰ্থ নথনেল, পঞ্চম ৰদ্দয়, 15. ষষ্ঠ ওচম, আৰু সপ্তম দায়ুদ। 16. তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল। 17. অবীগলৰ পুত্ৰ অমাচা, এওঁৰ পিতৃ ইশ্মায়েলীয়া যেথৰ। 18. হিষ্ৰোণৰ পুত্ৰ কালেবৰ ভাৰ্যা অজূবা আৰু যিৰীয়োত। তেওঁলোকৰ সন্তান যেচৰ, চোবব, আৰু অৰ্দোন আছিল। 19. আৰু অজূবাৰ মৃত্যুৰ পাছত কালেবে ইফ্ৰাথাক বিয়া কৰালে, আৰু তেওঁ হূৰক জন্ম হ’ল। 20. হূৰৰ পুত্র ঊৰী, আৰু ঊৰীৰ পুত্র বচলেল আছিল। 21. তাৰ পাছত হিষ্ৰোণে ষাঠি বছৰ বয়সত গিলিয়দৰ পিতৃ মাখীৰৰ জীয়েকক বিয়া কৰিলে। তেওঁ তেওঁলৈ চগূবৰক জন্ম দিলে। 22. চগূবৰ পুত্র যায়ীৰ, গিলিয়দ দেশত তেওঁ তেইশখন নগৰ শাসন কৰিছিল। 23. গচুৰ আৰু অৰামে তেওঁলোকৰ পৰা যায়ীৰ আৰু কনাৎ নগৰ, আৰু তাৰ চাৰিওফালৰ ষাঠিখন নগৰ অধিকাৰ কৰিছিল। এই সকলো বাসিন্দা গিলিয়দৰ পিতৃ মাখীৰৰ বংশধৰ আছিল। 24. হিষ্ৰোণ মৃত্যুৰ পাছত, কালেবে তেওঁৰ পিতৃৰ ভাৰ্যা ইফ্ৰাথাৰ সৈতে শয়ন কৰে। আৰু তেওঁৰ অচহূৰক জন্ম দিলে, তেওঁ তকোৱাৰ পিতৃ আছিল। 25. হিষ্ৰোণৰ প্ৰথম পুত্ৰ যিৰহমেল, যিৰহমেলৰ প্ৰথম পুত্র ৰাম, ৰামৰ পাছত বূনা, ওৰণ, ওচম, আৰু অহিয়া। 26. যিৰহমেলৰ অটাৰা নামেৰে আৰু এগৰাকী ভাৰ্যা আছিল, তেওঁ ওনমৰ মাতৃ আছিল। 27. যিৰহমেলৰ প্ৰথম পুত্র ৰাম, তেওঁৰ পুত্র মাচ, যামীন, আৰু একৰ। 28. ওনমৰ পুত্র চম্ময় আৰু যাদা, আৰু চম্ময়ৰ পুত্র নাদব আৰু অবীচূৰ। 29. অবীচূৰৰ ভাৰ্য্যাৰ নাম অবীহয়িল; তেওঁ অহবান আৰু মোলিদক জন্ম দিলে। 30. আৰু নাদবৰ পুত্র চেলদ আৰু অপ্পয়িম, কিন্তু চেলদ নি:সন্তান হৈ মৃত্যু বৰণ কৰে। 31. অপ্পয়িমৰ পুত্র যিচী, যিচীৰ পুত্র চেচন, আৰু চেচনৰ পুত্র অহলয়। 32. চম্ময়ৰ ভায়েক যাদাৰ পুত্র যেথৰ আৰু যোনাথন, যেথৰ নি:সন্তান হৈ মৃত্যু বৰণ কৰে। 33. যোনাথনৰ পুত্র পেলৎ আৰু জাজা আছিল। এওঁলোক যিৰহমেলৰ বংশধৰ আছিল। 34. চেচনৰ পুত্র নাছিল, কেৱল জীয়েক আছিল। যৰ্হা নামেৰে চেচনৰ এজন মিচৰীয়া দাস আছিল। 35. চেচনে তেওঁৰ দাস যৰ্হাই সৈতে নিজৰ জীয়েকক বিয়া দিলে; তেওঁ অত্তয়ক জন্ম দিলে। 36. অত্তয়ৰ পুত্র নাথন, নাথনৰ পুত্র জাবদ। 37. জাবদৰ পুত্র ইফলল, ইফললৰ পুত্র ওবেদ। 38. ওবেদৰ পুত্র যেহূ, যেহূৰ পুত্র অজৰিয়া। 39. অজৰিয়াৰ পুত্র হেলচ, হেলচৰ পুত্র ইলিয়াচা। 40. ইলিয়াচাৰ পুত্র চিচময়, চিচময়ৰ পুত্র চল্লুম। 41. চল্লুমৰ পুত্র যকমিয়া, আৰু যকমিয়াৰ পুত্র ইলীচামা। 42. যিৰহমেলৰ ভায়েক কালেবৰ পুত্রৰ প্ৰথম সন্তান মেচা, তেওঁ জীফৰ পিতৃ। তেওঁৰ দ্বিতীয় সন্তান মাৰেচা, তেওঁ হিব্ৰোণৰ পিতৃ আছিল। 43. হিব্ৰোণৰ পুত্র কোৰহ, তপ্পূহ, ৰেকম, আৰু চেমা। 44. চেমাৰ পুত্র ৰহম, ৰহম পুত্র যৰ্কিয়ম আৰু ৰেকমৰ পুত্র চম্ময়। 45. চম্ময়ৰ পুত্র মায়োন, আৰু মায়োনৰ পুত্র বৈৎ-চুৰ। 46. কালেবৰ উপপত্নী ঐফাই হাৰণ, মোচা, আৰু গাজেজক জন্ম দিলে। হাৰণৰ পুত্র গাজেজ। 47. যেহদৰ পুত্র ৰেগম, যোথম, গেচন, পেলট, ঐফা, আৰু চাফ। 48. কালেবৰ উপপত্নী মাখা চেবৰ আৰু তিৰ্হনাক জন্ম দিলে। 49. আৰু তেওঁ মদ্মন্না পিতৃ চাফকক আৰু মগবেনা ও গিবিয়াৰ পিতৃ চবাকক জন্ম দিলে। কালেবৰ জীয়েকৰ নাম অকচা। 50. এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল, 51. বৈৎলেহেমৰ পিতৃ চলমা, বৈৎ-গাদেৰৰ পিতৃ হাৰেফ। 52. কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবলৰ বংশধৰসকল আছিল: হাৰোৱি, মানহতীয়াসকলৰ আধা ভাগ, 53. আৰু কিৰিয়ৎ-যিয়াৰীমৰ গোষ্ঠী- যিত্ৰীয়া, পুথীয়া, চূমাথীয়া, আৰু মিশ্ৰায়ীয়াসকল। এওঁলোকৰ বংশধৰ আছিল চৰায়ীয়া আৰু ইষ্টায়োলীয়াসকল। 54. তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহেম, নটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল। 55. যাবেচ-নিবাসী লিখকসকলৰ গোষ্ঠী তিৰাথীয়া, চিমিয়াথীয়া, আৰু চুখাথিয়াসকল। এওঁলোক ৰেখবৰ বংশৰ আদি-পিতৃ হম্মতৰ বংশধৰ কেনীয়া লোক।
গীত 76:1-6 1. যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। 2. চালেম ত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে। 3. তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা] 4. তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা। 5. এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল। 6. হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
হিতো 19:6-7 6. অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়। 7. যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
পাঁচনি 4:1-22 1. পিতৰ আৰু যোহনে লোক সকলৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷ 2. পিতৰ আৰু যোহনে লোক সকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃত লোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ’ল। 3. তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে। 4. কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল। 5. পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল। 6. তাতে মহা-পুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, যোহন, আলেকজেন্দাৰ আৰু মহা-পুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল। 7. তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?” 8. তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল, 9. আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি? 10. সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে। 11. যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল। 12. তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।” 13. পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল। 14. সেই সুস্থ হোৱা লোক জন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে। 15. তেওঁলোকে পাঁচনি সকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে- 16. “এই লোক সকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ। 17. কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”। 18. তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে। 19. কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব? 20. কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”। 21. পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷ 22. আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd