एक साल में बाइबल जून 22১ বংশা 7:1-401. ইচাখৰৰ চাৰি জন পুত্র আছিল; তেওঁলোক হ’ল, তোলা, পূৱা, যাচূব, আৰু চিম্ৰোণ।2. তোলাৰ পুত্র সকল হ’ল, উজ্জী, ৰফায়া, যিৰিয়েল, যহময়, যিবচম, আৰু চমূৱেল। এওঁলোক পূৰ্বপূৰুষৰ পৰা অহা বংশৰ মূল মানুহ। এয়াই হ’ল, তোলাৰ বংশ। তেওঁলোক শক্তিশালী আৰু সাহিয়াল আছিল, দায়ূদৰ সময়ত তেওঁলোকৰ সংখ্যা বাইশ হাজাৰ ছশ জন আছিল।3. উজ্জীৰ পুত্র যিজ্ৰহিয়া, যিজ্ৰহিয়াৰ পুত্র মীখায়েল, ওবদিয়া, যোৱেল, আৰু যিচিয়া, এই পাঁচ জনৰ সকলোৱেই নিজ গোষ্ঠীৰ নেতা আছিল।4. তেওঁলোকৰ সৈতে পিতৃ-বংশৰ জাতি অনুসাৰে যুদ্ধৰ বাবে ছয়ত্ৰিশ হাজাৰ সৈন্য আছিল। তেওঁলোকৰ বহুতো ভাৰ্যা আৰু সন্তান আছিল।5. পূৰ্বপূৰুষৰ জাতিৰ তালিকা অনুযায়ী ইচাখৰৰ জাতিৰ ভিতৰত তেওঁলোকৰ সাতাশী হাজাৰ যুদ্ধাৰু আছিল।6. বেলা, বেখৰ, আৰু যিদীয়েল; এই তিনি জন আছিল বিন্যামীনৰ পুত্র।7. বেলাৰ পাঁচ জন পুত্র হ’ল, ইচবোন, উজ্জী, উজ্জীয়েল, যিৰীমোৎ, আৰু ঈৰী। তেওঁলোক নিজৰ গোষ্ঠীৰ মূল ব্যক্তি আৰু সৈনিক আছিল। পূৰ্বপূৰুষৰ তালিকা অনুযায়ী তেওঁলোকৰ যুদ্ধাৰুৰ সংখ্যা বাইশ হাজাৰ চৌত্ৰিশ জন আছিল।8. জমীৰা, যোৱাচ, ইলীয়েজৰ, ইলিয়োঐনয়, অম্ৰী, যিৰোমোৎ, অবিয়া, অনাথোৎ, আৰু আলেমৎ; এই সকলো বেখৰৰ সন্তান।9. তালিকাত দিয়া গোষ্ঠীৰ সংখ্যা অনুযায়ী বিশ হাজাৰ দুশ পৰিয়ালৰ নেতা আৰু যুদ্ধাৰু লোক আছিল।10. যিদীয়েলৰ পুত্র বিলহন। বিলহনৰ পুত্র যিয়ূচ, বিন্যামীন, অহূদ, কনানা, জেথন, তৰ্চীচ, আৰু অহীচহৰ।11. এই সকলো যিদীয়েলৰ সন্তান। তেওঁলোকৰ গোষ্ঠীৰ তালিকা অনুযায়ী সোঁতৰ হাজাৰ দুশ নেতা আৰু সৈনিকৰ কাৰ্যৰ বাবে উপযুক্ত যুদ্ধাৰু লোক আছিল।12. চুপ্পীম আৰু হুপ্পীম ঈৰৰ বংশৰ আছিল আৰু অহেৰৰ বংশৰ আছিল হূচীম13. নপ্তালীৰ পুত্র যহচীয়েল, গূনী, যেচৰ, আৰু চল্লুম। এই লোকসকল আছিল বিলহাৰ নাতি ল’ৰা।14. অস্ৰীয়েলৰ পুত্র আছিল মনচি। অস্রীয়েলৰ অৰামীয়া উপপত্নীয়ে তেওঁক জন্ম দিছিল। তেওঁ গিলিয়দৰ পিতৃ মাখীৰকো জন্ম দিছিল।15. মাখীৰে হুপ্পীম আৰু চুপ্পীমৰ বংশৰ পৰা এগৰাকী যুৱতীক ভাৰ্যা ৰূপে গ্রহণ কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকৰ নাম আছিল মাখা। মনচিৰ আন বংশধৰ আছিল চলফাদ, চলফাদৰ কেৱল জীয়েকহে আছিল।16. মাখীৰৰ ভাৰ্যা মাখাই এটি পুত্ৰ প্ৰসৱ কৰি তেওঁৰ নাম পেৰচ ৰাখিলে, পেৰচৰ ভায়েকৰ নাম চেৰচ, আৰু চেৰচৰ পুত্র সকলৰ নাম উলম আৰু ৰেকম।17. উলমৰ পুত্র বদান। এওঁলোক মনচিৰ নাতি মাখীৰৰ পুত্র গিলিয়দৰ সন্তান আছিল।18. গিলিয়দৰ ভনীয়েক হম্মোলেকতে ইচহোদ, অবীয়াচৰ, আৰু মহলাক প্ৰসৱ কৰিলে।19. আৰু চমীদাৰ পুত্র অহিয়ন, চেখম, লিকহী, আৰু অনীয়াম।20. তলত উল্লেখিত সকল ইফ্ৰয়িমৰ বংশৰ লোকসকল: ইফ্ৰয়িমৰ পুত্র চুথেলহ, চুথেলহৰ পুত্র বেৰদ, বেৰদৰ পুত্র তহৎ, তহতৰ পুত্র ইলিয়াদা, ইলিয়াদৰ পুত্র তহৎ,21. তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।22. তেওঁলোকৰ পিতৃ ইফ্ৰয়িমে বহুত দিনলৈকে তেওঁলোকৰ বাবে শোক কৰিছিল, আৰু তেওঁৰ ভাই সকলে তেওঁক শান্ত্বনা দিবলৈ আহিছিল।23. তেওঁ নিজৰ ভাৰ্য্যাৰ লগত শয়ন কৰিলে। তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁলোকৰ ঘৰত সেই সময়ত অমঙ্গল ঘটিছিল কাৰণে ইফ্ৰয়িমে তাৰ নাম ৰবীয়া ৰাখিলে।24. তেওঁৰ জীয়েকৰ নাম আছিল চেৰা। চেৰাই ওপৰ আৰু তল বৈৎ-হোৰোণ আৰু উজ্জেন চেৰা নিৰ্ম্মাণ কৰিছিল।25. ৰবীয়াৰ পুত্র আছিল ৰেফহ। ৰেফহৰ পুত্র আছিল ৰেচফ। ৰেচফৰ পুত্র আছিল তেলহ। তেলহৰ পুত্র আছিল তহন।26. তহনৰ পুত্র আছিল লদ্দন। লদ্দনৰ পুত্র আছিল অম্মীহূদ। অম্মীহূদৰ পুত্র আছিল ইলীচামা।27. ইলীচামাৰ পুত্ৰ আছিল নূন। নুনৰ পুত্ৰ আছিল যিহোচূৱা।28. তেওঁলোকে বৈৎএল আৰু তাৰ চাৰিওফালৰ গাওঁ অধিকাৰ কৰি তাতে বসবাস কৰিছিল। তেওঁলোকে পূবদিশে নাৰণ, পশ্চিমদিশে গেজৰ আৰু তাৰ গাওঁসমূহ, চিখিম আৰু তাৰ গাওঁসমূহ, অহিয়া আৰু তাৰ গাওঁসমূহলৈকে বিস্তাৰিত হৈছিল।29. মনচিৰ সীমাত বৈৎ-চান আৰু তাৰ গাওঁসমূহ, তানক আৰু তাৰ গাওঁসমূহ, মগিদ্দো আৰু তাৰ গাওঁসমূহৰ লগতে দোৰ আৰু তাৰ গাওঁসমূহ। এইবোৰ ঠাইত ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ বংশৰ লোকসকলে বাস কৰিছিল।30. আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া আৰু তেওঁলোকৰ ভনীয়েক চেৰহ আছিল।31. বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। এওঁ বিৰ্জয়িতৰ পিতৃ আছিল।32. হেবৰৰ পুত্র যফলেট, চোমেৰ, আৰু হোথম। এওঁলোকৰ চূৱা নামেৰে ভনী আছিল।33. যফলেটৰ পুত্র পাচক, বিমহল, আৰু অশ্বৎ। এওঁলোক যফলেটৰ সন্তান।34. যফলেটৰ ভায়েক চেমৰৰ পুত্রসকল: ৰহগা, যিহুব্বা, আৰু আৰাম।35. চেমৰৰ ভায়েক হেলমৰ পুত্রসকল: চোফহ, যিম্না চেলচ, আৰু আমল।36. চোফহৰ পুত্র চূহ, হৰ্ণেফৰ, চূৱাল, বেৰী, আৰু যিম্ৰা,37. বেৰচ, হোদ, চম্মা, চিলচা, ষিত্ৰণ, আৰু বেৰা।38. যেথৰৰ পুতেক যিফুন্নি, পিস্পা, আৰু অৰা।39. উল্লাৰ বংশধৰসকল হ’ল আৰহ, হন্নীয়েল, আৰু ৰিচিয়া।40. এই সকলো আচেৰৰ বংশধৰ আছিল। এওঁলোক গোষ্ঠীৰ মূল ব্যক্তি, পৰিয়ালৰ নেতা, বিশিষ্ট লোক, যুদ্ধাৰু, আৰু নেতাসকলৰ মাজত প্ৰধান আছিল। তেওঁলোকৰ গণনাৰ তালিকা অনুসৰি যুদ্ধৰ বাবে ছাবিশ হাজাৰ উপযুক্ত সৈনিক আছিল।১ বংশা 8:1-401. বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,2. নোহা, আৰু ৰাফা।3. বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,4. অবীচূৱা, নামন, অহোহ,5. গেৰা, চফুফন, আৰু হূৰম।6. এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:7. নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।8. চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।9. তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।10. যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।11. ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।12. ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,13. তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।14. এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,15. জবদিয়া অৰদ, এদৰ,16. মীখায়েল, যিস্পা, আৰু যোহা,17. এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,18. এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।19. এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,20. এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,21. এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।22. গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।23. তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,24. গদোৰ, অহিয়ো, আৰু জেখৰ।25. আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।26. নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।27. যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।28. মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।29. আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।30. মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।31. আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।32. আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।33. উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।34. তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।35. মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ।36. ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে;37. “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?38. তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?39. ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? [চেলা]40. মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে।গীত 77:4-94. ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।5. কিন্তু সেই বিষয়া সকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে,6. “আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।”7. এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।8. তেনেতে কোনোবা এজনে আহি জনালে যে, “আপোনালোকে যি সকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোক সকলক উপদেশ দি আছে।”9. তেতিয়া সেনাপতি জনে তেওঁৰ লোক সকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনি সকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনি সকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে।হিতো 19:13-1413. পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে,14. “এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।”পাঁচনি 5:22-4222. তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।23. যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।24. সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।25. এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”26. এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনি সকলক বধ কৰিবলৈ বিচাৰিলে।27. কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।28. তাৰ পাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোক সকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওক।29. কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰি শ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল।30. এই মানুহ জনৰ পাছত, লোক পিয়লৰ সময়ত যিহূদা নামৰ গালীলীয়া এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল।31. এতিয়া মই আপোনালোকক কওঁ, এই লোক সকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেনেহলে ই ব্যর্থ হব৷32. কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।33. তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে।34. পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।35. ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions