ইয়ো 13:1-28 1. চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ। 2. তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকতকৈ নিকৃষ্ট নহওঁ। 3. কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ। 4. কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ। 5. অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন। 6. এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা। 7. তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে? 8. তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে? 9. তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা? 10. তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব। 11. তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা? 12. তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ। 13. তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া; মোলৈ যি ঘটে, ঘটক। 14. মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম। 15. চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম। 16. এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব, মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম। 17. মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কাণত সোমাওক। 18. চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো। 19. মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম। 20. হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম। 21. মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা। 22. তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা। 23. মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা। 24. কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা? 25. উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা? 26. কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা। 27. তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা, 28. সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।
ইয়ো 14:1-22 1. তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। 2. তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে; 3. এনে লোকলৈ তুমি চকু মেলি চাইছা? আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা? 4. অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে। 5. তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা; 6. ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে, তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া। 7. কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়। 8. যদি মাটিত তাৰ শিপা বুঢ়া হয়, আৰু ভুমিত তাৰ মূঢ়াতো মৰে, 9. তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে। 10. কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব? 11. যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়, 12. তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়, আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়। 13. অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল! 14. যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম। 15. তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা। 16. কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই? 17. মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। 18. কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়; আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়। 19. পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া। 20. তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া। 21. তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়। 22. কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”
গীত 94:12-19 12. হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা, আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া, 13. যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়। 14. কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব। 15. ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব। 16. কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব? 17. যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন। 18. যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে। 19. মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
হিতো 22:26-27 26. ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়। 27. যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
ৰোমীয়া 11:1-18 1. তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া। 2. ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল, 3. “হে প্ৰভু, লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছোঁ; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”। 4. কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ।” 5. এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে। 6. কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে। 7. তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল। 8. এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।” 9. আৰু দায়ুদেও কৈছে, “সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক; 10. সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷” আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক। 11. তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্রাণ হ’ল। 12. পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব? 13. এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ; 14. কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ। 15. কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে? 16. যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ। 17. কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল, 18. তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd