এবছৰত বাইবেল
আগষ্ট 13

1. মোৰ উশাহ বিকৃত হৈছে, মোৰ দিনৰ অন্ত পৰিছে; মোলৈ মৈদাম যুগুত আছে।
2. নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে, আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে।
3. বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা; নিজৰ আগত নিজেই মোৰ জামিন হোৱা; আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব?
4. কিয়নো তুমি এওঁলোকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা; এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা।
5. যিকোনোৱে নিজ বন্ধুক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ’ব।
6. তেওঁ মোক লোকসকলৰ আগত দৃষ্টান্ত কৰিলে; যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লো।
7. মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল, আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল।
8. ইয়াতে সৰল আচৰণ কৰোঁতাবোৰে আচৰিত মানিব, আৰু অধৰ্মিৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব।
9. তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।
10. কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা; আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ।
11. মোৰ দিন কেইটা গ’ল, মোৰ অভিপ্ৰায় শেষ হৈছে, এনে কি মোৰ হৃদয়ৰ শুভেচ্ছা জনোৱা হ’ল।
12. সেই মানুহবোৰ বিদ্ৰূপকাৰী, সিহঁতে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে, পোহৰ আহিলে সিহঁতে কয়, অন্ধকাৰ ওচৰ চাপি আহিছে।
13. যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ,
14. যদি মই গাতক মোৰ পিতৃ, আৰু পোকক, তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছা,
15. তেনেহ’লে মোৰ আশা ক’ত? আৰু মোৰ আশাক নো কোনে দেখা পাব?
16. আশাৰ সৈতে নামি গৈ মই চিয়োলৰ দুৱাৰমুখ পাম কেতিয়া ধূলিত গৈ জিৰণী পাম?”
1. তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
2. তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।
3. আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?
4. ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?
5. নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।
6. তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।
7. তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।
8. কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে।
9. কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব।
10. তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।
11. কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।
12. ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।
13. মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,
14. যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
15. তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব; তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।
16. তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।
17. পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।
18. তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।
19. স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।
20. তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব।
21. নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”
1. আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
2. আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
3. কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
4. পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।
5. সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।
1. যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা।
2. কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা, তেনেহ’লে নিজৰ ডিঙিত নিজে ছুৰী দিবা।
3. তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ।
1. এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
2. আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
3. কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
4. কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়,
5. তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।
6. কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
7. যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷
8. উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।
9. প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷
10. ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷
11. যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
12. আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;
13. পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।
14. যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।
15. যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
16. আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক ৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
17. অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷
18. যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।
19. হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
20. “কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”।
21. কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd