এবছৰত বাইবেল
আগষ্ট 30

1. জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে।
2. মই তোমাক উপদেশ দিওঁ যে ৰজাক প্রতিৰক্ষা দিয়া ঈশ্বৰৰ শপতৰ কাৰণে তুমি ৰজাৰ আজ্ঞা পালন কৰা।
3. তেওঁৰ আগৰ পৰা লৰালৰিকৈ গুছি নাযাবা; মন্দ একোৰে লগত যুক্ত নহ’বা; কাৰণ ৰজাই তেওঁৰ ইচ্ছা অনুসাৰে কার্য কৰে।
4. ৰজাৰ কথাতে যেতিয়া সামর্থ্য আছে, তেতিয়া কোনে তেওঁক ক’ব পাৰে, “আপুনি কি কৰিছে?”
5. যি মানুহে ৰজাৰ আজ্ঞা পালন কৰে, তেওঁৰ কোনো ক্ষতি নহব; জ্ঞানৱান লোকসকলৰ হৃদয়ে কার্যৰ উপযুক্ত সময় আৰু পদ্ধতি জানে।
6. প্ৰত্যেক বিষয়ৰে উপযুক্ত সময় আৰু পদ্ধতি আছে; যদিও মানুহে অধিক দুখকষ্ট ভোগ কৰে।
7. কিয়নো কোনো মানুহেই যেতিয়া পাছত কি ঘটিব তাক নাজানে, তেতিয়া সেয়ে কিদৰে ঘটিব বুলি তেওঁক কোনে জনাব পাৰে?
8. নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে।
9. সূৰ্যৰ তলত কৰা সকলো কার্যলৈ মনোযোগ কৰি মই এই পর্যবেক্ষণ কৰিলোঁ যে, এজন লোকে আন জনৰ ওপৰত কর্তৃত্ব চলাবলৈ অভ্যাস কৰি আন জনক ভীষণ আঘাত দিয়ে।
10. তাৰ পাছত মই দেখিলোঁ যে, কেনেকৈ দুষ্ট লোকক সন্মানেৰে মৈদাম দিয়া হৈছিল। এই দুষ্ট লোকসকলে পবিত্ৰ স্থানত অহা-যোৱা কৰিছিল; যি নগৰত তেওঁলোকে দুষ্টতাৰ কার্য কৰিছিল, সেই নগৰৰ লোকসকলে তেওঁলোকক প্রশংসা কৰিলে । ইও অসাৰ।
11. অন্যায় কার্যৰ শাস্তি যদি বেগাই কার্যকৰী নহয়, তেন্তে মানুহৰ মনলৈ অন্যায় কার্য কৰাৰ প্রৱণতা আহে।
12. পাপী লোকে যদিও এশটা কুকৰ্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ’লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হ’ব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
13. কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়।
14. পৃথিবীত ঘটা আন এটা অসাৰ বিষয় হৈছে দুষ্ট লোকে তেওঁলোকৰ কার্য অনুসাৰে পাবলগীয়া দুষ্টতাৰ ফল ধাৰ্মিক লোকে ভোগ কৰে আৰু ধার্মিক লোকে পাবলগীয়া ফল দুষ্ট লোকে ভোগ কৰে। মই ক’লো, ইও অসাৰ।
15. সেয়ে মই জীৱনত আমোদ-প্রমোদৰে প্ৰশংসা কৰিছোঁ; কিয়নো সূর্যৰ তলত ভোজন-পান আৰু আনন্দ কৰাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই। তেন্তে সূর্যৰ তলত ঈশ্বৰে দিয়া মানুহৰ জীৱনৰ সকলো দিনবোৰত আনন্দই হ’ব তেওঁৰ পৰিশ্রমত সংগী।
16. প্রজ্ঞা পাবলৈ আৰু পৃথিৱীত যি কৰা হয়, তাক জানিবলৈ, দিনে-ৰাতিয়ে কাম কৰি চকুৱে নুশোৱাকৈ থাকে তাক বুজিবৰ কাৰণে যেতিয়া মই মনোযোগ দিলোঁ,
17. তেতিয়া মই ঈশ্বৰৰ সকলো কাৰ্য বিবেচনা কৰি বুজিলো যে, সূৰ্যৰ তলত যি কাৰ্য কৰা হয়, মানুহে তাক সম্পূর্ণকৈ বুজিব নোৱাৰে। সেয়ে মানুহে তাৰ উত্তৰ বিচাৰি পাবলৈ সকলো ধৰণৰ পৰিশ্রম কৰিলেও তাক বিচাৰি পাব নোৱাৰে। এনেকি, জ্ঞানৱান লোকেও যদি তাক জানো বুলি বিশ্বাস কৰে, তেওঁ প্রকৃততে সম্পূর্ণকৈ নাজানে।
1. সেয়ে মই এই সকলো বিষয়ে চিন্তা কৰিলোঁ আৰু দেখিলোঁ যে, ধাৰ্মিক আৰু জ্ঞানী লোকসকল তথা তেওঁলোকৰ সকলো কার্য ঈশ্বৰৰ হাতত। কোনেও নাজানে তেওঁক প্ৰেম কৰা হ’ব নে ঘৃণা কৰা হ’ব।
2. সকলোৰে ক্ষেত্রত শেষ পৰিণতি একেই। ভৱিষ্যতে একেই ঘটে। ধাৰ্মিক হওঁক বা দুষ্ট হওঁক, সৎ আৰু বেয়া, শুচি আৰু অশুচি, বলি উৎসর্গ কৰক বা নকৰক সকলোলৈকে একে ঘটে; যেনেদৰে সৎ লোকৰ মৃত্যু হয়, তেনেদৰে পাপীৰো হয়; ঈশ্বৰৰ ওচৰত প্রতিশ্রুতি দিয়াজনৰ যেনেদৰে মৃত্যু হয়, তেনেকৈ প্রতিশ্রুতি দিবলৈ ভয় কৰা জনৰো হয়।
3. সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়।
4. সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্রবাদ আছে যে, ‘মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্রেয়’।
5. কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
6. তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্যৰ তলত কৰা যিকোনো কাৰ্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব।
7. সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।
8. সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা।
9. সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
10. তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
11. সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
12. কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।
13. মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুতৰ বোধ হ’ল।
14. এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
15. সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে।
16. সেয়ে মই ক’লোঁ, “শক্তিতকৈ প্রজ্ঞা উত্তম; কিন্তু দৰিদ্র লোকৰ প্ৰজ্ঞাক হেয়জ্ঞান কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে।”
17. অজ্ঞানীসকলৰ মাজত কৰা এজন শাসনকর্তাৰ গর্জনতকৈ বৰং জ্ঞানৱানৰ শান্ত-সৌম্য কথা শুনা ভাল।
18. যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল কার্য নষ্ট কৰে।
1. যেনেকৈ মৰা মাখিয়ে সুগন্ধি তেলৰ দ্রব্য দুৰ্গন্ধময় কৰি তোলে, তেনেকৈ অলপ অজ্ঞানতাৰ কার্যই প্রজ্ঞা আৰু সন্মানক মছি পেলায়।
2. জ্ঞানৱানৰ হৃদয় ভাল পথৰ ফালে ঘূৰে; কিন্তু অজ্ঞানীৰ হৃদয় ভুল পথলৈ ঘূৰে।
3. বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে।
4. অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
5. অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্রকাৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ।
6. অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়।
7. মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।
8. যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে।
9. যি মানুহে শিলবোৰ কাটে, তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে। যি মানুহে কাঠ ডোখৰ ডোখৰ কৰে, তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে।
10. কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী।
11. মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই।
12. জ্ঞানৱান লোকৰ মুখৰ কথাই খ্যাতি আনে; কিন্তু অজ্ঞানীৰ ওঁঠে নিজকে ধ্বংস কৰে।
13. অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে।
14. অজ্ঞানী লোকে অনেক কথা কয়; কিন্তু কি হব, তাক কোনেও নাজানে; ভৱিষ্যত কালত কি ঘটিব, সেই কথা মানুহক কোনে জনাব পাৰে?
15. অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে, নগৰলৈ যোৱা বাটকো তেওঁ নাজানে।
16. দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়।
17. কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্র হয়, সেই দেশত আনন্দ হয়; মন্ত্ৰীসকলে মতলীয়া হবলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে।
18. এলেহুৱা লোকৰ ঘৰৰ চাল ধ্বংস হয়; সোৰোপা হাতৰ কাৰণে ঘৰত পানী পৰে।
19. আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।
20. ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।
6. যিহোৱাই উচিত কাৰ্য কৰে; উপদ্ৰৱ পোৱা লোকসকলৰ পক্ষে বিচাৰ নিষ্পত্তি কৰে।
7. তেওঁ মোচিক নিজৰ পথবোৰ, আৰু ইস্ৰায়েলৰ বংশধৰসকলক নিজৰ কাৰ্যবোৰ জনালে
8. যিহোৱা স্নেহশীল আৰু কৃপাময়। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
9. তেওঁ সদায় ধমকি দি নাথাকিব, চিৰকাললৈকে ক্ৰোধো নাৰাখিব।
10. তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।
11. কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ।
12. পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে।
13. বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে;
14. কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।
10. সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া ।
11. মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
12. তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।” তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে? আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে? ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
19. তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে?
20. তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই।
21. আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
22. নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?
23. সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে।
24. প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।
25. যি কোনো বস্তু বজাৰত বেচে, দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি সেইবোৰ ভোজন কৰিব;
26. কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই।
27. খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি, যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব।
28. কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়”, তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব।
29. দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়?
30. মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়?
31. এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।
32. তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়
33. কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd