|
|
| 1. ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই- |
| 2. তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। |
| 3. তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়। |
| 4. (যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। |
| 5. হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী। |
| 6. মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰী ৰ যত্ন ল’ব পৰা নাই। |
| 7. হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? |
| 8. তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা। |
| 9. হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ। |
| 10. গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে। |
| 11. মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। |
| 12. ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল। |
| 13. মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে। |
| 14. মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। |
| 15. চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। |
| 16. চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা। |
| 17. এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল। |
|
|
| 1. মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল। |
| 2. কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে। |
| 3. বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে। |
| 4. তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান। |
| 5. কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ। |
| 6. মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে। |
| 7. হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। |
| 8. সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! সেয়া চোৱা, তেওঁ আহিছে, তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি ডেও দি জপিয়াই আহিছে। |
| 9. মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে, |
| 10. মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ। |
| 11. চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল। |
| 12. ভূমিত ফুলবোৰ ফুলি উঠিছে; পক্ষীবোৰে গান গোৱাৰ সময় আহিছে; আমাৰ দেশত কপৌৰ মাত শুনা গৈছে। |
| 13. ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ। |
| 14. হে মোৰ কপৌ, তুমি শিলৰ ফাটত, পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া; তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।” |
| 15. তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে। |
| 16. মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে। |
| 17. হে মোৰ প্ৰিয়, তুমি গুছি যোৱা, অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে তুমি গুছি যোৱা। তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা। |
|
|
| 1. হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত। |
| 2. বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা। |
| 3. তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা। |
| 4. তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা । |
| 5. তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব। |
| 6. তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল। |
| 7. কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল। |
| 8. পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল। |
| 9. এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে। |
|
|
| 15. ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে, তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা, তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা। |
| 16. কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়। |
|
|
| 17. এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়। |
| 18. কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ। |
| 19. কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে। |
| 20. তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়; |
| 21. কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়। |
| 22. তেনেহলে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়া নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকৰ প্ৰশংসা নকৰোঁ। |
| 23. কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল, |
| 24. সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ‘তোমালোকৰ কাৰণে এই মোৰ শৰীৰ যি তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’। |
| 25. এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ ক’লে, ‘এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমান বাৰ ইয়াক পান কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা’। |
| 26. কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।” |
| 27. এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব। |
| 28. কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক। |
| 29. কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে। |
| 30. এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল। |
| 31. কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন। |
| 32. কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ। |
| 33. এতেকে, হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব |
| 34. আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গ’লেহে দিহা দিম। |
|
|
| Assamese Bible 2019 |
| Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd |