एक साल में बाइबल सितंबर 16যিচ 23:1-181. তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।2. হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা; চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল।3. চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।4. হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে, “মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।”5. যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব।6. তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা।7. হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে।8. যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?9. বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।10. হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই।11. যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, যিহোৱাই কনান ৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে।12. তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।13. কলদীয়া সকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।14. হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল।15. সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব।16. “হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা; তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।”17. সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।18. তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।যিচ 24:1-231. চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে।2. প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব।3. পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লুট কৰা হ’ব; কিয়নো যিহোৱাই এই কথা কৈছে,4. পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে।5. পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।6. সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।7. নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনীয়াহ কাঢ়িছে।8. খঞ্জৰীবোৰৰ আনন্দ ধ্বনি বন্ধ হ’ল, উল্লাস কৰা সকল ওৰ পৰিল, বীণাৰ আনন্দ ধ্বনি শেষ হ’ল।9. তেওঁলোক আৰু দ্ৰাক্ষাৰস পান কৰা নাই আৰু গান গোৱা নাই; সুৰা পান কৰা লোকৰ মুখত সুৰা তিতা লাগিব;10. উচ্ছন্নপুৰি ভগ্ন হ’ল; প্রতিখন ঘৰ খালী আৰু বন্ধ হ’ল।11. দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল।12. নগৰত কেৱল ধ্বংস বাকি থাকিল, আৰু দুৱাৰখন ভাঙি নষ্ট হ’ল।13. কিয়নো জিত গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাসকলৰ মাজত পৃথিবীও তেনে হয়।14. তেওঁলোক উচ্চ স্বৰেৰে যিহোৱাৰ ঐশ্বৰ্যৰ জয় ধ্বনি কৰিব, সমুদ্ৰৰ পৰা আনন্দেৰে উচ্চ ধ্বনি কৰিব।15. এই হেতুকে পূব দিশত যিহোৱা গৌৰৱান্বিত হৈছে, আৰু সমুদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।16. আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে।17. পৃথিৱী নিবাসীসকল তোমালোকৰ বাবে আপদ, গাত, আৰু ফান্দ নিৰূপিত কৰা আছে।18. সেই আপদৰ বাৰ্ত্তা পাই পলোৱা জন সেই গাতত পৰিব, আৰু সেই গাতৰ ভিতৰৰ পৰা ওলোৱা জন সেই ফান্দত ধৰা পৰিব, কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ’ব, আৰু পৃথিৱীৰ মূলবোৰ লৰিব।19. পৃথিৱী সম্পূৰ্ণকৈ ভগ্ন হ’ব, পৃথিৱী ডোখৰ ডোখৰ হ’ব; পৃথিৱী অত্যন্ত লৰিব।20. পৃথিৱী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব।21. যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব।22. কাৰাগাৰত বন্দীয়াৰসকলক গোটোৱাৰ দৰে তেওঁলোকক গোটোৱা হ’ব, আৰু বন্দীশালত বন্ধ কৰা হ’ব; আৰু অনেক দিনৰ পাছত তেওঁলোকক দণ্ড দিয়া হ’ব।23. তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব।গীত 107:10-2210. কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।11. কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।12. সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।13. তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।14. তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।15. মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।16. তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।17. যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।18. তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।19. সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।20. তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।21. মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।22. তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।হিতো 25:17-1717. তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা, তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব।২ কৰি 1:8-248. কিয়নো, হে ভাই সকল, এচিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।9. প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোঁতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷10. তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;11. ইয়াতে আপোনালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছে। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ’ল, তাৰ কাৰণে, অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰৰ ধন্যবাদ কৰা হয়।12. এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।13. আপোনালোকে পঢ়িব নোৱাৰা আৰু বুজি নোপোৱা, এনে কোনো কথা আমি আপোনালোকলৈ লিখা নাই; এই বিষয়ত মই সুনিশ্চিত।14. এনেদৰে আপোনালোকে আগেয়েও আমাক কিছু পৰিমাণে বুজি পাইছে, আমাৰ প্ৰভু যীচুৰ দিনত যেনেকৈ আপোনালোক আমাৰ, তেনেকৈ আমিও আপোনালোকৰ শ্লাঘাৰ কাৰণ হ’ম।15. কাৰণ এই বিষয়ে মই দৃঢ় প্ৰত্যয় যে, আপোনালোকে দ্বিতীয় অনুগ্ৰহ পাবৰ কাৰণে, মই আগেয়ে আপোনালোকৰ তালৈ যাম৷16. আৰু আপোনালোকক দেখা কৰি, পাছত তাৰ পৰাই মাকিদনিয়া দেশলৈ গৈ, পাছত মাকিদনিয়াৰ পৰা আপোনালোকৰ ওচৰলৈ উলটি আহি, যিহুদীয়ালৈ যাবৰ বাবে আপোনালোকৰ দ্বাৰাই আগবঢ়ায় থোৱা হ’ম।17. যেতিয়া এই ধৰণে ভাবিলো, মই জানো অস্থিৰতা দেখুৱাইছিলোঁ? নাইবা মই যি ভাবো, সেয়ে মোত ‘হয়, হয়’, পাছে ‘নহয়, নহয়’ হ’বলৈ, মই মাংস অনুসাৰে ভাবো নে?18. কিন্তু ঈশ্বৰ বিশ্বাসী; এই কাৰণে আপোনালোকক এবাৰ ‘হয়’, পাছত ‘নহয়’, এই ধৰণে আমি নকওঁ।19. কিয়নো আমাৰ দ্বাৰাই, অৰ্থাৎ মোৰ, চীলৰ আৰু তীমথিয়ৰ দ্বাৰাই আপোনালোকৰ আগত যি জনৰ কথা প্রচাৰ কৰা হৈছিল, সেই জনা ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট বাবে, ‘হয়’ পাছত ‘নহয়’ এনে নহয়; কিন্তু তেওঁত চিৰকাল ‘হয়’হে হয়।20. কিয়নো ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা তেওঁত ‘হয়৷’ এই কাৰণে, আমাৰ যোগেদি ঈশ্বৰৰ মহিমা হ’বলৈ, তেওঁৰ দ্বাৰাই ‘আমেন’ বুলিও কওঁ।21. এতিয়া এই জন ঈশ্বৰে, আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্টত স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে৷22. তেৱেঁই আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মোহৰো মাৰিলে।23. আপোনালোকলৈ মোৰ মৰম থকা বাবেই, মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই, মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছোঁ।24. আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ, এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions