8. তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, কোনো মূর্খব্যক্তি সেই পথত নাযাব।
9. সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব।
28. যি জনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে।
1. তৃতীয় বাৰ ধৰি মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। দুই বা তিনি জন সাক্ষীৰ মুখেৰে সকলো কথা নিশ্চয় কৰা হ’ব।
2. আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছোঁ: “যদি আকৌ আহো মই তেখেত সকলক ক্ষমা নকৰিম৷”
3. মই আপোনালোকক এই কথা কৈছোঁ, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ আপোনালোকে বিচাৰি আছে; তেওঁ আপোনালোকলৈ দূৰ্বল নহয় কিন্তু আপোনালোকৰ মাজত বলৱান।
4. কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁত দুর্বল আছোঁ কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন-যাপন কৰিম।
5. আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
6. আৰু মই সুনিশ্চিত যে, আপোনালোকে আমাক অপ্ৰমাণিক লোক বুলি গণিত নকৰিব৷
7. এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰে৷ আমি পৰীক্ষাসিদ্ধ বুলি প্ৰকাশিত হ’বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হ’লেও, আপোনালোকে যেন উচিত কৰ্ম কৰে।
8. কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই কিন্তু সত্যৰ পক্ষে আছে।
9. কাৰণ যেতিয়া আমি দূৰ্বল কিন্তু আপোনালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰোঁ; আৰু আপোনালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰোঁ।
10. এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।
11. শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।