एक साल में बाइबल सितंबर 30যিচ 51:1-231. তোমালোক যি জনে ধাৰ্মিকতাত চলা, যি জনে যিহোৱাক বিচাৰা, মোৰ কথা শুনা: তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা।2. তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী চাৰালৈ দৃষ্টি কৰা; কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্ব্বাদ দি বহুবংশ কৰিলোঁ।3. হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।4. “হে মোৰ লোকসকল, মোলৈ মনোযোগ দিয়া, আৰু মোৰ কথা শুনা! কাৰণ মই এক বিধান প্ৰকাশ কৰিম, আৰু জাতিবোৰৰ কাৰণে পোহৰ হবলৈ মোৰ ন্যায় বিচাৰ স্থাপন কৰিম।5. মোৰ ধাৰ্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ ওলায় যাব, আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।6. তোমালোকে আকাশলৈ চকু তুলি চোৱা, আৰু তলত থকা পৃথিবীলৈ দৃষ্টি কৰা; কাৰণ আকাশ-মণ্ডল ধোঁৱাৰ দৰে অদৃশ্য হ’ব, পৃথিৱী কাপোৰৰ দৰে ক্ষয় হ’ব, আৰু তাৰ নিবাসীসকল মাখিৰ দৰে মৰিব। কিন্তু মোৰ পৰিত্ৰাণ অনন্তকাললৈ অবিৰাম চলি থাকিব, আৰু মোৰ ধাৰ্মিকতাই কেতিয়াও কাম কৰা বন্ধ নকৰিব।7. তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল,মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা।8. কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব, আৰু পোকে ঊল খোৱাৰ দৰে তেওঁলোকক খাব; কিন্তু মোৰ ধাৰ্মিকতা অনন্তকালৰ বাবে হব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব।”9. সজাগ হোৱা, সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজন্মসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু ৰাহাব ক খোচা জন আপুনিয়ে নে?10. সাগৰক, মহাজল সমূহক আপুনিয়ে শুকুউৱাই, মুক্তসকলক পাৰ হৈ যাবৰ বাবে অগাধ সাগৰক পথ কৰা জন আপুনিয়ে নহয়নে?11. যিহোৱাই মুক্তিপণ দিয়াসকল ঘুৰি আহিব, আৰু আনন্দ-গানেৰে চিয়োনলৈ আহিব; তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ’ব; উল্লাস আৰু আনন্দ হব, দু:খ আৰু শোক দূৰ হ’ব।12. মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?13. যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক’ত?14. যিজন লোক নম্র হ’ব, যিহোৱাই তেওঁক মুকলি কৰিবলৈ খৰধৰ কৰিব; তেওঁৰ মৃত্যু নহব আৰু নৰকলৈ নাযাব; অথবা তেওঁৰ আহাৰৰ অভাৱ নহব।15. কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা,যি জনাই ঢৌবোৰে গর্জ্জন কৰিবৰ বাবে, সাগৰক আন্দোলিত কৰে, তেওঁৰেই নাম বাহিনীসকলৰ যিহোৱা।16. মই আকাশ-মণ্ডলক স্থাপন কৰিব পাৰোঁ, পৃথিবীৰ আধাৰশিলা স্হাপন কৰোঁ, আৰু চিয়োনক ক’ও ‘তোমালোকেই মোৰ লোকসকল,’ সেই বাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ, আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ।”17. যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।18. তেওঁ জন্ম দিয়া সন্তান সকলৰ মাজৰ কোনো এজন নাই তেওঁক পথ দেখুৱাবলৈ; যিসকল সন্তান তেওঁ ডাঙৰ-দীঘল কৰিলে তেওঁলোকৰ মাজত কোনো এজন নাই তেওঁক হাতত ধৰি নিবলৈ।19. এই দুই ঘটনা তোমোলোকলৈ ঘটিল- কোনে তোমালোকৰ বাবে বিলাপ কৰিব?- জনশুণ্য ঠাই আৰু ধ্বংস, আকাল আৰু তৰোৱাল। কোনে তোমালোকক শান্ত্বনা দিব?20. জালত পৰা হৰিণৰ দৰে তোমালোকৰ সন্তান সকল অচেতন হ’ল,তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।21. নিপীড়িত আৰু মতলীয়া হোৱা জন,কিন্তু দ্ৰাক্ষাৰসেৰে নহয়, এতিয়া এই কথা শুনা:22. তোমালোকৰ ঈশ্বৰ,তোমালোকৰ প্ৰভু যিহোৱা, যিজনে তেওঁৰ লোকসকলৰ বাবে মিনতি কৰে,তেওঁ এই কথা কৈছে: “চোৱা মই ঢলংপলং কৰা পান-পাত্ৰৰ পৰা তোমালোকৰ হাত ললোঁ, এনে কি, মোৰ ক্ৰোধৰ পান-পাত্ৰৰ পৰাও ললোঁ, তোমালোকে পুনৰ তাক পান নকৰিবা।23. মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা, যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰোঁ,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা।যিচ 52:1-151. হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।2. হে যিৰূচালেম, ধূলিৰ পৰা তোমালোকে নিজকে জোকাৰি দিয়া; উঠি বহা; হে বন্দী-অৱস্থাত থকা হে চিয়োনৰ বন্দী জীয়াৰী, তোমালোকৰ ডিঙিৰ পৰা শিকলি খুলি দিয়া।3. কাৰণ যিহোৱাই এই কথা কৈছে, “তোমালোক বিনামূল্যে বেচা গৈছিলা, আৰু তোমালোক বিনামূল্যে মুক্ত হবা।”4. কাৰণ প্ৰভু যিহোৱাই এই কথা কৈছে, আগত মোৰ লোকসকল মিচৰলৈ অস্থায়ীভাবে বাস কৰিবলৈ গৈছিল; কিছু দিনৰ আগত অচূৰীয়া সকলে তেওঁলোকক উপদ্ৰৱ কৰিছিল।5. এইয়া যিহোৱাৰ ঘোষনা: “মই দেখিলোঁ যে মোৰ লোক সকলক বিনা কাৰণে লৈ যোৱা হৈছে, এতিয়া ইয়াত মোৰ কৰিবলৈ কি আছে? যি সকলে তেওঁলোকৰ ওপৰত শাসন কৰিছিল তেওঁলোকে নিন্দা কৰিছে, আৰু গোটেই দিন অবিৰাম ভাবে মোৰ নাম নিন্দিত হৈছে।”6. সেইবাবেই মোৰ লোকসকলে মোৰ নাম জানিব; তেওঁলোকে সেই দিনা জানিব যে মইয়ে সেই জন যি জনে এই কথা কৈছোঁ। হয় মইয়ে।”7. যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!8. শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে; কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব।9. যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে।10. যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।11. তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।12. কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব; কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।13. চোৱা, মোৰ দাসবোৰে জ্ঞানেৰে কাৰ্য কৰিব আৰু কৃতকার্য হ’ব; তেওঁ উচ্চস্থানত আৰু উন্নীত হ’ব; তেওঁ অধিক মর্যদাপূর্ণ হ’ব।14. তেওঁৰ আকৃতিতকৈ তেওঁৰ আকৃতি ইমান বিকৃত আছিল যে, সেয়ে মানুহৰ অবস্থাতকৈ তেওঁৰ দৃশ্য ব্যতিক্রমি আছিল- সেয়ে অনেকে আপোনালৈ ভয় কৰিছিল-15. সেয়ে তেওঁ অনেক দেশবাসীক সচকিত কৰিব; তেওঁৰ কাৰণে ৰজাসকলে তেওঁলোকৰ মুখ বন্ধ ৰখিব। যি কথা তেওঁলোকক কোৱা হোৱা নাছিল, তেওঁলোকে দেখিবলৈ পাব, আৰু যি শুনা নাছিল, তেওঁলোকে বুজিব পাৰিব।গীত 112:5-105. যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।6. কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব; ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।7. দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।8. তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।9. তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।10. দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।হিতো 26:16-1616. সাত জন বুদ্ধিমান ব্যক্তিতকৈ এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে।ইফিচীয়া 2:1-221. পূর্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল।2. এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিল।3. আমি সকলোৱেই এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কার্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু-অভিলাষবোৰৰ কামনা পূর্ণ কৰি সেই বিশ্বাসবিহীন লোক সকলৰ মাজত জীয়াই আছিলোঁ। আমিও আন সকলোৰে নিচিনা, স্বভাবতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলোঁ।4. কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে,5. তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে;6. তেওঁ আমাক খ্রীষ্ট যীচুৰ সৈতে তুলিলে আৰু খ্রীষ্ট যীচুৰ সৈতে স্বর্গীয় ঠাইবোৰত বহুৱালে।7. ঈশ্বৰে এই কাম কৰিলে, যাতে খ্রীষ্ট যীচুত আমাৰ বাবে তেওঁৰ যি স্নেহ, তাৰ দ্বাৰাই যেন ভাবী যুগত তেওঁৰ অনুগ্রহৰ মহা ধন যুগে যুগে প্রকাশ কৰিব পাৰে।8. কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।9. কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।10. কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে।11. মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।12. সেই সময়ত আপোনালোক খ্রীষ্টৰ পৰা পৃথক হৈ আছিল; আপোনালোক ইস্ৰায়েলৰ নাগৰিক নাছিল; প্ৰতিজ্ঞাযুক্ত বিধান সমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল; আপোনালোকৰ আশা নাছিল; এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল।13. আগেয়ে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰৈত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীচুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ’ল।14. তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ ইহুদী আৰু অনা-ইহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে।15. খ্রীষ্ট যীচুৱে সমস্ত আজ্ঞা আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়।16. তেওঁলোকৰ মাজত থকা শত্রুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেহত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে।17. এই বাবেই খ্রীষ্টই আহি আপোনালোক যি সকল দূৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।18. কিয়নো খ্রীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালোঁ।19. হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।20. এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।21. যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছে৷22. তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions