যিচ 7:1-25 1. উজ্জিয়াৰ নাতি যোথমৰ পুত্ৰ যিহূদাৰ আহজ ৰজাৰ ৰাজত্বৰ সময়ত, অৰামৰ ৰচীন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ পেকহ ৰজা, এই দুজন ৰজাই যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল; কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে। 2. সেই সময়ত অৰামে ইফ্ৰয়িম ৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল। 3. তেতিয়া যিহোৱাই যিচয়াক ক’লে, “তুমি তোমাৰ পুত্ৰ চাৰ-যাবূচৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত, ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাত কৰিবৰ অৰ্থে ওলাই যোৱা। 4. আৰু তেওঁক এই কথা ক’বা যে, ‘সাৱধান হোৱা; নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচীন আৰু অৰাম, আৰু ৰমলিয়াৰ পুত্র পেখাৰ ভয়ঙ্কৰ ক্ৰোধৰ পৰা ভয় নকৰিব। 5. অৰাম, ইফ্ৰয়িম, আৰু ৰমলিয়াৰ পুত্রই তোমাৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰি কৈছে, 6. “আহাঁ, আমি যিহূদাক আক্রমণ কৰোঁ, তেওঁক আতঙ্কিত কৰোঁ, আৰু পৰাজয় কৰি তাত টাবেলৰ পুত্ৰক আমাৰ ৰজা পাতো।” 7. প্ৰভু যিহোৱাই কৈছে, “এইটো স্থাপন নহ’ব, আৰু কৰা নহ’ব, 8. কাৰণ অৰামৰ নেতৃত্বত দম্মেচক আৰু দম্মেচকৰ নেতৃত্বত ৰচীন। পয়ষষ্ঠি বছৰৰ ভিতৰত ইফ্ৰয়িম ভাগি ডোখৰ ডোখৰ হ’ব আৰু কোনো লোক নাথাকিব। 9. আৰু ইফ্ৰয়িমৰ নেতৃত্বত চমৰীয়া, আৰু চমৰিয়াৰ নেতৃত্বত ৰমলিয়াৰ পুত্র তোমালোক যদি বিশ্বাসত দৃঢ় হৈ নাথাকা, তেন্তে তোমালোক নিশ্চয় নিৰাপদে থাকিব নোৱাৰিবা”।’” 10. যিহোৱাই পুনৰ আহজক ক’লে, 11. “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ পৰা এটা চিন খোজা; অধ:স্থান বা উৰ্দ্ধস্থানত তাক খোজা।” 12. কিন্তু আহজে ক’লে, “মই নোখোজোঁ, অথবা মই যিহোৱাক পৰীক্ষাও নকৰোঁ।” 13. সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে? 14. এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হ’ব। 15. যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য, আৰু ভালক গ্ৰহন কৰিবৰ জ্ঞান পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব। 16. কিয়নো ল’ৰাটিয়ে বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই, তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা, সেই দেশ পৰিত্যক্ত হ’ব। 17. যিহূদাৰ পৰা ইফ্ৰয়িম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যিহোৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ, আৰু তোমাৰ পিতৃ-বংশলৈ তেনেকুৱা দিন আনিব আৰু তোমালোকৰ ওপৰত অচূৰৰ ৰজাক নিযুক্ত কৰিব।” 18. সেই সময়ত যিহোৱাই মিচৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে, আৰু অচূৰ দেশৰ পৰা মৌ-মাখিৰ বাবে সুহুৰি মাৰিব। 19. সেইবোৰ সকলো আহিব আৰু সকলো সঙ্কীর্ণ ঠাইত, শিলৰ ফাটবোৰত, সকলো কাঁইটনিত, আৰু সকলো চৰণীয়া পথাৰত বাস কৰিব। 20. সেই সময়ত প্ৰভুৱে ইফ্রাত নদীৰ সিপাৰত থকা ৰজা অচূৰীয়াৰ পৰা ভাড়া দি অনা খুৰেৰে খুৰাব তেওঁ তোমালোকৰ মুৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব, আৰু তেওঁ ডাঢ়িও খুৰাব। 21. সেই দিনা এজন মানুহে এজনী চেঁউৰী গৰু আৰু দুজনী ভেৰা জীয়াই ৰাখিব, 22. সিহঁতে দিয়া প্রচুৰ পৰিমানৰ গাখীৰৰ পৰা তেওঁ দৈ খাব; কাৰণ দেশত অৱশিষ্ট থকা প্ৰতিজনে দৈ আৰু মৌ খাব। 23. সেই সময়ত, যি ঠাইত হাজাৰ ৰূপ চেকল ৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই। 24. মানুহে তালৈ কাঁড়-ধনু লৈ চিকাৰ কৰিবলৈ যাব; কাৰণ সমগ্র দেশত কাঁইটীয়া বন আৰু কাঁইটীয়া গছ হ’ব। 25. যিবোৰ পাহাৰ কোৰমাৰি খেতি কৰা হৈছিল, তেওঁলোকে কাঁইটীয়া বন আৰু কাঁইট গছৰ ভয়ত তাৰ পৰা আঁতৰি থাকিব; কিন্তু সেই ঠাই গৰু আৰু ছাগলীৰ চৰণীয়া ঠাই হ’ব।
যিচ 8:1-22 1. যিহোৱাই মোক ক’লে, “তুমি এখন ডাঙৰ ফলি লোৱা আৰু তাত এইদৰে লিখা ‘মহেৰচালল-হচ-বজ ’ 2. পুৰোহিত ঊৰিয়া আৰু যিবেৰেখিয়াৰ পুত্ৰ জখৰিয়াক, মোৰ প্রমাণৰ বাবে বিশ্বাসী সাক্ষীস্বৰূপে মাতিম।” 3. মই ভাববাদিনীৰ ওচৰলৈ গ’লো, আৰু তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহোৱাই মোক ক’লে, “তেওঁক ‘মহেৰচালল-হচ-বজ’ বুলি মাতিবা। 4. কাৰণ লৰাটিয়ে মোৰ মা, আৰু মোৰ দেউতা, বুলি মাতিবলৈ জনাৰ পূৰ্বেই, দম্মেচকৰ ধন-সম্পত্তি আৰু চমৰিয়াৰ লুটদ্ৰব্য ৰজা অচূৰৰ দ্বাৰাই কঢ়িয়াই নিয়া হ’ব।” 5. যিহোৱাই মোক পুনৰ কৈছিল, 6. কাৰণ এই লোকসকল চীলোহৰ শীতল পানী অগ্ৰাহ্য কৰিছে, ৰচীন আৰু ৰমলিয়াৰ পুত্রৰ বিষয়ে আনন্দ কৰিছে। 7. এই কাৰণে প্ৰভুৱে নদীৰ প্ৰৱল আৰু প্ৰচুৰ জল সমূহ ৰজা অচূৰীয়া আৰু তেওঁৰ সকলো প্ৰতাপৰ ওপৰলৈ আনিব; সি সকলো সুঁতি পূৰ কৰিব, আৰু পাৰৰ ওপৰেদি বাগৰি যাব। 8. আৰু সি বৈ যিহূদা দেশত সোমাব; আৰু ডিঙি নোপোৱালৈকে প্লাবিত হৈ বৈ যাব। হে ইম্মানূৱেল, তাৰ বিস্তাৰিত ডেউকাই তোমাৰ সমগ্র দেশ ঢাকিব। 9. হে লোকসকল, তোমালোক ডোখৰ ডোখৰ হ’বা। সকলো দূৰত থকা দেশবোৰ শুনা, যুদ্ধৰ বাবে নিজকে সুসজ্জিত কৰা, আৰু ডোখৰ ডোখৰকৈ ভঙা হ’বা। 10. পৰিকল্পনা কৰা, কিন্তু সেয়ে বিফল হ’ব; আদেশ দিয়া, কিন্তু সেয়াও বিফল হ’ব; কাৰণ ঈশ্বৰ আমাৰ লগত আছে। 11. যিহোৱা তেওঁৰ পৰাক্রমী হাত মোৰ ওপৰত ৰাখিছে, আৰু এই লোকসকলৰ পথত গমন নকৰিবলৈ সাৱধান কৰি মোক ক’লে, 12. এই লোকসকলে যি বিষয়ক ষড়যন্ত্র বুলি কয়, তেনে কোনো বিষয়ক ষড়যন্ত্র বুলি নকবা, তেওঁলোকে যি ভয় কৰে, তুমি তালৈ ভয় নকৰিবা, আৰু আতংকিত নহবা। 13. তোমালোকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত। 14. তেঁৱেই পবিত্ৰ স্থান হ’ব, কিন্তু তেওঁ এটা ক্ষুদ্র পদক্ষেপ দিয়া শিল আৰু উজুটি খোৱা শিল হ’ব, যিৰূচালেম নিবাসী লোকৰ বাবে ইস্রায়েলৰ দুয়োটা বংশ ফান্দ আৰু জালৰ দৰে হ’ব। 15. তেওঁলোকৰ মাজৰ অনেকে তাত উজুটি খাই পৰি ভগ্ন হ’ব, আৰু ফান্দত পৰি ধৰা পৰিব। 16. মোৰ সাক্ষ্য ৰ কথা বান্ধি ৰাখা, কাৰ্যালয়ৰ নথি পত্রত মোহৰ মাৰি ৰাখা, আৰু ইয়াক মোৰ শিষ্যসকলক দিয়া। 17. যি জনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই যিহোৱালৈ বাট চাম, আৰু তেওঁ লৈ অপেক্ষা কৰিম। 18. চিয়োন পৰ্বতত থকা বাহিনীসকলৰ যিহোৱাৰ পৰা যিহোৱাই চিন স্বৰূপে ইস্রায়েলৰ অদ্ভুত লক্ষ্যণৰ বাবে দিয়া পুত্রসকল আৰু মোক চোৱা, 19. তেওঁলোকে তোমালোকক ক’ব, “যি সকলে গুণমন্ত্র জানে তেনে যাদুকৰ আৰু মধ্যস্থতাকাৰীৰ সৈতে আলোচনা কৰা” কিন্তু লোকসকলে নিজৰ ঈশ্বৰক নুসুধিব নে? তেওঁলোকে জীৱিতসকলৰ হৈ মৃতবোৰক সুধিব নে? 20. সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব। 21. তেওঁলোক দুখিত ও ক্ষুধিত হৈ দেশৰ মাজেদি যাব। তেওঁলোকৰ যেতিয়া ভোক লাগিব, তেতিয়া তেওঁলোকৰ খং উঠিব; আৰু তেওঁলোকৰ মুখ ওপৰলৈ কৰি নিজৰ ৰজা আৰু নিজৰ ঈশ্বৰক শাও দিব। 22. তেওঁলোকে পৃথিৱীলৈ চাব; আৰু সঙ্কট, আন্ধাৰ, আৰু দুখ যাতনা দেখিব। তেওঁলোকক আন্ধকাৰৰ দেশলৈ নিয়া হ’ব।
গীত 105:37-45 37. পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল। 38. তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল। 39. তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে। 40. তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে। 41. তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল। 42. তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে। 43. এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে। 44. তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে, 45. যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা।
হিতো 24:30-34 30. মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ। 31. চাৰিওফালে কাঁইটীয়া বন গজিছিল, গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল, আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল। 32. তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ; আৰু চালোঁ আৰু শিক্ষা পালোঁ। 33. “অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে, 34. দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।
১ কৰি 16:1-24 1. পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব। 2. সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷ 3. এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷ 4. যদি আমি যোৱাতো উচিত হয়, তেনেহলে তেওঁলোক অামাৰ লগতে যাব। 5. কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ - যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম। 6. আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিব৷ 7. এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ। 8. তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম; 9. কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে। 10. এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷ 11. কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ। 12. এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব। 13. আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক। 14. আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক। 15. হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে; 16. আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক। 17. আমি সকলো আনন্দিত হৈছোঁ, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে। 18. কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিব। 19. এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷ 20. সকলো ভাই, ভনী সকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷ 21. মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷ 22. কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷ 23. প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক। 24. খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd