विषय परमेश्वर आशीर्वाद आप जिस स्थिति में हैं वैसे ही आ जाएं आज्ञाओं अभिशाप वित्तीय आशीर्वाद मुक्त इच्छा भगवान की कृपा ईश्वर का प्यार भगवान की मर्जी भगवान (समय) में तुम्हे कभी नहीं छोड़ूंगा चमत्कार भगवान के नाम भगवान को अर्पण योजनाओं पाप से बचाया जा रहा है ट्रिनिटी समय बिना शर्त प्रेम विषाणु / रोग कौन ईश्वर है अच्छा चरित्र स्वीकार परहेज़ जवाबदेही साहस देखभाल स्वच्छता प्रतिबद्धता आत्मविश्वास संतोष साहस / बहादुर दया अनुशासन आस्था आभारी सत्कार विनम्र / विनम्रता ईमानदार आदर अखंडता दयालुता प्रेम शील दया धीरज पवित्रीकरण आत्म - संयम विश्वास बुरा चरित्र गुस्सा विश्वासघात धमकाना अप्रसन्नता उपालंभ देना संघर्ष डर मूढ़ पाखंडी ईर्ष्या द्वेष अनुमान आलसी गौरव बदला / प्रतिशोध घमंड हिंसा पाप गर्भपात लत व्यभिचार स्वधर्मत्याग अपशब्द तलाक डाह व्यभिचार लोलुपता गपशप लालच नफरत हवस झूठ बोलना हस्तमैथुन टालमटोल चोरी होना जिंदगी बुढ़ापा जानवरों बच्चे को गोद लेना जन्मदिन सुंदरता अकेला होना डेटिंग लोग मौत डिप्रेशन निराशा प्रभेद व्यायाम करना आचार विचार उपवास प्यार ढूंढना ध्यान केंद्रित परिवार खाना अपराध स्वास्थ्य ख़ुशी नरक बांझपन नौकरी खोना नुकसान मानसिक बीमारी संगीत शादी ईश्वर को पहले रखना दर्द पेरेंटिंग संघर्ष लिंग परीक्षण प्रलोभन पुरुषों के लिए छंद महिलाओं के लिए छंद युद्ध धन विधवाओं चर्च चर्च में भाग ले रहे हैं यीशु का जन्म चर्च उत्पीड़न उपयाजकों झूठे शिक्षक स्वर्ग जा रहे हैं पवित्र आत्मा बाइबल में मसीहा पादरियों ईश्वर की स्तुति करना यीशु से दृष्टांत पेंटेकोस्ट भाषाओं में बोलना Tithing पूजा महिलाएं रोल्स रहस्य एलियंस कैंसर भाग्य डायनासोर ड्रेगन सपने सपाट या गोल पृथ्वी बाइबिल में दिग्गज पिछले दिनों का भविष्य यूनिकॉर्न्स स्वर्गदूत और राक्षस आर्च देवदूत एन्जिल्स शैतान शैतान संरक्षक एन्जिल्स लूसिफ़ेर जादूगर / जादू मठ के संकेत नंबर 3 नंबर 5 नंबर 7 नंबर 8 नंबर 10 अतिरिक्त शराब प्रचुरता नफरत टूटा हुआ दिल नरभक्षण का मौत की सजा ड्रग्स बुराई भावनाएँ हैलोवीन गरीब की मदद करना गर्भपात पुलिस पियर्सिंग / झुमके बहुविवाह Revivial उदासी विज्ञान आत्म रक्षा गुलामी आत्महत्या प्रतिभा टैटू काम अतिरिक्त: [शराब] ১ পিতৰ 4:3যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷১ তীমথিয় 5:23তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্ৰাক্ষাৰস পান কৰিবা।উপ 9:7সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।ইফিচীয়া 5:18দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;হিতো 20:1দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়।হিতো 23:31যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, পাত্ৰত দগমগায়, আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা।ৰোমীয়া 13:13ৰঙ্গৰস, মত্ততা, লম্পট আচৰণ, কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ ত্যাগ কৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহক।হিতো 31:4-5[4] হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত; [5] তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব। গীত 104:14-15[14] তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়; [15] যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়। ১ কৰি 10:23-24[23] সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে। [24] প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক। যিচ 62:8-9[8] যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব; [9] কাৰণ যিসকলে শস্য চপাই, তেওঁলোকে তাক ভোজন কৰিব আৰু যিহোৱাৰ প্ৰশংসা কৰিব, আৰু যিসকলে দ্ৰাক্ষাগুটি গোটাই, তেওঁলোকে মোৰ ধৰ্মধামৰ চোতালবোৰত তাৰ দ্রাক্ষাৰস পান কৰিব।” গালাতীয়া 5:19-21[19] এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, [20] মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, [21] হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। ১ কৰি 9:19-23[19] যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷ [20] ইহুদী সকলক জয় কৰিবৰ কাৰণে, ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হ’লো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হ’লো৷ [21] বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হ’লোঁ৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ৷ [22] দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ৷ [23] মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে, অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হ’বলৈহে কৰোঁ। ৰোমীয়া 14:15-21[15] কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব। [16] এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব; [17] কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ। [18] কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ। [19] এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক। [20] খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ। [21] মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত। যোহন 2:3-11[3] পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক ক’লে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।” [4] যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।” [5] তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।” [6] সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে। [7] যীচুৱে দাসবোৰক ক’লে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে। [8] তাৰ পাছত যীচুৱে সিহঁতক ক’লে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।” তাতে দাসবোৰে সেইদৰে কৰিলে। [9] ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস ক’ৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক’লে, [10] “সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।” [11] গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions