|
| বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা; তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা। |
|
|
| যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে। |
|
|
| ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম। |
|
|
| মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে,সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো। |
|
|
| বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ আগতে মই তোমাক জানিলোঁ। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা আগতে মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ গোটেই জাতিবোৰৰ বাবে।” |
|
|
| কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়। |
|
|
| শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে সান্ত্বনা পাব। |
|
|
| যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে। |
|
|
| আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে। |
|
|
| [27] এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে। [28] সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে। |
|
|
| [6] আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। [7] তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব। |
|
|
| [8] “কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়” এইয়া যিহোৱাৰ ঘোষনা। [9] “কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা। |
|
|
| [3] আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ। [4] আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে। [5] কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্ত্বনা উপচি পৰে। |
|
|
| [13] তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা। [14] মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো। [15] যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল। [16] তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল। |
|