এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
অতিৰিক্ত: [আত্মহত্যা]
পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব।
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
[1] এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। [2] কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
[38] কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, [39] ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
[3] তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যিহূদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলক সেই ত্ৰিশ টা ৰূপৰ মুদ্ৰা ওভোতাই দিলে; [4] আৰু ক’লে, “নিৰ্দোষীৰ তেজ শোধাই দি মই পাপ কৰিলোঁ”; কিন্তু তেওঁলোকে ক’লে, ‘তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা’।
[18] যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে। [19] ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে।
[3] চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্দ্ধৰ সকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ’ল। [4] তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল। [5] তাতে তেওঁৰ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে, চৌল মৰিল; তেতিয়া তেৱোঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেৱোঁ মৰিল।
[15] যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল। [16] পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে। [17] পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে। [18] যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে। [19] তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল। [20] জিম্ৰীৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁ কৰা চক্ৰান্তৰ কথাৰ বিষয়ে জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
[50] তাৰ পাছত অবীমেলক তেবেচলৈ গৈ তাৰ বিৰুদ্ধে ছাউনি পাতি তাক অধিকাৰ কৰি ল’লে। [51] সেই নগৰৰ ভিতৰত এটা দৃঢ় দুৰ্গ আছিল; সকলো পুৰুষ, মহিলা আৰু নগৰৰ নেতাসকল তালৈ পলাই গৈ দুৱাৰ বন্ধ কৰি নিজকে ভিতৰত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁলোক দুর্গৰ চালৰ ওপৰত উঠিলগৈ। [52] অবীমেলকে সেই দুর্গৰ ওচৰলৈ আহি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে; তেওঁ দুৰ্গত জুই লগাবৰ বাবে দুৰ্গৰ দুৱাৰৰ ওচৰলৈকে আহিল। [53] কিন্তু তাত এগৰাকী মহিলাই জাঁতৰ ওপৰৰ শিলচটা লৈ অবীমেলকৰ মূৰৰ ওপৰত পেলাই দি তেওঁৰ মূৰৰ খোলা ভাঙিলে। [54] তেতিয়া অবীমেলকে ততাতৈয়াকৈ নিজৰ অস্ত্রবহনকাৰী যুবকক মাতি ক’লে, “তোমাৰ তৰোৱাল উলিয়াই মোক বধ কৰা যাতে কোনেও মোৰ বিষয়ে এইদৰে ক’ব নোৱাৰে যে ‘এগৰাকী মহিলাই মোক বধ কৰিলে’।” তেতিয়া সেই যুবকে তেওঁক তৰোৱালেৰে খুচিলে আৰু তেওঁৰ মৃত্যু হ’ল। [55] অবীমেলকৰ মৃত্যু হোৱা দেখি ইস্ৰায়েলীয়াসকলে নিজৰ ঘৰলৈ উলটি গ’ল।
[25] পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক’লে, “চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওঁক।” তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে। [26] তেতিয়া চিমচোনে তেওঁৰ হাতত ধৰি থকা ল’ৰাটোক ক’লে, “মোক এৰি দে, যি দুটা স্তম্ভৰ ওপৰত ঘৰৰ ভৰ আছে, সেই দুটা মোক চুবলৈ দে, মই তাত আঁউজি থিয় হওঁ।” [27] সেই সময়ত পুৰুষ-মহিলাৰে সেই ঘৰ ভৰি আছিল আৰু পলেষ্টীয়াসকলৰ সকলো অধিপতিও তাত আছিল। ঘৰৰ চালৰ ওপৰত প্রায় তিনি হাজাৰ পুৰুষ-মহিলাই চিমচোনে দেখুউৱা ৰং চাই আছিল। [28] তেতিয়া চিমচোনে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে প্ৰভু যিহোৱা মই যেন মোৰ চকু দুটাৰ কাৰণে পলেষ্টীয়াসকলৰ ওপৰত একেবাৰে প্ৰতিকাৰ সাধিব পাৰোঁ, ইয়াৰ বাবে মোক অনুগ্ৰহ কৰি সোঁৱৰণ কৰা: হে ঈশ্বৰ, এইবাৰ মাথোন মোক বলৱান কৰা।” [29] তাতে মাজত থকা স্তম্ভ দুটাৰ ওপৰত ঘৰৰ ভৰ আছিল, চিমচোনে তাৰ এটাক সোঁহাতেৰে, আনটোক বাওঁ-হাতেৰে ধৰি চাপৰি ক’লে “পলেষ্টীয়াহঁতৰ সৈতে মোৰ প্ৰাণ যাওক।” [30] এইবুলি কৈ, নিজৰ সকলো বলেৰে তেওঁ ভৰ দিলে; তেতিয়া সেই ঘৰ, তাৰ ভিতৰত থকা অধিপতি আদি সকলো লোকৰ ওপৰত পৰিল; এইদৰে তেওঁ জীৱনৰ কালত বধ কৰা লোকতকৈ মৰণৰ কালত বধ কৰা লোক অধিক হ’ল।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd