১ কৰি 13:6 ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
১ যোহন 5:19 আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷
১ ৰাজা 14:9 কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
১ ৰাজা 17:13 তেতিয়া এলিয়াই তাইক ক’লে, “ভয় নকৰিবা। তুমি যি ক’লা, তাকেই কৰাগৈ, কিন্তু প্ৰথমে তাৰে মোৰ কাৰণে এটি সৰু পিঠা তৈয়াৰ কৰা, তাৰ পাছত তোমাৰ আৰু তোমাৰ ল’ৰাটিৰ কাৰণে তৈয়াৰ কৰিবা।
১ পিতৰ 3:9 অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
১ ৰূথ 12:20 চমূৱেলে উত্তৰ দি ক’লে, ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।
১ ৰূথ 15:23 কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
১ থিচলনীকীয়া 5:22 সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
২ বংশা 29:6 কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
২ তীমথিয় 2:22 কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷
যিচ 5:20 যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
যিচ 32:6 কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ, যিহোৱাৰ বিৰুদ্ধে ভ্ৰান্তিজনক কথা কব, ক্ষুধাতুৰ পেট শুদা ৰাখিব, আৰু তৃষ্ণাতুৰৰ পানীৰ অভাৱ কৰাব, কাৰণ মুৰ্খই মুৰ্খতাৰ কথা ক’ব, আৰু তেওঁৰ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব।
যোহন 3:20 কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
বিচাৰ 2:19 কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
ইয়ো 4:8 মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
হিতো 3:7 তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
হিতো 4:16 কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।
হিতো 8:13 যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
হিতো 10:29 যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
হিতো 12:20 কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে; কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।
গীত 7:14 ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
গীত 28:3 যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
গীত 37:9 কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব।
গীত 50:19 দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।
গীত 73:7 তেওঁলোকৰ মনৰ অন্ধকাৰ পাপ হৈ বাহিৰ হয়; তেওঁলোকৰ মন্দ চিন্তা শেষ পর্যন্ত তেওঁলোকৰ অন্তৰৰ ভিতৰত থাকে।
গীত 141:4 কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা, মই যেন অধার্মিকবোৰৰ সৈতে দুষ্টতাৰ কাৰ্য নকৰোঁ; তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰোঁ।
ৰোমীয়া 6:12 এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷
ৰোমীয়া 12:21 কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।
মাৰ্ক 7:21-22 [21] কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ, [22] পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
মথি 12:34-35 [34] সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়। [35] ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
যাকোব 1:13-14 [13] কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে। [14] কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
যাকোব 3:6-8 [6] সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। [7] কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে; [8] কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
ৰোমীয়া 2:29-32 [29] কিন্তু যি জন ভিতৰে ইহুদী, তেওঁহে ইহুদী হয়; আৰু আখৰেৰে নহয়, কিন্তু আত্মাৰে, হৃদয়ৰ যি চুন্নৎ, সেয়েহে চুন্নৎ; তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়। [30] তেনেহ’লে ইহুদী সকলৰ এনে কি সুবিধা আছে, যি অন্য লোকৰ নাই? চুন্নতৰেই বা মূল্য কি? [31] সকলো ফালৰ পৰা ইহুদী সকলৰ বহুতো সুবিধা আছে; তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হ’ল, ঈশ্ৱৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদী সকলকেই দিছিল৷ [32] কাৰণ কোনো কোনো ইহুদী সকলে যদি অবিশ্বাস কৰে, তেতিয়া কি হ’ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে?
ৰোমীয়া 2:8-12 [8] কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হ’ব; [9] তাতে সকলো মানুহৰ প্ৰাণৰ, প্ৰথমতে ইহুদী, পাছত গ্ৰীকলোকৰো, তেনে কুকৰ্ম সাধন কৰা সকলোৰে, ক্লেশ আৰু সঙ্কট ঘটিব৷ [10] কিন্তু প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ সৎকৰ্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ, মৰ্যদা, আৰু শান্তি হ’ব; [11] কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷ [12] সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে, সেই সকলোৰে বিধান অবিহনে বিনাশ হ’ব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে, তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধ-বিচাৰ হ’ব।
ইফিচীয়া 6:12-16 [12] কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। [13] এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক। [14] এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, [15] শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক। [16] যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক:
হিতো 14:16-22 [16] জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে। [17] ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে; আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়। [18] অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ। [19] যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে। [20] দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে। [21] যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়। [22] যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
ৰোমীয়া 7:19-25 [19] কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ। [20] কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। [21] এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে। [22] কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ; [23] কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো। [24] হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? [25] আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।
মথি 13:36-43 [36] পাছত যীচুৱে লোক সকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্য সকলে ওচৰলৈ আহি তেওঁক সুধিলে, “পথাৰৰ বিনৈ বনৰ দৃষ্টান্তটো আমাক বুজাই দিয়ক।” [37] তেওঁ উত্তৰ দি ক’লে, “যি জনে ভাল কঠিয়া সিঁচে, তেওঁ মানুহৰ পুত্ৰ। [38] পথাৰ খন এই জগত আৰু ভাল কঠিয়া হৈছে স্বৰ্গৰাজ্যৰ সন্তান সকল। সেই বিনৈ বনবোৰ হৈছে চয়তানৰ সন্তান। [39] যি শত্ৰুৱে সেইবোৰ সিঁচিলে, সি চয়তান; শস্য দোৱাৰ সময়েই এই জগতৰ শেষ সময় আৰু দাৱনী সকল স্বৰ্গৰ দূত। [40] এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ’ব। [41] মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব। [42] তেতিয়া তাত ক্রন্দন আৰু দাঁত কৰচনি হব। [43] সেই সময়ত ধাৰ্মিক সকল তেওঁলোকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনাকৈ উজ্জ্বল হ’ব। যাৰ কাণ আছে, তেওঁ শুনক।
হিতো 6:12-19 [12] এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে। [13] তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে। [14] তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে, [15] সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে। [16] যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক। [17] গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত, [18] বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি, [19] মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
আদি 6:1-8 [1] এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল। [2] ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে। [3] এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মা ই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।” [4] সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল। [5] যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়। [6] পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে। [7] সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।” [8] কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।
১ তীমথিয় 6:2-10 [2] আৰু যি সকল দাস প্রভুৰ বিশ্বাসী, তেওঁলোক পৰস্পৰ ভাই। সেই বাবে দাস সকলে তেখেত সকলক অসন্মান কৰা উচিত নহয়। বৰং তেওঁলোকে আৰু ভালদৰে সেৱা কার্য কৰা উচিত, যিহেতু যি সকলে সেৱা লাভ কৰিছে, তেওঁলোকো বিশ্বাসী আৰু প্রিয়। এইবোৰ কথা শিকোৱা আৰু ঘোষণা কৰা। [3] কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷ [4] তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ-বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়৷ সেইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷ [5] মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে। [6] কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে। [7] আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷ [8] সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷ [9] কিন্তু যি সকলে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়। [10] ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
গীত 34:13-21 [13] তুমি দুষ্টতাৰ পৰা তোমাৰ জিভা আৰু ছলনা বাক্যৰ পৰা তোমাৰ ওঁঠক ৰাখা। [14] তুমি দুষ্টতাৰ পৰা আঁতৰি সুকৰ্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা। [15] যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে। [16] যিসকলে দুষ্টতাৰ কার্য কৰে, যিহোৱা তেওঁলোকৰ বিৰুদ্ধে, তেওঁ পৃথিবীৰ পৰা তেওঁলোকৰ স্মৰণ মছি পেলাব। [17] ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে। [18] যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে। [19] ধাৰ্মিক লোকৰ বিপদ অনেক হলেও, সেই সকলোৰে পৰা যিহোৱায়েই তেওঁক উদ্ধাৰ কৰে। [20] যিহোৱাই তেওঁৰ সকলো অস্থি ৰক্ষা কৰে; তাৰ মাজৰ এডালিও ভগ্ন নহয়। [21] দুষ্ট লোকৰ মৃত্যু দুষ্টতাৰ হাতত; ধাৰ্মিক লোকক ঘিণাওঁতাসকল দণ্ডিত হব।
গীত 52:1-9 [1] হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে । [2] তুমি ধ্বংসৰ পৰিকল্পনা কৰিছা; হে ছলনাকাৰী, তোমাৰ জিভা চোকা খুৰৰ নিচিনা; [3] তুমি ভাল কামতকৈ বেয়া কামহে ভাল পোৱা, সত্য কথাতকৈ মিছা কথা কবলৈহে ভাল পোৱা। [চেলা]। [4] হে ছলনাকাৰী জিভা, যি কথাই ধ্বংস আনে, তুমি তাকে ভাল পোৱা। [5] কিন্তু ঈশ্বৰে তোমাক চিৰকালৰ বাবে বিনষ্ট কৰিব; তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি আনি ছিৰাছিৰ কৰিব; জীৱিতসকলৰ দেশৰ পৰা তোমাক উঘালি পেলাব। (চেলা) [6] ধাৰ্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব, [7] “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্ৰয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্ৰয় ল’লে ।” [8] কিন্তু মই হ’লে, ঈশ্বৰৰ গৃহত কেঁচাপতীয়া জিত গছৰ নিচিনা; মই সকলো সময়তে ঈশ্বৰৰ প্রেমৰ ওপৰত ভাৰসা কৰোঁ। [9] হে ঈশ্বৰ, তুমি যি সকলো কার্য কৰিছা, তাৰ বাবে মই চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিম; তোমাৰ ভক্তসকলৰ সন্মুখত মই তোমাৰ নাম অপেক্ষা কৰিম; কাৰণ এইয়ে ভাল ।
উপ 9:3-12 [3] সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়। [4] সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্রবাদ আছে যে, ‘মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্রেয়’। [5] কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়। [6] তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্যৰ তলত কৰা যিকোনো কাৰ্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব। [7] সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে। [8] সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা। [9] সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ। [10] তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই। [11] সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়। [12] কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।
গীত 10:2-12 [2] অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক; [3] দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে । [4] দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।” [5] সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে। [6] তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।” [7] তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে। [8] গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে; কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে। [9] তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়। [10] তেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে। [11] তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।” [12] হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।
হিতো 16:17-27 [17] ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে। [18] বিনাশৰ আগত অহংকাৰ আহে, আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়। [19] অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল। [20] যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়। [21] যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে। [22] বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা। [23] জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে। [24] সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ। [25] এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ; কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়। [26] পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়; তেওঁৰ ক্ষুধাই তেওঁক উদগায়। [27] নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে।
গীত 36:1-12 [1] পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই। [2] তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব। [3] তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে। [4] তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে। [5] হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত, আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে। [6] তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা। [7] হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়। [8] তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া। [9] কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো। [10] যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়। [11] মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা; দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে। [12] যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল; উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।
হিতো 1:8-19 [8] হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা, আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা; [9] তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব। [10] হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, তেওঁলোকক অনুসৰণ নকৰিবা। [11] তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক। [12] আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, আৰু তেওঁলোকক গাতত পৰি থকা লোকৰ দৰে কৰোঁহক। [13] আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম, আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম। [14] তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, আমাৰ সকলোৰে এখনেই মোনা হ’ব।” [15] হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা। [16] তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে। [17] যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা। [18] সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে। [19] সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।
যিচ 59:4-15 [4] কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰসৱ কৰে। [5] তেওঁলোক সাপৰ কণী উমনি লৈ জগায়, আৰু মকৰাৰ জাল গাঁথে; যি জনে তেওঁলোকৰ কণী খায়, সি মৰে, আৰু যি কণী ভাগে, তাৰ পৰা কালসৰ্প বাহিৰ হয়। [6] তেওঁলোকে গঁথা ঊন বস্ত্ৰৰ বাবে ব্যৱহাৰ কৰা নহ’ব, আৰু তেওঁলোকে কৰা বস্ত্ৰেৰে নিজৰ গা নাঢাকিব; তেওঁলোকৰ কাৰ্য অধৰ্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে। [7] তেওঁলোকৰ ভৰি কুকৰ্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে; তেওঁলোকৰ কল্পনাবোৰ অধৰ্মৰ কল্পনাহে; ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে। [8] তেওঁলোকে শান্তিৰ পথ নাজানে, আৰু তেওঁলোকৰ পথত ন্যায় বিচাৰ নাই; তেওঁলোকে কুটিল পথ সাজে; যি জনে সেই পথত চলে, তেওঁ শান্তিৰ কথা নাজানে। [9] এই কাৰণে ন্যায় বিচাৰ আমাৰ পৰা বহু দূৰত আছে, আৰু ধাৰ্মিকতাই আমাৰ লগ ধৰিব নোৱাৰে। আমি পোহৰৰ বাবে অপেক্ষা কৰি থাকোঁ, কিন্তু অন্ধকাৰ দেখা পাওঁ, আৰু দীপ্তিলৈ বাট চাই থাকোঁ, কিন্তু ঘোৰ অন্ধকাৰত ভ্ৰমণ কৰোঁ। [10] আমি অন্ধলা লোকৰ দৰে দেৱালত খপিয়াওঁ, চকুহীন লোকৰ দৰে খপিয়াই ফুৰোঁ; গধূলি বেলাৰ দৰে দুপৰ বেলাতো আমি উজটি খাওঁ; আৰু শক্তিমান লোকৰ মাজত আমি মৰা মানুহৰ দৰে থাকোঁ। [11] আমি ভালুকৰ দৰে চিঞৰি আছোঁ, আৰু কপৌৰ দৰে শোকধ্বনি কৰি আছোঁ; আমি ন্যায় বিচাৰৰ বাবে অপেক্ষা কৰোঁ, কিন্তু সেয়ে নাই; আৰু পৰিত্ৰাণলৈ বাট চাই থাকোঁ, কিন্তু সিও আমাৰ পৰা বহু দূৰত থাকে। [12] কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে; কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অৰ্ধম্মবোৰ জানো। [13] এইবোৰেই অপৰাধ কৰি যিহোৱাক অস্বীকাৰ কৰা, নিজৰ ঈশ্বৰৰ পাছত চলাৰ পৰা বিমুখ হোৱা, আমি অন্যায় দাবীৰ কথা কৈছিলোঁ আৰু পৃথকে ঘূৰিছিলোঁ, আৰু অন্তৰত মিছা কথা গৰ্ভধাৰণ কৰি তাক প্ৰসৱ কৰা। [14] আৰু ন্যায় বিচাৰ পাছলৈ হুঁহকি গৈছে, আৰু ধাৰ্মিকতা দূৰত থিয় হৈ আছে; কিয়নো জনসাধাৰণৰ মাজত সত্যতা উজুটি খাই পৰিছে, আৰু সত্যতা তাত আহিব নোৱাৰে। [15] বিশ্বাসযোগ্যতা সত্যতাৰ আঁতৰি গ’ল, আৰু অধৰ্ম ত্যাগ কৰা লোক নিজকে জীৱন্ত বলি সাজিছে।
যিৰি 18:8-20 [8] মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম। [9] আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ, [10] সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম। [11] এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা ওলটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা।” [12] কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।” [13] এই হেতুকে যিহোৱাই এইদৰে কৈছে: “তোমালোকে এতিয়া জাতি সমূহৰ মাজত সোধা, এনে কথা কোনে শুনিলে? কুমাৰী ইস্ৰায়েলে অতিশয় নোম শিয়ৰি যোৱা কাৰ্য কৰিলে। [14] লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে? বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়? [15] কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে, [16] নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে। যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব। [17] মই পূব ফালৰ বতাহৰ দৰে শত্ৰূবোৰৰ আগত তেওঁলোকক চিন্ন-ভিন্ন কৰিম; তেওঁলোকৰ সঙ্কটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম। [18] তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ। [19] হে যিহোৱা! মোলৈ মন দিয়া, আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা। [20] উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
হিতো 11:6-27 [6] যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে। [7] দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়। [8] সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে। [9] তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়। [10] যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়। [11] ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়। [12] বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে। [13] পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে। [14] যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়। [15] যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে। [16] দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে। [17] দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে। [18] দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়। [19] যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব। [20] কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়। [21] নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব। [22] গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে। [23] সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে। [24] যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে। [25] দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়। [26] যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে। [27] যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
ইয়ো 15:1-35 [1] তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে, [2] জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে? [3] সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা, [4] এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা। [5] কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা। [6] তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে। [7] মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল? [8] তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে? [9] তুমি নো আমি নজনা কথা কি জানা? তুমিনো আমি নুবুজা কথা কি বুজিছা? [10] আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে; তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ। [11] ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে? [12] তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা, [13] তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে? [14] মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে? [15] চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়। [16] তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে। [17] মই তোমাক দেখিছোঁ, মোৰ কথা শুনা; মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ; [18] যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল, [19] জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়, [20] দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়। [21] ভয়ৰ শব্দ তাৰ কাণত থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে। [22] সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, তৰোৱালে তালৈ বাট চাই আছে। [23] সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে। [24] ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে। [25] কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে। [26] এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়, সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে। [27] এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে; [28] আৰু সি জনশূণ্য নগৰত বাস কৰিলে; য’ত কোনো মানুহে বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে। [29] সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব। [30] সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব। [31] সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হ’ব। [32] তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব, আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব। [33] সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব। [34] কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব। [35] সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”