विषय परमेश्वर आशीर्वाद आप जिस स्थिति में हैं वैसे ही आ जाएं आज्ञाओं अभिशाप वित्तीय आशीर्वाद मुक्त इच्छा भगवान की कृपा ईश्वर का प्यार भगवान की मर्जी भगवान (समय) में तुम्हे कभी नहीं छोड़ूंगा चमत्कार भगवान के नाम भगवान को अर्पण योजनाओं पाप से बचाया जा रहा है ट्रिनिटी समय बिना शर्त प्रेम विषाणु / रोग कौन ईश्वर है अच्छा चरित्र स्वीकार परहेज़ जवाबदेही साहस देखभाल स्वच्छता प्रतिबद्धता आत्मविश्वास संतोष साहस / बहादुर दया अनुशासन आस्था आभारी सत्कार विनम्र / विनम्रता ईमानदार आदर अखंडता दयालुता प्रेम शील दया धीरज पवित्रीकरण आत्म - संयम विश्वास बुरा चरित्र गुस्सा विश्वासघात धमकाना अप्रसन्नता उपालंभ देना संघर्ष डर मूढ़ पाखंडी ईर्ष्या द्वेष अनुमान आलसी गौरव बदला / प्रतिशोध घमंड हिंसा पाप गर्भपात लत व्यभिचार स्वधर्मत्याग अपशब्द तलाक डाह व्यभिचार लोलुपता गपशप लालच नफरत हवस झूठ बोलना हस्तमैथुन टालमटोल चोरी होना जिंदगी बुढ़ापा जानवरों बच्चे को गोद लेना जन्मदिन सुंदरता अकेला होना डेटिंग लोग मौत डिप्रेशन निराशा प्रभेद व्यायाम करना आचार विचार उपवास प्यार ढूंढना ध्यान केंद्रित परिवार खाना अपराध स्वास्थ्य ख़ुशी नरक बांझपन नौकरी खोना नुकसान मानसिक बीमारी संगीत शादी ईश्वर को पहले रखना दर्द पेरेंटिंग संघर्ष लिंग परीक्षण प्रलोभन पुरुषों के लिए छंद महिलाओं के लिए छंद युद्ध धन विधवाओं चर्च चर्च में भाग ले रहे हैं यीशु का जन्म चर्च उत्पीड़न उपयाजकों झूठे शिक्षक स्वर्ग जा रहे हैं पवित्र आत्मा बाइबल में मसीहा पादरियों ईश्वर की स्तुति करना यीशु से दृष्टांत पेंटेकोस्ट भाषाओं में बोलना Tithing पूजा महिलाएं रोल्स रहस्य एलियंस कैंसर भाग्य डायनासोर ड्रेगन सपने सपाट या गोल पृथ्वी बाइबिल में दिग्गज पिछले दिनों का भविष्य यूनिकॉर्न्स स्वर्गदूत और राक्षस आर्च देवदूत एन्जिल्स शैतान शैतान संरक्षक एन्जिल्स लूसिफ़ेर जादूगर / जादू मठ के संकेत नंबर 3 नंबर 5 नंबर 7 नंबर 8 नंबर 10 अतिरिक्त शराब प्रचुरता नफरत टूटा हुआ दिल नरभक्षण का मौत की सजा ड्रग्स बुराई भावनाएँ हैलोवीन गरीब की मदद करना गर्भपात पुलिस पियर्सिंग / झुमके बहुविवाह Revivial उदासी विज्ञान आत्म रक्षा गुलामी आत्महत्या प्रतिभा टैटू काम स्वर्गदूत और राक्षस: [आर्च देवदूत] যিহূদা 1:9কিন্তু প্ৰধান স্বৰ্গৰ দূত মীখায়েলে যেতিয়া মোচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাগযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ দোষাৰোপ বা অপমান নকৰিলে; কিন্তু তাৰ পৰিৱর্তে তেওঁ ক’লে, “প্রভুৱে তোমাক ডবিয়াওক৷”দানি 10:13-21[13] পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল। [14] এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।” [15] যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ। [16] তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল। [17] মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।” [18] তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে। [19] তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।” [20] তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব। [21] কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েল ৰ বাহিৰে আন কোনো শক্তিশালী নাই।” দানি 12:1সেই সময়ত তোমাৰ লোকসকলক সুৰক্ষা দান কৰা মহাৰক্ষক-দূত মীখায়েল থিয় হ’ব। দেশৰ আৰম্ভণি নোহোৱা সময়ৰে পৰা যেনে সঙ্কট কেতিয়াও হোৱা নাই, তেনে সঙ্কটৰ সময় আহিব। সেই সময়ত পুস্তক খনত নাম লিখা তোমাৰ আটাই লোকসকলে ৰক্ষা পাব।১ থিচলনীকীয়া 4:16কিয়নো প্রভু নিজে জয়ধ্বনি, প্ৰধান স্বর্গৰ দূতৰ স্বৰ, আৰু ঈশ্বৰৰ তূৰী বাদ্যৰে সৈতে স্বৰ্গৰ পৰা নামি আহিব; তেতিয়া খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোক সকল প্ৰথমে উঠিব;দানি 9:21এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।দানি 8:11-16[11] সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল। [12] দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ’ল, আৰু হোম বলি বন্ধ কৰা হ’ল। এইদৰে সকলো সত্যতাক ভূ-লুণ্ঠিত কৰিলে; আৰু যি কৰিলে তাত কৃতকাৰ্য হ’ল। [13] তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?” [14] তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।” [15] মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ; আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সম্মুখত থিয় হৈছিল। [16] উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ক’লে, “হে গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা।” প্ৰকাশিত বাক্য 12:7-9[7] এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷ [8] কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে। [9] সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল। লূক 1:26এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে।ইব্ৰী 1:14সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?যিহো 5:13-15[13] যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?” [14] তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?” [15] যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷ মথি 18:10সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।যাত্ৰা 3:2সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।প্ৰকাশিত বাক্য 1:4যোহন, - এচিয়াত থকা সাত মণ্ডলীৰ প্ৰতি: যি জন হয়, যি জন আছিল, আৰু যি জন আহিব, তেওঁৰ পৰা আৰু তেওঁৰ সিংহাসনৰ সন্মুখত থকা সাত আত্মাৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক,মথি 22:30কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।ইয়ো 1:6এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল।লূক 20:36তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions