এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
বেয়া চৰিত্ৰ: [হিংসা]
অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।”
সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হলোঁ।
কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
উগ্র ব্যক্তিক ভয় নকৰিবা; বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।
অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।
যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
কিয়নো আপোনাৰ ভালৰ কাৰণে, তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে, তেনেহলে ভয় কৰিব; কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে, এনে নহয়; কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা।
যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷
[21] কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ, [22] পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
[38] তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা। [39] কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।
[1] তোমালোকে অন্য লোকৰ সোধ-বিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহ’ব। [2] কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
[5] কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। [6] ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
[19] এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, [20] মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, [21] হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
[52] তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব। [53] ‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে? [54] কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?”
[10] কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম। [11] কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, “মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।” [12] এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব। [13] এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd