এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
গীৰ্জা: [যীচুৰ জন্ম]
[18] যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে। [19] তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। [20] কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে। [21] তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।” [22] এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়: [23] “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ ।
[7] তেওঁ নিজৰ প্রথম পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে; কাৰণ অতিথিশালাত তেওঁলোকৰ কাৰণে থকা ঠাই নাছিল। [8] সেই অঞ্চলত কিছুমান মেষৰখীয়াই ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল। [9] হঠাতে প্ৰভুৰ দূত এজন আহি তেওঁলোকৰ ওচৰত উপস্থিত হ’ল আৰু তেতিয়াই প্রভুৰ মহিমা তেওঁলোকৰ চাৰিওফালে উজ্জ্বল হৈ প্ৰকাশিত হ’ল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। [10] তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰোঁ যে, [11] আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু খ্ৰীষ্ট। [12] তোমালোকলৈ এয়ে চিন হব যে, ল’ৰা জনক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা।” [13] তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ ল’লে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে, [14] “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।” [15] পাছত স্বর্গৰ দূত সকল তেওঁলোকৰ ওচৰৰ পৰা স্বৰ্গলৈ উলটি যোৱাত মেষৰখীয়াবোৰে পৰস্পৰে কোৱা-কুই কৰিলে, “ব’লা, এতিয়া আমি বৈৎলেহমলৈ যাওঁহক; যি ঘটনাৰ কথা প্রভুৱে আমাৰ আগত ঘোষণা কৰিলে, তাকে চাবলৈ যাওঁ ব’লা।” [16] তাৰ পাছত তেওঁলোকে বেগাই বিচাৰি গ’ল, তাতে বিচাৰি যোৱাত মৰিয়ম, যোচেফ, আৰু দানা পাত্ৰত শুৱাই থোৱা ল’ৰা জনক দেখা পালে। [17] এইদৰে দেখাৰ পাছত শিশুটিৰ বিষয়ে তেওঁলোকক যি যি কথা দূতে কৈছিল, সেই সকলো কথা তেওঁলোকে লোক সকলক জনালে। [18] তাতে মেষৰখীয়া সকলৰ কথা শুনি সকলোৱে বিস্ময় মানিলে। [19] কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। [20] ইয়াৰ পাছত মেষৰখীয়াবোৰে তেওঁলোকক যি দৰে কোৱা হৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা স্তুতি কৰি ঘৰলৈ উলটি গ’ল। [21] পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃগর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল।
[1] হেৰোদ যেতিয়া যিহুদীয়াৰ ৰজা আছিল, তেতিয়া যিহুদীয়াৰ বৈৎলেহম নামৰ ঠাইত যীচুৰ জন্ম হ’ল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে, [2] “যিহুদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালোঁ, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছোঁ।” [3] এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল। [4] তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলক মাতি একগোট কৰিলে আৰু তেওঁলোকক সুধিলে, “খ্ৰীষ্টই ক’ত জন্ম গ্রহণ কৰিব?” [5] তেওঁলোকে তেওঁক ক’লে, “যিহুদীয়া প্রদেশৰ বৈৎলেহম নামৰ ঠাইত; কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে, [6] ‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’” [7] তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা সঠিকৰূপে কোন সময়ত আবিৰ্ভুত হৈছিল, সেই বিষয়ে তেওঁলোকৰ পৰা জানিবৰ বাবে সুধিলে। [8] তাৰ পাছত তেওঁলোকক বৈৎলেহমলৈ পঠিয়াই দি ক’লে, “আপোনালোক যাওক আৰু সেই শিশুটোৰ বিষয়ে ভালদৰে বিচাৰ লওঁক; আৰু বিচাৰি পালে, তেওঁৰ সম্বাদ আহি মোক দিব, তেতিয়া ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম।” [9] ৰজাৰ এই কথা শুনি তেওঁলোক গুচি গ’ল; তাতে যি তৰা তেওঁলোকে পূব দিশত দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ শিশুটি থকা ঠাই পালে, আৰু সেই ঠাইৰ ওপৰত ৰৈ থাকিল। [10] তাতে সেই তৰা দেখি, তেওঁলোক আনন্দত অতি আত্মহাৰা হ’ল। [11] তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণিপাত কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে। [12] পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা সাৱধান বাণী পোৱাত, তেওঁলোকে বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ উভটি গ’ল।
কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা,
[1] সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক। [2] চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল। [3] সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গ’ল। [4] ৰজা দায়ুদৰ বংশধৰ হোৱা হেতুকে যোচেফেও গালীল প্রদেশৰ নাচৰত নগৰৰ পৰা দায়ুদৰ নগৰ নামেৰে খ্যাত যিহূদাৰ বৈৎলেহম নগৰলৈ গ’ল।
[1] পাছত স্বৰ্গত এটা মহৎ চিন দেখা গ’ল: এজনী তিৰোতা দেখা গ’ল; তেওঁ কাপোৰৰ সৈতে সুৰ্য্যক পিন্ধিছিল আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তেওঁ মুৰত বাৰটা তৰাৰ কিৰীটি পিন্ধিছিল৷ [2] তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ-বেদনাৰে পীড়িত হৈ আটাহ পাৰি আছিল। [3] আৰু স্বৰ্গত আন এটা চিন দেখা গ’ল: চোৱা! তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল; তাৰ সাতটা মূৰ, দহটা শিং আৰু মূৰত সাতটা কিৰীটি আছিল। [4] তাৰ নেজে আকাশৰ তৰাবোৰৰ তিনি ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে, সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল। [5] পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব৷ সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ’ল;
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd