পাঁচনি 8:1 স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।
মথি 5:44 কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
২ তীমথিয় 3:12 আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।
যোহন 15:20 মই তোমালোকক যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা, ‘এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়৷’ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেনেহলে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰে, তেনেহলে তোমালোকৰ বাক্যও পালন কৰিব।
প্ৰকাশিত বাক্য 2:10 তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
ৰোমীয়া 8:35 খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে?
মথি 5:11 যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য।
ৰোমীয়া 12:14 যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।
যোহন 5:16 এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
মথি 5:10-12 [10] ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ। [11] যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। [12] আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
২ কৰি 12:10 এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
পাঁচনি 13:50 কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।
পাঁচনি 7:52 এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
মাৰ্ক 4:17 কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
গালাতীয়া 4:29 কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে।
মাৰ্ক 10:30 তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।
মথি 13:21 কিন্তু তেওঁৰ ভিতৰত সেই বাক্যৰ শিপা গভীৰ নোহোৱাত, তেওঁ অলপ দিনৰ বাবে মাথোন স্থিৰ হৈ থাকে। যেতিয়া সেই বাক্যৰ কাৰণে দুখ-কষ্ট বা তাড়না আহে, তেতিয়াই তেওঁ বাক্য ত্যাগ কৰে।
পাঁচনি 22:4 আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷
মথি 5:10 ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
গালাতীয়া 6:12 যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
লূক 21:12 কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।
মাৰ্ক 10:29-30 [29] যীচুৱে ক’লে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে, [30] তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব।
ৰোমীয়া 8:35-37 [35] খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে? [36] এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।” [37] তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।
পাঁচনি 11:19-21 [19] ইতিপূৰ্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷ [20] কিন্তু তেওঁলোকৰ মাজৰ কুপ্র আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷ [21] আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ’ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷
পাঁচনি 9:4-5 [4] তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?” [5] চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু;
গালাতীয়া 5:11 হে ভাই সকল, মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্রচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছোঁ? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ’লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন।
মথি 10:23 যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
মথি 5:12 আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
১ তীমথিয় 1:13 যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে কাৰণ মই নুবুজি অবিশ্বাসী হৈ সেইবোৰ কৰিছিলোঁ৷
মথি 5:11-12 [11] যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য। [12] আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
লূক 11:49 ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷
১ থিচলনীকীয়া 3:3-4 [3] যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ। [4] সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে।
ইব্ৰী 11:36-38 [36] আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে; [37] তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল; [38] (এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
যোহন 15:20-21 [20] মই তোমালোকক যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা, ‘এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়৷’ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেনেহলে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰে, তেনেহলে তোমালোকৰ বাক্যও পালন কৰিব। [21] কিন্তু যি জনে মোক পঠিয়ালে, তেওঁক তেওঁলোকে নজনাৰ কাৰণে, মোৰ নামৰ কাৰণে তোমালোকক এইদৰে কৰিব।
মথি 10:21-23 [21] ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। [22] মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব। [23] যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাড়না কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা; মই তোমালোকক সঁচাকৈ কৈছোঁ, ইস্ৰায়েল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব।
মথি 24:8-10 [8] এই সকলো মাথোন প্ৰসৱ যাতনাৰ আৰম্ভণিহে। [9] সেই কালত ক্লেশভোগ কৰিবলৈ মানুহবোৰে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব৷ মোৰ নামৰ কাৰণে তোমালোকে সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ’বা। [10] তেতিয়া অনেকে বিশ্বাসত বিঘিনি পাব, ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘিণ কৰিব।
লূক 21:12-19 [12] কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব। [13] সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব। [14] এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা; [15] কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম। [16] আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব। [17] তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা। [18] কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব। [19] তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।
১ কৰি 4:8-13 [8] আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে! এতিয়া আপোনালোক ধনৱন্ত হৈছে! আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে! অৱশ্যে, আপোনালোকে ৰাজত্ব পালে ভালেই হয়, তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাব পাৰোঁ। [9] কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক কৌতুকৰ পাত্ৰ হৈছোঁ। [10] আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছোঁ, কিন্তু আপোনালোক খ্রীষ্টত বুদ্ধিমন্ত হৈছে। আমি দূৰ্বল, কিন্তু আপোনালোক বলৱন্ত। আপোনালোক মান্যৱন্ত, কিন্তু আমি অনাদৃত। [11] এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো। পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ, আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে, আমি গৃহহীন। [12] আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ; [13] কোনোৱে অপবাদ দিলে, বিনম্রতাৰে কথা পাঁতো। এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ।
ইব্ৰী 10:32-34 [32] সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷ [33] কেতিয়াবা লোক সকলে আপোনালোকক প্ৰকাশ্যে নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোক নিৰ্যাতিত হৈছিল৷ কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি, আপোনালোকেও সেই লোক সকলক সহানুভুতি দেখুৱাইছিল৷ [34] যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোকে তেওঁলোকক সাহায্য কৰিছিল আৰু তেওঁলোকৰ দুখত সহানুভুতিশীল হৈছিল৷ আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে, কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷
ইব্ৰী 11:33-38 [33] তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে, [34] তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে। [35] তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল। [36] আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে; [37] তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল; [38] (এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
পাঁচনি 12:1-19 [1] সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে [2] আৰু তেওঁ যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰিবলৈ হুকুম দিলে৷ [3] এই কাৰ্যত ইহুদী সকল সন্তুষ্ট হোৱা দেখি, তেওঁ পিতৰকো বন্দী কৰিলে৷ তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল৷ [4] পিতৰক বন্দী কৰি হেৰোদে বন্দীশালত ৰাখিলে৷ তেওঁক পহৰা দিবৰ কাৰণে চাৰি জনকৈ চাৰিটা সৈন্য দলক নিযুক্ত কৰিলে আৰু তেওঁ মনতে ভাবিলে যে, নিস্তাৰ-পৰ্বৰ পাছত পিতৰক জনসাধাৰণৰ ওচৰত বিচাৰৰ বাবে হাজিৰ কৰাব৷ [5] এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ বাবে মণ্ডলীৰ লোক সকলে নিৰন্তৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল৷ [6] পাছত হেৰোদে তেওঁক বাহিৰলৈ অানিবৰ বাবে সিদ্ধান্ত লোৱা দিনা খনৰ আগ-ৰাতি, পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু প্ৰহৰীবোৰে দুৱাৰমুখত বন্দীশাল পহৰা দি আছিল৷ [7] সেই সময়ত প্ৰভুৰ এজন দূত অাহি উপস্থিত হ’ল আৰু সেই কোঠালিটো পোহৰেৰে উজ্বল হৈ উঠিল৷ তাতে চাপৰ মাৰি পিতৰক জগাই দূতে কলে, “বেগাই উঠা৷” তেতিয়া তেওঁৰ হাতৰ পৰা শিকলিৰ বান্ধ সুলকি পৰিল৷ [8] দূতে তেওঁক কলে, “কঁকাল বান্ধি পাদুকা পিন্ধা৷” পিতৰে সেইদৰে কৰিলে৷ দূতে তেওঁক কলে, “তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা৷” [9] পাছে পিতৰে দূতক অনুসৰণ কৰি বাহিৰলৈ ওলাই গ’ল৷ কিন্তু দূতে কৰা কৰ্ম যে সঁচা, ইয়াকে নাভাবি দৰ্শন পোৱা বুলি ভাবিলে৷ [10] এইদৰে প্ৰথম আৰু দ্বিতীয় প্ৰহৰীবোৰক পাৰ কৰি নগৰলৈ অহা-যোৱা কৰা যিখন লোহাৰ দুৱাৰ আছিল, সেয়া নিজে নিজে তেওঁলোকলৈ মুকলি হৈ গ’ল৷ তাতে তেওঁলোক বাহিৰলৈ আহি বাটৰ এমুৰ পাওঁতে তৎক্ষণাৎ দূতে তেওঁৰ লগ এৰিলে৷ [11] তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷” [12] ইয়াকে তেওঁ জনাৰ পাছত, মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি যোহন, তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ’ল; তাতে অনেক লোক গোট খাই প্ৰাৰ্থনা কৰি আছিল৷ [13] তেতিয়া তেওঁ বাহিৰৰ দুৱাৰত টুকুৰিওৱাত, ৰোদা নামেৰে এজনী চাকৰণীয়ে মাত দিবলৈ আহিল৷ [14] তাতে তাই পিতৰৰ মাত শুনি বুজি পাই, আনন্দত দুৱাৰ মেলিবলৈ পাহৰি ভিতৰলৈ লৰি গৈ, পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি কলেগৈ৷ [15] তেতিয়া তেওঁলোকে তাইক কলে, “তই পাগলি হৈছ৷” কিন্তু তাই সঁচা বুলি দৃঢ়তাৰে নিশ্চিত ভাবে কলে৷ তেওঁলোকে কলে, “তেনেহলে সেই জন তেওঁৰ দূতহে হব৷” [16] কিন্তু পিতৰে দুৱাৰত বাৰে বাৰে টুকুৰিয়াই আছিল, তেতিয়া তেওঁলোকে দুৱাৰ মেলি দিয়াত, তেওঁক দেখি বিস্ময় মানিলে৷ [17] পিতৰে নিজম দি থাকিবলৈ হাতেৰে ইংগিত দি, প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা মুকলি কৰি আনিলে, তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে৷ আৰু কলে, “তোমালোকে যাকোব আৰু ভাই সকলক এই সংবাদ দিবা৷” ইয়াকে কৈ তেতিয়াই তেওঁ ওলাই আন ঠাইলৈ গুচি গ’ল৷ [18] পাছে ৰাতিপুৱা হ’ল, পিতৰৰ নো কি হ’ল, এই বুলি সৈন্য সকলৰ মাজত বৰ হুলস্থুল লাগিল৷ [19] তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই, প্ৰহৰী সকলৰ সোধ-বিচাৰ কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিলে৷ তেতিয়া তেওঁ যিহুদীয়াৰ পৰা চীজাৰিয়ালৈ গ’ল আৰু তাতে থাকিল৷
পাঁচনি 9:1-14 [1] সেই সময়ত চৌলে প্ৰভুৰ শিষ্য সকলক ভয় দেখুওৱাৰ লগতে বধ কৰাৰ ভাবুকিও দিবলৈ ধৰিলে৷ তেওঁ যিৰূচালেমত মহা-পুৰোহিতৰ ওচৰলৈ গ’ল, [2] আৰু দম্মেচক নগৰত থকা নাম-ঘৰৰ সমাজলৈ লিখা অনুমতি পত্ৰ ললে যাতে তেওঁ সেই পথৰ যি কোনো পুৰুষ বা মহিলাক পালেই তেওঁলোকক যেন ধৰি বান্ধি যিৰূচালেমলৈ আনিব পাৰে। [3] এই উদ্দেশ্যৰে যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে অকস্মাতে আকাশৰ পৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল; [4] তেওঁ তৎক্ষণাৎ মাটিত পৰিল আৰু এক আকাশ-বাণী শুনিবলৈ পালে, বোলে, “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?” [5] চৌলে উত্তৰ দি কলে- “হে প্ৰভু, আপুনি কোন?” তেতিয়া প্ৰভুৱে কলে, “যি জনক তুমি তাড়না কৰি আছা, মই সেই যীচু; [6] কিন্তু উঠা, নগৰত সোমোৱা, তাতে তুমি কি কৰিব লাগিব, সেই বিষয়ে তোমাক কোৱা হ’ব।” [7] তেওঁৰ লগত যোৱা মানুহবোৰে তাত কোনো ব্যক্তিক দেখা নাপালে কিন্তু সেই আকাশ-বাণী শুনি অবাক হৈ থাকিল। [8] পাছত চৌলে মাটিৰ পৰা উঠি চকু মেলি একো নেদেখিলে। তেতিয়া আন লোকে তেওঁক হাতত ধৰি দম্মেচক নগৰলৈ আনিলে৷ [9] তাতে তেওঁ তিন দিনলৈকে দৃষ্টিহীন হৈ থাকিল আৰু ভোজন-পানো নকৰিলে। [10] সেই সময়ত দম্মেচক নগৰত থকা অননিয় নামেৰে এজন শিষ্যক প্ৰভুৱে দৰ্শন দি কলে, “হে অননিয়।” তেওঁ ক’লে, “হে প্ৰভু, চাওক, মই আছোঁ।” [11] তেতিয়া প্ৰভুৱে তেওঁক কলে, “তুমি উঠা, পোন নামৰ আলিবাটেৰে যোৱা, আৰু যিহূদাৰ ঘৰলৈ গৈ তাৰ্চ নগৰৰ চৌল নামৰ ব্যক্তি জনৰ খবৰ লোৱা৷ তাতে তুমি দেখিবা, তেওঁ প্ৰাৰ্থনা কৰি আছে৷” [12] তেতিয়া চৌলে দৃষ্টি পাবৰ কাৰণে অননিয় নামেৰে এজন মানুহ তেওঁৰ ওচৰলৈ আহি তেওঁৰ গাত হাত দিয়া, এনে দৰ্শনত দেখা পালে। [13] কিন্তু অননিয়ই উত্তৰ দিলে, “হে প্ৰভু, সেই মানুহে যিৰূচালেমত আপোনাৰ নিযুক্ত পবিত্ৰ লোক সকলৰ কিমান অপকাৰ কৰিলে, সেই বিষয়ে মই অনেকৰ পৰা শুনিলোঁ৷ [14] আৰু ইয়াতো আপোনাৰ নামেৰে প্ৰাৰ্থনা কৰা লোক সকলক বান্ধিবলৈ তেওঁ প্ৰধান পুৰোহিত সকলৰ পৰা ক্ষমতালৈ আহিছে৷”
গালাতীয়া 1:13 আপোনালোকেতো শুনিছে যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন-যাপন কৰিছিলোঁ; কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।
প্ৰকাশিত বাক্য 2:8-10 [8] আৰু স্মুৰ্ণাত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখাঃ যি জন প্রথম আৰু শেষ; যি জন মৰিল আৰু পুনৰুত্থিত হ’ল, তেৱেঁ এইবোৰ কথা কলে, [9] “মই জানো তোমাৰ ক্লেশভোগ আৰু দৰিদ্রতা (কিন্তু তুমি ধনী) আৰু এই নিন্দা, যিবোৰে কয়, তেওঁলোক ইহুদী (কিন্তু নহয়, তেওঁলোক চয়তানৰ স্থান)। [10] তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
পাঁচনি 26:9-11 [9] ময়ো সেইদৰে নাচৰতীয়া যীচুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছিলোঁ, [10] আৰু সেইদৰেই যিৰূচালেমত কৰিছিলোঁ৷ প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই, অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেত সকলক বধ কৰাৰ সময়ত, মই নিজে সন্মতিও প্ৰকাশ কৰিছিলোঁ৷ [11] এনেদৰে মই তেখেত সকলক শাস্তি দি যীচু খ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ৷ তেখেত সকলৰ বিৰুদ্ধে ক্ষোভ ইমানেই তীব্ৰ হৈ উঠিছিল যে, তেখেত সকলক তাড়না কৰিবৰ বাবে মই বিদেশৰ চহৰ সমূহলৈকো যাত্ৰা কৰিছিলোঁ৷
১ কৰি 4:12 আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ। লোকে যেতিয়া আমাক নিন্দা কৰে, আমি আশীৰ্বাদ কৰিছোঁ; যেতিয়া তাড়না কৰে, আমি সহন কৰিছোঁ;
পাঁচনি 12:1 সেই সময়ত হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনো লোকক অত্যাচাৰ কৰিব ধৰিলে
ফিলিপীয়া 3:6 মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷