[12] কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে। [13] তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
জগত সৃষ্টিৰ পূর্বতে ঈশ্বৰে খ্রীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হওঁ, এই কাৰণে তেওঁ আমাক মনোনীত কৰিলে।
আমি যি সকলে বিশ্বাস কৰিছোঁ, আমিয়ে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ সক্ষম; যি দৰে কোৱা হৈছে: “মই ক্রুদ্ধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” যদিও জগতৰ আৰম্ভণীৰ পৰাই সৃষ্টি কার্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল।
[10] এই বিষয়ে লিখাও আছে, “ধাৰ্মিক কোনো নাই; এজনো নাই৷ [11] বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷ [12] সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই। [13] সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা ৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে ৷ [14] সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ ৷ [15] সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী ৷ [16] সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷ [17] সিহঁতে শান্তিৰ পথ নাজানিলে৷ [18] সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই ৷”
[6] কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব। [7] দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।
কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।
[22] ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে, [23] আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে, [24] তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-ইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে।
[9] কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে [10] আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল; দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল।
[18] কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ। [19] কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে। [20] কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে, [21] সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব। [22] কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো। [23] অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই, আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছোঁ। [24] কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ; কিন্তু দেখাত যি আশা, সেয়েই আশা নহয়; কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে? [25] কিন্তু আমি যিহক দেখা নাই, তালৈ যদি আশা কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
[1] ঈশ্বৰে এই সকলো কথা ক’লে: [2] “মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই। [3] মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক। [4] তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা। [5] সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ। [6] কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও। [7] তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব। [8] মোৰ উদ্দেশ্যে বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা। [9] ছয় দিন পৰিশ্ৰম কৰি তোমালোকে সকলো কাৰ্য কৰিবা। [10] কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা। [11] কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ। [12] তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা। [13] নৰ-বধ নকৰিবা। [14] কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা। [15] কাৰো পৰা চুৰ নকৰিবা। [16] তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা। [17] তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd