এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
ভাল চৰিত্ৰ: [কৃতজ্ঞ]
আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব ৷
[14] কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে। [15] কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; মই কৰা সংকল্প সিদ্ধ কৰিম; পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”
সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
[15] এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক। [16] খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক। [17] আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক।
[16] সকলো সময়তে আনন্দত থাকক। [17] নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। [18] সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
[6] আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। [7] তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতি বোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
আপোনালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা আপোনালোকৰ মাজত নহওক।
তোমালোকে যি সময়ত যিহোৱাৰ উদ্দেশ্যে অনুগ্ৰহ মনা বলি উৎসৰ্গ কৰিবা সেই সময়ত, গ্রহণ হবৰ বাবেহে তাক উৎসৰ্গ কৰিবা।
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।
যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিড়িকিবোৰ যিৰূচালেমৰ ফালে খোলা আছিল, আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে।
যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
[15] এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক। [16] খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক। [17] আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।
এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;
পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল।
[1] যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে! [2] যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,
আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা।
আমি সদায় প্ৰাৰ্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ।
[1] মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক৷ [2] ইয়াৰ বাবে ৰজা আৰু অধিকাৰী সকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰভক্তই সততাত থাকি ক্ষান্ত আৰু শান্তিপূৰ্ণ জীৱন-যাপন কৰিব পাৰোঁ;
তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
[1] যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে। [2] ইস্ৰায়েলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” [3] হাৰোণৰ বংশই কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” [4] যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।” [5] মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। [6] যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে? [7] মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে; গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম। [8] মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল। [9] অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল। [10] সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। [11] তেওঁলোকে মোক আগুৰি ধৰিলে, হয়, মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। [12] তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে; কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ। [13] মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, কিন্তু যিহোৱাই মোক সহায় কৰিলে। [14] যিহোৱা মোৰ বল আৰু প্রবল শক্তি; তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল। [15] ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল; “যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।” [16] যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল; যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে। [17] মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম। [18] যিহোৱাই মোক বৰকৈ শাস্তি দিলে; কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।
তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।
আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন।
যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।
পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd