এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
ভাল চৰিত্ৰ: [নম্ৰ / নম্ৰতা]
যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।
যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
[6] কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।” [7] এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব। [8] ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক। [9] বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক। [10] প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।
আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।
সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক ৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
[3] বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা। [4] তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।
অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।
যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।
পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।
তেওঁ নম্ৰ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক ৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
[9] তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷ [10] এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
[3] আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷ [4] প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
[10] আৰু তোমালোকে আচাৰ্য্য বুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য। [11] কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব। [12] যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।

[14] কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷ [15] তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।” [16] কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।

[5] খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক, [6] যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷ [7] বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷ [8] তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল ।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd