এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
ভাল চৰিত্ৰ: [দয়া]
[4] প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়, [5] ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷ [6] ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে, [7] প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
ঈশ্বৰে এই কাম কৰিলে, যাতে খ্রীষ্ট যীচুত আমাৰ বাবে তেওঁৰ যি স্নেহ, তাৰ দ্বাৰাই যেন ভাবী যুগত তেওঁৰ অনুগ্রহৰ মহা ধন যুগে যুগে প্রকাশ কৰিব পাৰে।
তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
নে আপুনি তেওঁৰ স্নেহশীল অনুগ্ৰহ, ধৈৰ্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে? যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন-পালটন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানে নে?
কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।
অত্যন্ত ক্রোধত, মই ক্ষন্তেকৰ বাবে তোমালোকৰ পৰা মোৰ মুখ লুকুৱাইছিলোঁ; কিন্তু অনন্তকলীয়া বিশ্বাসযোগ্য চুক্তিৰে মই তোমালোকক দয়া কৰিম,” তোমালোকক উদ্ধাৰ কৰা যিহোৱাই কৈছে,
আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
[5] ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক। [6] জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি, [7] ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক।
ইষ্টেৰে হেগয়ক সন্তুষ্ট কৰি তেওঁৰ অনুগ্রহ লাভ কৰিলে। লগে লগে তেওঁ ইষ্টেৰক প্রসাধন আৰু তেওঁৰ ভাগৰ খাদ্য দিলে। ৰাজপ্রসাদৰ পৰা সাত গৰাকী দাসী তেওঁৰ বাবে নিযুক্ত কৰিলে, আৰু দাসী সকলৰ সৈতে তেওঁক মহিলা গৃহৰ উত্তম ঠাইলৈ স্থানান্তৰ কৰিলে।
পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হ’ব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হ’বা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়।
তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে; আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে।
অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
[20] তেতিয়া নয়মীয়ে নিজ বোৱাৰীয়েকক ক’লে, “সেই সৰ্ব্বশক্তিমান ঈশ্বৰে জীৱিত আৰু মৃত লোকলৈ দয়া কৰিবলৈ এৰা নাই, তেওঁ যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাওক।” নয়মীয়ে পুনৰ ক’লে, “সেই ব্যক্তিজন আমাৰ সম্পৰ্কীয়, আৰু আমাৰ উদ্ধাৰ পোৱা জাতি সমূহৰ মাজৰ এজন।” [21] পাছত মোৱাবীয়া ৰূথে ক’লে, “তেওঁ মোক ইয়াকো ক’লে যে, ‘মোৰ ধান আটাইবোৰ দাই শেষ নোহোৱালৈকে তুমি মোৰ দাস-দাসীসকলৰ লগ নেৰিবা’।”
তেতিয়া তেওঁ ক’লে, “আইটি তুমি যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা; কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ, প্ৰথমতকৈ শেষত পুনৰ অধিক প্রেম দেখুৱালা।
তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ, তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।
[1] হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা। [2] কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
[2] তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, মই নিজ দেশত থাকোঁতেই ভাবিছিলো যে, এনেকুৱাই হ’ব। সেই কাৰণেই মই প্রথমে তৰ্চীচলৈ পলাই গৈছিলোঁ; কিয়নো মই জানিছিলোঁ যে, আপুনি কৃপালু ঈশ্বৰ, প্রেমেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু ধ্বংস কৰাৰ পৰা মন পৰিবর্তন কৰোঁতা। [3] এতিয়া হে যিহোৱা, মিনতি কৰোঁ, আপুনি মোৰ প্ৰাণ লওক; কিয়নো মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
তাত থকা স্থানীয় লোক সকলে আমাক বিদেশী বুলি কেৱল মৰম দেখুৱাই নহয়, কিন্তু তেতিয়া ঘন বৰষুণ আৰু জাৰৰ কাৰণে তেওঁলোকে জুই জ্ৱলালে আৰু আমাক মৰমেৰে গ্ৰহন কৰিলে৷
ইচহাকৰ বাবে যি গৰাকী যোগ্য হ’ব তেওঁ যদি আমাক কলহ নমাই পানী খাবলৈ দিয়ে। তেতিয়া ‘বিনয় কৰোঁ তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া’, এই কথা মই যি ছোৱালীক ক’ম, সেই ছোৱালীয়ে যদি কয়, ‘খাওক আৰু আপোনাৰ উটবোৰকো খুৱাওঁক’, তেন্তে সেই ছোৱালী জনীয়েই আপোনাৰ দাস ইচহাকৰ কাৰণে আপোনাৰ নিৰূপিত কন্যা হওক; আৰু ইয়াৰ দ্বাৰাই যে মোৰ প্ৰভুলৈ আপুনি দয়া কৰিছে, সেই বিষয়ে মই জানিম।”
এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মাত, অকপট প্ৰেম অৰ্থাৎ স্নেহ;
কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাব আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হল,
তেতিয়া সেই দাসে ক’লে, “হে মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, আজি মোক সহায় কৰি সফল কৰক। মোৰ প্ৰভু, অব্ৰাহামৰ পুত্রৰ বাবে এগৰাকী যোগ্য পাত্ৰী বাচিবলৈ সহায় কৰক। অনুগ্ৰহ কৰি মোৰ প্রভু অব্রাহমক এই দয়া কৰক।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd