এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
ভাল চৰিত্ৰ: [আত্মনিয়ন্ত্ৰণ]
আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ।
জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
যি জনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে।
কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ’ব লাগে৷
[10] কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে, আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে, [11] সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব।
[1] এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা। [2] আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
[8] শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক। [9] আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
[19] হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক, [20] কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে। [21] এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক।
[6] সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷ [7] আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে। [8] সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
[24] আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷ [25] আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ। [26] এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নকৰাকৈ নহয়; মুষ্টিযুদ্ধ কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ; [27] কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।
[12] “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম। [13] “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে; [14] ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব। [15] আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক। [16] যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”। [17] কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়। [18] ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে। [19] আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়। [20] কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
[3] যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে। [4] তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ’ব পাৰে। [5] ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক। [6] জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি, [7] ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক। [8] কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ তত্ব-জ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ’ব। [9] যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপ সমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ পাহৰি গ’ল। [10] এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব। [11] তাতে আমাৰ প্রভু আৰু ত্ৰাণকর্তা যীচু খ্রীষ্টৰ অনন্ত ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হ’ব।
[10] অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক। [11] ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে। [12] কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। [13] এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক। [14] এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, [15] শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক। [16] যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক: [17] পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক। [18] সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক। [19] মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷ [20] কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷
[13] হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক। [14] কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’ [15] কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷ [16] কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব। [17] কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী। [18] কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধীন নহয়। [19] এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, [20] মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, [21] হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। [22] কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস, [23] মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। [24] আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷ [25] আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে চলোহঁক। [26] সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক।
[1] কিন্তু তুমি নিৰাময় শিক্ষাৰ সৈতে উপযুক্ত কথা ক’বা৷ [2] বৃদ্ধ সকল যেন পৰিমিত ভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈর্যত নিৰাময় হয়৷ [3] সেইদৰে বৃদ্ধ মহিলা সকলেয়ো যেন সকলো সময়তে পবিত্ৰ লোক সকলৰ দৰে আচাৰ-ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়৷ যি যি উত্তম, সেই শিক্ষা তেওঁলোকে দিয়ক৷ [4] ইয়াৰ দ্বাৰা যুৱতী সকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুস্হিৰ হয়, পতিক প্ৰেম কৰোঁতা আৰু সন্তান-প্ৰিয়া হবলৈ উৎসাহিত হয়, এইদৰে বিবেচক হবলৈ, [5] নিৰ্দোষী, ঘৰ-ধৰোতা, সৎ স্বভাৱৰ, আৰু নিজ নিজ স্বামীৰ বশীভুতা হবলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়৷ [6] সেইদৰে যুৱক সকলকো সুবোধ হবলৈ উদগোৱা৷ [7] নিজে সকলো বিষয়তে সৎ কর্মৰ আর্হি হৈ, শিক্ষা দিওঁতে শুদ্ধ, ধীৰ আৰু অনিন্দনীয় হৈ নিৰাময় বাক্য প্ৰকাশ কৰিবা; [8] তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কু-কথা কবলৈ নোপোৱাত, লাজ পাব। [9] দাস সকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভু সকলৰ আজ্ঞাধীন হব লাগে৷ তেওঁলোকৰ প্ৰতি সন্তোষদায়ক হব লাগে, কিন্তু উত্তৰা-উত্তৰি নকৰি [10] আৰু হাত লৰ নহৈ, বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, তাতে আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক৷ [11] কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল; [12] আৰু আমি ভক্তি লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু সৎ ভাবেৰে এই বর্তমান সংসাৰত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে। [13] এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷ [14] আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ। [15] তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।
[1] হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব। [2] কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ। [3] ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ। [4] লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়। [5] সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়! [6] সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। [7] কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে; [8] কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ। [9] তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ। [10] একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়। [11] একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে? [12] হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? তেনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে। [13] আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক। [14] কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব। [15] এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক। [16] কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে। [17] কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল । [18] যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd