এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
জীৱন: [জীৱ-জন্তু]
এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল।
কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে;
আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে; কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়।
সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”
ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!
আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে; কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।
যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
[19] ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল। [20] মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
[2] পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে। [3] সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ।
[24] তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল। [25] ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। [26] তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।” [27] তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। [28] পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
[6] হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা। [7] সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই, [8] তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
[6] তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ - [7] মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক, [8] আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী। [9] হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
[7] কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব; আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব। [8] নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব; আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব। [9] পশুবোৰে এইবোৰ বিষয় নাজানে যে, যিহোৱাৰ হাতে এইবোৰ কৰিছে - সিহঁতক জীৱন দিছে - [10] যিহোৱাৰ হাততেই সকলো জীৱজন্তুৰ প্ৰাণ, আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে।
[6] কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব। [7] গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব। [8] কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব। [9] মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
[18] মই মনতে ক’লো, “ঈশ্বৰে লোকসকলক যেন পৰীক্ষা কৰি বুজিবলৈ দিয়ে যে, তেওঁলোক নিজে পশুতুল্য।” [19] কাৰণ মানুহলৈ যি ঘটে সেয়ে পশুলৈকো ঘটে; পশু যেনেকৈ মৰে, মানুহো মৰে। উভয়ে একে বাযু়ৰ শ্বাস-প্ৰশ্বাস লয়; সেয়ে পশুতকৈ মানুহৰ কোনো প্রাধান্য নাই; কিয়নো একোৱেই স্থায়ী নহয়। [20] সকলোৱেই একে মাটিলৈকে যায়; সকলোৱেই ধুলিৰ পৰা আহিছে আৰু ধুলিলৈকে উলটি যায়। [21] মানুহৰ প্রাণবায়ু যে উৰ্দ্ধগামী হয় আৰু পশুৰ প্ৰাণবায়ু যে মাটিৰ তললৈ অধোগামী হয়, তাক কোনে জানে?
[7] হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা! [8] হে জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা! [9] হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা! [10] হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা! [11] হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা! [12] হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা!
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd