बाइबिल छंद विषय परविषय परमेश्वर आशीर्वाद आप जिस स्थिति में हैं वैसे ही आ जाएं आज्ञाओं अभिशाप वित्तीय आशीर्वाद मुक्त इच्छा भगवान की कृपा ईश्वर का प्यार भगवान की मर्जी भगवान (समय) में तुम्हे कभी नहीं छोड़ूंगा चमत्कार भगवान के नाम भगवान को अर्पण योजनाओं पाप से बचाया जा रहा है ट्रिनिटी समय बिना शर्त प्रेम विषाणु / रोग कौन ईश्वर है अच्छा चरित्र स्वीकार परहेज़ जवाबदेही साहस देखभाल स्वच्छता प्रतिबद्धता आत्मविश्वास संतोष साहस / बहादुर दया अनुशासन आस्था आभारी सत्कार विनम्र / विनम्रता ईमानदार आदर अखंडता दयालुता प्रेम शील दया धीरज पवित्रीकरण आत्म - संयम विश्वास बुरा चरित्र गुस्सा विश्वासघात धमकाना अप्रसन्नता उपालंभ देना संघर्ष डर मूढ़ पाखंडी ईर्ष्या द्वेष अनुमान आलसी गौरव बदला / प्रतिशोध घमंड हिंसा पाप गर्भपात लत व्यभिचार स्वधर्मत्याग अपशब्द तलाक डाह व्यभिचार लोलुपता गपशप लालच नफरत हवस झूठ बोलना हस्तमैथुन टालमटोल चोरी होना जिंदगी बुढ़ापा जानवरों बच्चे को गोद लेना जन्मदिन सुंदरता अकेला होना डेटिंग लोग मौत डिप्रेशन निराशा प्रभेद व्यायाम करना आचार विचार उपवास प्यार ढूंढना ध्यान केंद्रित परिवार खाना अपराध स्वास्थ्य ख़ुशी नरक बांझपन नौकरी खोना नुकसान मानसिक बीमारी संगीत शादी ईश्वर को पहले रखना दर्द पेरेंटिंग संघर्ष लिंग परीक्षण प्रलोभन पुरुषों के लिए छंद महिलाओं के लिए छंद युद्ध धन विधवाओं चर्च चर्च में भाग ले रहे हैं यीशु का जन्म चर्च उत्पीड़न उपयाजकों झूठे शिक्षक स्वर्ग जा रहे हैं पवित्र आत्मा बाइबल में मसीहा पादरियों ईश्वर की स्तुति करना यीशु से दृष्टांत पेंटेकोस्ट भाषाओं में बोलना Tithing पूजा महिलाएं रोल्स रहस्य एलियंस कैंसर भाग्य डायनासोर ड्रेगन सपने सपाट या गोल पृथ्वी बाइबिल में दिग्गज पिछले दिनों का भविष्य यूनिकॉर्न्स स्वर्गदूत और राक्षस आर्च देवदूत एन्जिल्स शैतान शैतान संरक्षक एन्जिल्स लूसिफ़ेर जादूगर / जादू मठ के संकेत नंबर 3 नंबर 5 नंबर 7 नंबर 8 नंबर 10 अतिरिक्त शराब प्रचुरता नफरत टूटा हुआ दिल नरभक्षण का मौत की सजा ड्रग्स बुराई भावनाएँ हैलोवीन गरीब की मदद करना गर्भपात पुलिस पियर्सिंग / झुमके बहुविवाह Revivial उदासी विज्ञान आत्म रक्षा गुलामी आत्महत्या प्रतिभा टैटू काम जिंदगी: [स्वास्थ्य] ১ কৰি 6:19-20[19] আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়। [20] কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক। ৩ যোহন 1:2হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।১ কৰি 10:31এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।১ তীমথিয় 4:8কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।হিতো 17:22আনন্দিত হৃদয় ভাল ঔষধ হয়; কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।হিতো 31:17তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে।ইফিচীয়া 5:18দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;হিতো 20:1দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়।দ্বি.বি. 7:12-15[12] যদি আপোনালোকে এই সকলো নিয়মবোৰলৈ মনোযোগ দিয়ে আৰু সেইবোৰ যত্নেৰে পালন কৰি সেই মতে কাৰ্য কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, সেই অনুসাৰে আপোনালোকৰ কাৰণে তেওঁ যি নিয়ম স্থাপন কৰিলে, তাক বিশ্বস্ততাৰে ৰক্ষা কৰিব। [13] তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব। [14] সকলো জাতিতকৈ আপোনালোকে অধিকগুণে আশীৰ্ব্বাদ পাব আৰু আপোনালোকৰ মাজত কোনো পুৰুষেই সন্তানহীন নহ’ব বা মহিলা সকলো বন্ধ্যা নহ’ব। ল’ৰা সন্তান সকল আৰু জাকৰ পশুবোৰৰ পোৱালি নোহোৱাকৈ নাথাকিব। [15] যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব। যিৰি 33:6কিন্তু চোৱা, মই নগৰৰ ঘা বান্ধি চিকিৎস্যা কৰিম, তেওঁলোকক সুস্থ কৰিম আৰু তেওঁলোকলৈ প্ৰচুৰ পৰিমানে কুশল, শান্তি আৰু সত্যতা আনিম।পাঁচনি 27:34সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহ’ব৷”দ্বি.বি. 28:53অৱৰোধৰ কালত শত্রুবোৰে আপোনালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান সকলক, নিজৰ ল’ৰা-ছোৱালীবোৰৰ গাৰ মঙহ খাব।লেবীয়া 11:1-4[1] পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, [2] “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক কোৱা যে, ‘সকলো ভূ-চৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা। [3] পশুবোৰৰ মাজত যি কোনো জন্তুৰ খুৰা সম্পুৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা [4] তথাপি ঘাঁহ পাগুলা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ; উট, কিয়নো সি ঘাঁহ পাগুলে হয়, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি। প্ৰকাশিত বাক্য 14:12ইয়াকে পবিত্ৰ লোক সকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যি সকলে ঈশ্বৰৰ আজ্ঞা আৰু যীচুত থকা বিশ্বাস পালন কৰে৷”হিতো 16:24সন্তোষজনক বাক্য মৌচাকৰ দৰে; সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ।হিতো 4:20-22[20] হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা। [21] সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা। [22] কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ। হিতো 3:7-8[7] তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ। [8] ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব। যাত্ৰা 15:26তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।” Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions