যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
[5] ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা । [6] অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
[8] কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা, বিনাশ হোৱা সকলৰ কাৰণ সমূহৰ বাবে কথা কোৱা। [9] আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা, আৰু দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে আত্মসমৰ্থন কৰা।
[12] কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে। [13] তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
[4] কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা, [5] তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃতি হওঁ৷
[14] কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান। [15] সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে। [16] আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। [17] আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ।