|
| [3] কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক। [4] কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷ |
|
|
| এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে। |
|
|
| কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী; যি সৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্রস্তুত কৰিলে, সেই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্রীষ্ট যীচুত সৃষ্টি কৰিলে। |
|
|
| তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। |
|
|
| ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে। |
|
|
| শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক। |
|
|
| মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো। |
|
|
| কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি, |
|
|
| মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; তোমাত কোনো খুঁত নাই। |
|
|
| [28] বস্ত্ৰৰ বাবেও কিয় চিন্তা কৰা? পথাৰৰ লিলি ফুলবোৰ কেনেকৈ বাঢ়ে, সেই বিষয়ে ভাবি চোৱা; সেইবোৰে শ্ৰম নকৰে, কাপোৰো নবয়; [29] তথাপি মই তোমালোকক কওঁ, চলোমন ৰজা ইমান ঐশ্বৰ্যৰ মাজত থাকিও এইবোৰৰ এটাৰো নিচিনা নিজক বিভূষিত কৰিব পৰা নাছিল। |
|
|
| [9] সেইদৰে মই বিচাৰো, মহিলা সকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক; নানা ধৰণৰ কেশ-বিন্যাস কৰি, সোণ বা মুক্তা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়; [10] কিন্তু ঈশ্বৰভক্তি স্বীকাৰ কৰা বিষয়ত হ’লে, সৎ কার্যৰ দ্ৱাৰাই ঈশ্ৱৰভক্তৰ পৰিচয় দিয়াই মহিলা সকলৰ উপযুক্ত ভূষণ হওক৷ |
|
|
| কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।” |
|
|
| নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই। |
|
|
| [26] কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে। [27] কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে। |
|
|
| [15] প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি। [16] তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়। [17] তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; আৰু তেওঁৰ সকলো পথ শান্তিময়। [18] যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী। |
|
|
| [17] তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলোঁ! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ। [18] তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্মধামবোৰ তুমি অপবিত্ৰ কৰিলা! এই হেতুকে মই তোমাৰ মাজৰ পৰাই অগ্নি উলিয়ালোঁ। সেয়ে তোমাক গ্ৰাস কৰিব। আৰু তোমাক সকলোৱে দেখাকৈ মই তোমাক মাটিত ভষ্ম কৰিম। |
|
|
| কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়; |
|
|
| সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে। |
|
|
| সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়। |
|