| | [6] মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ। [7] আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ। [8] সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল- [9] সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত। [10] আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল। [11] তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে। [12] তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে। [13] সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে, [14] “মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ; [15] সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ। [16] মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ। [17] মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ। [18] আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ। [19] মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে। [20] তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।” [21] তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে। | | | | এক-পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে? | | | | [14] অবিশ্বাসী সকলৰ সৈতে আপোনালোক অসমানভাবে সংযুক্ত নহব; কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা? [15] বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক? [16] আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।” [17] এতেকে, প্ৰভুৱে কৈছে, “তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অশুচি বস্তুক নুচুবা, তাতে মই তোমালোকক গ্ৰহণ কৰিম, [18] আৰু তোমালোকৰ পিতৃ হ’ম আৰু তোমালোকো মোৰ পো-জী হ’বা, ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে”। | | | | ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক। | | | | মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে। | | | | হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়। | | | | তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ। | | | | চলোমনে যিহোৱাৰ গৃহ, ৰাজ-গৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূর্ণৰূপে সম্পন্ন কৰিলে। | |
|