[6] সেই সিংহাসনৰ সন্মুখত এখন স্ফটিকৰ দৰে স্ৱচ্ছ সমুদ্ৰ আছিল। সেই সিংহাসনৰ চাৰিওফালে চাৰি প্ৰাণী আছিল, তেওঁলোকৰ আগফাল আৰু পাছফাল চকুৰেই পৰিপূৰ্ণ আছিল। [7] প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰিৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উড়ি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল। [8] সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে, ‘পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা, যি জন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন৷’
[11] যিহোৱাই মোচিক আকৌ কলে, [12] “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে; [13] অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই, [14] আৰু নিজ পত্নী অশুচি হ’লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে। [15] তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য। [16] তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব। [17] আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব। [18] পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব। [19] আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক’ব লাগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব। [20] কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হ’লা, আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে,’ [21] এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খুৱাব, ‘তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব; [22] আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’ [23] পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব। [24] তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। [25] পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞবেদীৰ ওচৰলৈ আনিব লাগিব। [26] আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিব; তাৰ পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব। [27] আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোকসকলৰ মাজত শাওৰ বিষয় হ’ব। [28] কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব। [29] এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি। [30] যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব। [31] তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ’ব, আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব’।”
পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷