| | সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব। | | | | এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। | | | | তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা। | | | | যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়; | | | | [24] তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল। [25] ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। [26] তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।” [27] তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। [28] পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।” [29] ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব। [30] সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল। [31] পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল। | | | | [15] ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়। [16] চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে। [17] সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা। [18] তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ। [19] ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব। [20] পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে। [21] সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়। [22] পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে। [23] চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে। [24] সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে? | | | | [1] তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা? [2] তুমি তাৰ নাকত নাকী লগাব পাৰা নে? বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে? [3] সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব? [4] তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, সি তোমাৰ লগত কোনো চুক্তি কৰিব নে? [5] চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে? [6] মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব? [7] তুমি জানো তাৰ ছাল শেলেৰে, বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা? [8] তাৰ গাত হাত দি চাবাচোন; হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা। [9] চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে? [10] এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে? | | | | [1] এইদৰে যিৰূচালেমৰ ৰজা আদোনীচেদকে যেতিয়া শুনিলে যে, যিহোচূৱাই যেনেকৈ যিৰীহো আৰু তাৰ ৰজালৈ কৰিছিল তেনেকৈ অয়ক আটক কৰি তাক নিঃশেষে বিনষ্ট কৰিলে, আৰু তেওঁ শুনিবলৈ পালে যে, গিবিয়োনীয়াসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ’ল৷ [2] তেতিয়া যিৰূচালেমৰ সন্তান সকলে অতিশয় ভয় পালে, কিয়নো গিবিয়োন ৰাজধানীৰ নিচিনা এখন ডাঙৰ নগৰ, অয়তকৈয়ো ডাঙৰ আৰু তাৰ লোকসকল বীৰ পুৰুষ আছিল৷ [3] এই হেতুকে যিৰূচালেমৰ ৰজা আদোনীচেদকে হিব্ৰোণৰ ৰজা হোহমৰ, যৰ্মূতৰ ৰজা পিৰামৰ, লাখীচৰ ৰজা যাফীয়াৰ আৰু ইগ্লোনৰ ৰজা দবীৰৰ ওচৰলৈ মানুহ পঠিয়াই এই কথা ক’লে, [4] “আহাঁ, মোৰ ওচৰলৈ আহাঁ আৰু মোক সহায় কৰা৷ আমি গিবিয়োনীয়া সকলক আঘাত কৰোঁগৈ, কিয়নো তেওঁলোকে যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি পাতিলে।” [5] তাতে যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজা, ইমোৰীয়াসকলৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সৈন্য সকলক গিবিয়োনলৈ লগত লৈ গ’ল, আৰু তাৰ সন্মুখত ছাউনি পাতি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে। [6] তেতিয়া গিবিয়োনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু যিহোচূৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে যে, “আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নোকোঁচাব৷ আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক৷ আমাক আহি সহায় কৰক, কিয়নো পৰ্ব্বত-নিবাসী ইমোৰীয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে।” [7] তেতিয়া যিহোচূৱাই সকলো যুদ্ধাৰু আৰু বলৱান বীৰপুৰুষ সকলক লগত লৈ, গিলগলৰ পৰা যাত্ৰা কৰিলে। [8] যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো মই তেওঁলোকক তোমাৰ হাতত দিলোঁ; তেওঁলোকৰ কোনেও তোমাৰ আক্ৰমণক ক্ষান্ত কৰিব নোৱাৰিব।” [9] যিহোচূৱাই গিলগলৰ পৰা ওৰে-ৰাতি খোজকাঢ়ি গৈ অকস্মাতে তেওঁলোকৰ ওচৰত ওলাল৷ [10] তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সাক্ষাতে তেওঁলোকক ব্যাকুল কৰাত ইস্ৰায়েলে গিবিয়োনত মহা-পৰাক্রমেৰে তেওঁলোকক সংহাৰ কৰিলে আৰু বৈৎ-হোৰোণলৈ উঠি যোৱা বাটেদি তেওঁলোকক খেদি নি, অজেকা আৰু মক্কেদালৈকে আঘাত কৰিলে। | |
|