|
| পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।” |
|
|
| ‘ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ সতি-সন্ততি সকলে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোক সকলে সপোন দেখিব। |
|
|
| ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল। |
|
|
| কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা। |
|
|
| কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।” |
|
|
| তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।” |
|
|
| যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।” |
|
|
| যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে। |
|
|
| তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, “উঠা, শিশু আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।” |
|
|
| পাছত যেতিয়া হেৰোদৰ মৃত্যু হ’ল, তেতিয়া প্ৰভুৰ এজন দূতে মিচৰ দেশত থাকোতেই সপোনত আবিৰ্ভুত হৈ যোচেফক ক’লে, |
|
|
| যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম। |
|
|
| কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়। |
|
|
| তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব। |
|
|
| [7] অৰিয়েলৰ বিৰুদ্ধে যি সকলো জাতি সমূহে যুদ্ধ কৰিব, আৰু তেওঁৰ দৃঢ় কোঁঠৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু তেওঁক ক্লেশ দিব, এই সকলো এটা সপোন, আৰু ৰাতিৰ এটা দৰ্শনৰ দৰে হ’ব। [8] যেনেকৈ ক্ষুধাতুৰ মানুহে সপোনত ভোজন কৰে, কিন্তু সাৰ পালে পেট খালী হৈ থাকে, বা যেনেকৈ তৃষ্ণাতুৰ মানুহে সপোনত পান কৰে, কিন্তু সাৰ পালে পিয়াহত দুৰ্ব্বল হয়, আৰু অন্তৰত পিয়াহ লাগে, হয়, তেনেকৈয়ে চিয়োন পৰ্ব্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দেশ সমূহ হ’ব। |
|
|
| [1] বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে। [2] দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল। [3] সমুদ্ৰৰ পৰা চাৰিটা প্রকাণ্ড জন্তু ওলাই আহিল; আৰু সিহঁতৰ প্রত্যেকটো জন্তুৱেই পৃথক আছিল। |
|
|
| [1] যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়, [2] আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,” [3] তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে। |
|
|
| [25] তেতিয়া যোচেফে ফৰৌণক ক’লে, “ফৰৌণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে, তাক তেওঁ ফৰৌণক জনাইছে। [26] সেই সাত জনী উত্তম গৰু সাত বছৰক বুজায়; সেই সাতোটা উত্তম থোকেও সাত বছৰক বুজায়; সপোনৰ অৰ্থও একেই। [27] পাছত অহা সেই কুচ্ছিত সাত জনী গৰুও সাত বছৰ, পূবৰ বতাহত শুকুৱা গুটি নথকা সাতোটা থোকেও সাত বছৰক বুজায়। সেইবোৰ আকালৰ সাত বছৰ হ’ব। |
|
|
| [20] কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে। [21] তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।” [22] এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়: [23] “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ । |
|
|
| [8] যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে। [9] তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই ফৰৌণক ক’লে, “আজি মোৰ নিজৰ অপৰাধৰ কথা মনত পৰিছে। [10] ফৰৌণে নিজৰ দাসবোৰলৈ ক্রোধিত হৈ মূখ্য ৰান্ধনিৰ সতে মোক কাৰাৰক্ষকৰ অধ্যক্ষৰ ঘৰৰ বন্দীশালত থৈছিল। [11] তেতিয়া সেই ৰাতিয়েই আমি দুয়ো এটা এটা সপোন দেখিলোঁ। আমি দেখা প্রত্যেকটো সপোনৰ বেলেগ বেলেগ অৰ্থ আছিল। [12] তেতিয়া সেই ঠাইত ৰক্ষক-সেনাপতিৰ ওচৰত এজন ইব্ৰীয়া ডেকা বন্দী হৈ আমাৰ লগত আছিল। আমি তেওঁৰ আগত আমাৰ সপোনৰ কথা ক’ওতে, তেওঁ আমাক সপোনৰ অর্থ ক’লে, |
|
|
| [14] তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে। [15] যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়। [16] এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে, [17] গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে, [18] তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে। |
|