| | এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’” | | | | অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই? | | | | সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল। | | | | যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে। | | | | আপোনালোকে দেখিছে যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়। | | | | সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে। | | | | আৰু যি স্বৰ্গৰ দূত সকলে নিজৰ আধিপত্য নাৰাখি, নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহা-দিনৰ সোধ-বিচাৰৰ অৰ্থে, অনন্ত দণ্ডৰ বন্ধনেৰে বান্ধি অন্ধকূপৰ অধীনত ৰাখিলে। | | | | [23] পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে। [24] ইস্ৰায়েলৰ সন্তান সকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল। [25] চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল। [26] পাছত তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে। [27] আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল। [28] সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তান সকলকো দেখিলোঁ। [29] দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবুচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।” [30] পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।” [31] কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।” [32] এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তান সকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক। [33] আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।” | | | | মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ। | | | | তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব। | | | | কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন। | | | | [9] ইমোৰীয়াসকল যদিও এৰচ গছৰ নিচিনা ওখ আৰু অল্লোন গছৰ নিচিনা শক্তিশালী, আছিল তথাপিও তোমালোকৰ সন্মুখতে মই সেই ইমোৰীয়া লোকক ধ্বংস কৰিলোঁ; মই ওপৰত থকা তেওঁলোকৰ ফল আৰু তলত থকা তেওঁলোকৰ শিপা নষ্ট কৰিলোঁ। [10] সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ। | | | | [10] পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায়। [11] অনাকীয়াসকলৰ দৰে এমীয়সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়াসকলে তেওঁলোকক এমীয়া বুলি কয়। [12] চেয়ীৰতো পূর্বে হোৰীয়াসকলে বাস কৰিছিল, কিন্তু পাছত এচৌৰ বংশধৰসকলে তেওঁলোকৰ সেই ঠাইত আধিপত্য বিস্তাৰ কৰিলে। যিহোৱাই অধিকাৰ সূত্রে ইস্ৰায়েলীয়াসকলক যি দেশ দিছিল তাত তেওঁলোকে যি কার্য কৰিছিল, এচৌৰ বংশধৰসকলেও সেই একে কার্য কৰিছিল। তেওঁলোকৰ আগৰ পৰা হোৰীয়াসকলক বিনষ্ট কৰি তেওঁলোকে সেই ঠাইত নিজে বাস কৰিবলৈ ধৰিলে। [13] পাছত যিহোৱাই কৈছিল, “এতিয়া তোমালোকে উঠি জেৰদ জুৰি পাৰ হৈ যোৱা।” তেতিয়া আমি জেৰদ জুৰি পাৰ হলোঁ। [14] কাদেচ-বৰ্ণেয়াৰ পৰা জেৰদ জুৰি পাৰ হোৱালৈকে আমি যাত্ৰা কৰা আঠত্ৰিশ বছৰ হ’ল; এই আঠত্রিশ বছৰত আমাৰ ছাউনিত যিসকল যোদ্ধা পুৰুষ আছিল, তেওঁলোক সকলো যিহোৱাৰ শপত অনুসাৰে সেই প্রজন্মৰ সকলো লোক উচ্ছন্ন হ’ল। [15] ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিঃশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল। [16] সেয়ে, সকলো যোদ্ধাৰ মৃত্যু হ’ল আৰু তেওঁলোক লোকসকলৰ মাজৰ পৰা গ’ল। [17] যিহোৱাই মোক কৈছিল, [18] “আজি তোমালোকে মোৱাবৰ সীমায়েদি আৰ নগৰ পাৰ হৈ যাব লাগে। [19] তোমালোকে যেতিয়া অম্মোনৰ লোকসকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়াসকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰসকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।” [20] সেই দেশকো ৰফায়ীয়াসকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়াসকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়াসকলে তেওঁলোকক জুমজুমীয়া বুলিহে কয়। [21] এই জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়াসকলে জুমজুমীয়াসকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে। | | | | [1] এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল। [2] ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে। [3] এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মা ই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।” [4] সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল। | | | | [4] ইয়াৰ পাছত পলেষ্টীয়াসকলৰ লগত গেজৰত যুদ্ধ হ’ল। হূচাতীয়া চিব্বকয়ে চিপ্পয় নামেৰে ৰফাৰ এজন বংশধৰক বধ কৰিলে, আৰু ফিলিষ্টীয়াসকলক বশীভূত কৰিলে। [5] পুনৰায় পলেষ্টীয়াসকলৰ লগত গবত যুদ্ধ হ’ল, যায়ীৰৰ পুত্ৰ ইলহাননে গাতীয়া গলিয়াথৰ ভায়েক লহমীক বধ কৰিলে, তাৰ যাঠী তাতঁশালৰ টোলোঠাৰ সমান আছিল। [6] পুনৰ এবাৰ গাতত যুদ্ধ হ’ল তাত অতি ওখ এজন লোক যাৰ দুয়োখন হাতত আৰু ভৰিত ছটাকৈ আঙুলি আছিল। তেৱোঁ ৰফাৰ এজন বংশধৰ আছিল। [7] তেওঁ যেতিয়া ইস্ৰায়েলৰ সৈন্যক ইতিকিং কৰিলে, তেতিয়া দায়ূদৰ ভায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে। [8] তেওঁলোক গাতৰ ৰফাৰ বংশধৰৰ লোক আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতৰ দ্ৱাৰাই বধ কৰা হ’ল। | | | | [15] তেতিয়া পলেষ্টীয়াসকলৰ লগত ইস্ৰায়েলৰ আকৌ যুদ্ধ লাগিল৷ সেই বাবে দায়ূদে নিজৰ সৈন্যসকলৰ সৈতে নামি গৈ পেলেষ্টীয়া সকলৰ সৈতে যুদ্ধ কৰিলে৷ তাতে দায়ুদ ক্লান্ত হ’ল। [16] এনে সময়ত তিনিশ চেকল জোখৰ পিতলৰ বৰছা ধৰা আৰু নতুন তৰোৱালেৰে সাজু হোৱা যিচবী-বনোব নামেৰে ৰফাৰ এজন সন্তানে দায়ূদক বধ কৰিবলৈ মন কৰিলে। [17] কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে তেওঁক ৰক্ষা কৰি সেই পলেষ্টীয়া জনক আঘাত কৰি তেওঁক বধ কৰিলে। তেতিয়া দায়ূদৰ লোকসকলে তেওঁৰ আগত শপত কৰি ক’লে, “ইস্ৰায়েলৰ প্ৰদীপ নুনুমাবৰ কাৰণে আপুনি আমাৰ লগত আৰু যুদ্ধলৈ নাযাব।” [18] সেই যুদ্ধৰ পাছত আৰু এবাৰ গোবত পলেষ্টীয়াসকলৰ লগত যুদ্ধ হয়৷ সেই সময়ত হূচাতীয়া চিব্বকয়ে চফ নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে। [19] পুনৰাই পলেষ্টীয়াসকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত, যাৰে-ওৰগীমৰ পুত্ৰ বৈৎলেহেমীয়া ইলহাননে গাতীয়া গলিয়াথক বধ কৰিলে যাৰ বৰছাৰটো কুৰা টোলোঠাৰ সমান আছিল। [20] তাৰ পাছত আন এখন যুদ্ধ গাতত হয়৷ সেই যুদ্ধ অতি দীৰ্ঘকায় আৰু প্ৰত্যেক হাতে-ভৰি ছটা ছটা আঙুলি সৰ্বমুঠ চৌবিশটা আঙুলি থকা এজন লোক আছিল৷ তেওঁ ৰফাৰ এজন সন্তান আছিল। [21] যেতিয়া তেওঁ ইস্ৰায়েলক ঠাট্টা-বিদ্ৰূপ কৰিলে, তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাথনে তেওঁক বধ কৰিলে। [22] এই লোকসকল গাতত ৰফাৰ সন্তান সকল আছিল আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ’ল। | |
|