| | কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ। | | | | যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব। | | | | কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। | | | | হে প্ৰিয় সকল, আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷ | | | | ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে। | | | | কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷ | | | | কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব। | | | | কাৰণ মাংসৰ ভাব হ’ল মৃত্যু; কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি, | | | | কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব। | | | | [13] কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে। [14] কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়। | | | | [19] এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, [20] মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, [21] হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। | | | | [3] শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক। [4] ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে। [5] আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়। | | | | [3] কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে। [4] আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে। [5] ঈশ্বৰক নজনা অনা-ইহুদী সকলৰ নিচিনা অবৈধ মাংসিক কামনাৰ বশত চলিব নালাগে। | | | | [27] “তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’। [28] কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে। [29] যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল। [30] যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।” | |
|