এটা বিষয়ৰ ওপৰত বাইবেলৰ পদ

বিষয়
ঈশ্বৰ
ভাল চৰিত্ৰ
বেয়া চৰিত্ৰ
পাপ
জীৱন
গীৰ্জা
ৰহস্য
এঞ্জেলছ এণ্ড ডেমনছ
গণিতৰ চিন
অতিৰিক্ত
পাপ: [চুৰি]
যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।
ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
কাৰো পৰা চুৰ নকৰিবা।
কোনো লোকে যদি ধন বা বস্তু আন লোকৰ হাতত থ’বলৈ দিয়ে, আৰু সেয়ে যদি সেই লোকৰ ঘৰৰ পৰা চুৰি হয়, তেনেহ’লে চোৰ ধৰা পৰিলে, চোৰে তাৰ দুগুণ লাগিব দিব।
কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
[11] তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা। [12] আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা। [13] তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
তেতিয়া চক্কেয়ই প্ৰভুৰ আগত থিয় হৈ ক’লে, “হে প্ৰভু, চাওক মোৰ যি সম্পত্তি আছে, তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ আৰু মিছা অপবাদ দি, কোনো মানুহৰ পৰা যদি কিবা লৈছোঁ, তেনেহলে তাৰ চাৰি গুণ ওভোতাই দিওঁ।”
তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা;
দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া; কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।
প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়।
তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
যাৰ যি পাবলগীয়া, তেওঁ তাক দিয়ক; কৰ দিবলগীয়াক কৰ দিয়ক; মাচুল দিবলগীয়াক মাচুল দিয়ক; ভয় কৰিব লগা জনক ভয় কৰক; সন্মান কৰিবলগীয়া জনক সন্মান কৰক।
কিয়নো “ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আদি কৰি আন কোনো আজ্ঞাও যদি আছে, তেনেহলে এই কথাতে এইবোৰো পোৱা যায়- “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷”
[2] “কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা [3] বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়, [4] সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুনৰ ঘূৰাই দিব লাগিব।
[1] কোনো লোকে যদি গৰু বা মেৰ-ছাগ চুৰ কৰি বধ কৰে অথবা বিক্রী কৰে, তেনেহ’লে তেওঁ এটা গৰুৰ সলনি পাঁচটা গৰু, আৰু এটা মেৰ-ছাগৰ সলনি চাৰিটা মেৰ-ছাগ দিব লাগিব। [2] চোৰে সিন্ধি দিওঁতে যদি ধৰা পৰে, আৰু তেওঁক প্ৰহাৰ কৰোঁতে যদি তেওঁ মৰে, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত কোনো লোকক হত্যাকাৰী বুলি গণিত কৰা নহ’ব। [3] কিন্তু যদি সিন্ধি দিয়াৰ আগতে সূৰ্য উদয় হয়, তেনেহ’লে তেওঁৰ ৰক্তপাতৰ দোষত হত্যাকাৰীজন দোষী হ’ব। চোৰে অৱশ্যে ক্ষতিপূৰণ কৰিবই লাগিব। তেওঁৰ যদি একো নাথাকে, তেনেহ’লে চোৰি কাৰ্যৰ বাবে তেওঁ নিজে বেচা যাব। [4] চোৰে চুৰ কৰা গৰু, গাধ, বা মেৰ-ছাগ, যদি তেওঁৰ হাতত জীয়াই থকা পোৱা যায়, তেনেহ’লে তেওঁ তাৰ পৰিৱৰ্তে দুগুণ দিব লাগিব।
Assamese Bible 2019
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd