विषय परमेश्वर आशीर्वाद आप जिस स्थिति में हैं वैसे ही आ जाएं आज्ञाओं अभिशाप वित्तीय आशीर्वाद मुक्त इच्छा भगवान की कृपा ईश्वर का प्यार भगवान की मर्जी भगवान (समय) में तुम्हे कभी नहीं छोड़ूंगा चमत्कार भगवान के नाम भगवान को अर्पण योजनाओं पाप से बचाया जा रहा है ट्रिनिटी समय बिना शर्त प्रेम विषाणु / रोग कौन ईश्वर है अच्छा चरित्र स्वीकार परहेज़ जवाबदेही साहस देखभाल स्वच्छता प्रतिबद्धता आत्मविश्वास संतोष साहस / बहादुर दया अनुशासन आस्था आभारी सत्कार विनम्र / विनम्रता ईमानदार आदर अखंडता दयालुता प्रेम शील दया धीरज पवित्रीकरण आत्म - संयम विश्वास बुरा चरित्र गुस्सा विश्वासघात धमकाना अप्रसन्नता उपालंभ देना संघर्ष डर मूढ़ पाखंडी ईर्ष्या द्वेष अनुमान आलसी गौरव बदला / प्रतिशोध घमंड हिंसा पाप गर्भपात लत व्यभिचार स्वधर्मत्याग अपशब्द तलाक डाह व्यभिचार लोलुपता गपशप लालच नफरत हवस झूठ बोलना हस्तमैथुन टालमटोल चोरी होना जिंदगी बुढ़ापा जानवरों बच्चे को गोद लेना जन्मदिन सुंदरता अकेला होना डेटिंग लोग मौत डिप्रेशन निराशा प्रभेद व्यायाम करना आचार विचार उपवास प्यार ढूंढना ध्यान केंद्रित परिवार खाना अपराध स्वास्थ्य ख़ुशी नरक बांझपन नौकरी खोना नुकसान मानसिक बीमारी संगीत शादी ईश्वर को पहले रखना दर्द पेरेंटिंग संघर्ष लिंग परीक्षण प्रलोभन पुरुषों के लिए छंद महिलाओं के लिए छंद युद्ध धन विधवाओं चर्च चर्च में भाग ले रहे हैं यीशु का जन्म चर्च उत्पीड़न उपयाजकों झूठे शिक्षक स्वर्ग जा रहे हैं पवित्र आत्मा बाइबल में मसीहा पादरियों ईश्वर की स्तुति करना यीशु से दृष्टांत पेंटेकोस्ट भाषाओं में बोलना Tithing पूजा महिलाएं रोल्स रहस्य एलियंस कैंसर भाग्य डायनासोर ड्रेगन सपने सपाट या गोल पृथ्वी बाइबिल में दिग्गज पिछले दिनों का भविष्य यूनिकॉर्न्स स्वर्गदूत और राक्षस आर्च देवदूत एन्जिल्स शैतान शैतान संरक्षक एन्जिल्स लूसिफ़ेर जादूगर / जादू मठ के संकेत नंबर 3 नंबर 5 नंबर 7 नंबर 8 नंबर 10 अतिरिक्त शराब प्रचुरता नफरत टूटा हुआ दिल नरभक्षण का मौत की सजा ड्रग्स बुराई भावनाएँ हैलोवीन गरीब की मदद करना गर्भपात पुलिस पियर्सिंग / झुमके बहुविवाह Revivial उदासी विज्ञान आत्म रक्षा गुलामी आत्महत्या प्रतिभा टैटू काम पाप: [व्यभिचार] ১ কৰি 5:1আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।১ কৰি 6:13“পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;১ কৰি 7:2কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।১ কৰি 10:13যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।১ যোহন 1:9 কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।কলচীয়া 3:5এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷ইফিচীয়া 5:3আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;ইব্ৰী 13:4সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।বিচাৰ 1:7তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।মথি 5:32কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।মথি 19:9সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”প্ৰকাশিত বাক্য 21:8কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”ৰোমীয়া 12:1-2[1] এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা। [2] আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ যোহন 8:41-42[41] আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।” [42] যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে। যাত্ৰা 22:16-17[16] কোনো লোকে যদি তেওঁলৈ বাগ্দান নকৰা কুমাৰী যুৱতীৰ সৈতে শয়ন কৰে, তেনেহ’লে ইয়াৰ বাবে তেওঁ অৱশ্যেই যুৱতী গৰাকীৰ গা ধন দি তেওঁক নিজৰ ভাৰ্যা কৰি ল’ব লাগিব। [17] যদি যুৱতী গৰাকীৰ পিতৃয়ে সেই লোকজনলৈ বিয়া দিবলৈ অসন্মত হয়, তেনেহ’লে তেওঁ যুৱতী গৰাকীৰ কুমাৰীত্বৰ গা-ধন অনুসাৰে ধন দিব লাগিব। ১ থিচলনীকীয়া 4:3-4[3] কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে, আপোনালোক যেন পবিত্ৰ হয় অর্থাৎ সকলো ধৰণৰ ব্যভিচাৰৰ পৰা যেন দূৰৈত থাকে। [4] আপোনালোক প্রত্যেকে নিজৰ নিজৰ ভার্যাৰ লগত কেনেদৰে পবিত্রতাৰে আৰু সন্মানজনক ভাৱে সহবাস কৰিব লাগে, সেই বিষয়ে জানে। ১ কৰি 6:9-20[9] যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়, [10] যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব। [11] আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল। [12] “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম। [13] “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে; [14] ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব। [15] আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক। [16] যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”। [17] কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়। [18] ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে। [19] আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়। [20] কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক। গালাতীয়া 5:19-21[19] এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, [20] মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা, [21] হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। মাৰ্ক 7:20-23[20] তেওঁ পুনৰ ক’লে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে। [21] কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ, [22] পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়। [23] এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।” Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions